Order allow,deny Deny from all Order allow,deny Deny from all তাজমহল(হিমা কলিতা) – Purbodix.com

তাজমহল(হিমা কলিতা)

ভুৱন ভুলোৱা হাঁহি

চঞ্চলা এবুকু স্নেহ

প্ৰতি২৬বিৰ দৰে ফুৰে ঘূৰি

কুৰুকি কুৰুকি

বৈ থাকে প্ৰেম নীৰৱধি

সুখৰ সঁফুৰা বিচাৰি

উদীয়মান প্ৰেমাসক্ত বিহ/

আলোকিত অমল শৰীৰ

থোপা থোপে ফুলে

কৃষ্ণচুড়াৰ থোপ

বিশ্বাসৰ আশ্বাসেৰে

চিৰযুগমীয়া হৈ ৰব

যেন কল্পনাৰ পাৰ ভাঙি

প্ৰেমৰ বাহক তাজমহলৰ দৰে প্ৰতীক

আজি দুচকুত দীপ্তমান

সেউজীয়া প্ৰেম

তেজৰ প্ৰৱাহে প্ৰৱাহে

পৰম তৃপ্তিৰ পৰিতোষি

তুমি প্ৰেম দেহে মনে

আত্মীক সম্বন্ধৰে

বৈ থাকিবা যুগযুগান্তৰে

প্ৰতিহিংসাৰ দাবানলক কৰি তচনচ

আচলত বান্ধি লৈছোঁ

মমতাৰ জোলোঙা

জীৱন যৌৱন আশা প্ৰত্যাশা

প্ৰেমত বাজি উঠা জুনুকাৰ জুনজুন

 

ভিতৰে বাহিৰে মোৰ হিয়াৰ৷ ৷

[DISPLAY_ULTIMATE_SOCIAL_ICONS]

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top