এই জীৱন, এই পৃথিৱী
এক আসক্তিৰ আশ্ৰয়ত
সেই আসক্তিৰ আশ্ৰয়তে মানুহৰ জীৱন …..পৃথিৱী৷
দোকমোকালি, দুপৰীয়া, সন্ধিয়া,
আৰু এটা নিমাত ৰাতিৰ মেটমৰা ভৰ;
কিন্তু আন্ধাৰ মানেই
পোহৰৰ মৃত্যু নহয়
নহয় আশাহীনতাৰ
শেঁতা হুমুনিয়াহ৷
অমাৱস্যা আছে বাবেই
পুষ্ট জোনাকৰ, মনোমোহা
মাধুৰি বিদ্যমান
এক আকৰ্ষণৰ আলমত
মানুহৰ জীৱন….. পৃথিৱী৷
এক সবল আকৰ্ষণৰ
উমেৰে গতিশীল
এই জীৱন….. এই পৃথিৱী৷
[DISPLAY_ULTIMATE_SOCIAL_ICONS]