পালেং পুৰী(লখিমা মহন্ত)

মৈদা ১ কাপ,
পালেঙৰ ৰস ১ বাতি
ৰিফাইন ১ চামুচ
নিমখ আনদাজমতে
মৈদাৰ সৈতে ওপৰত দিয়া সকলোখিনি বস্তু মিহলাই লৈ ভালকৈ মঠি ল’ব লাগে৷
তাৰ পিছত কেৰাহীত ৰিফাইন গৰম কৰি এখন এখন কৈ দি ৰঙচুৱা হোৱাকৈ ভাজিব লাগে৷
গৰমে গৰমে খালে খুব ভাল লাগে৷
আৰু ঠাণ্ডা হ’লেও তাৰ সোৱাদ কমি নাযায়৷
পালেঙৰ ৰসেৰে আলু, দৈৰ
তৰকাৰী
আলু ৩-৪টা
দৈ একবাতি
জিৰা
ধনীয়া গুৰি
হালধি গুৰি
ৰেদ চিলি পাউদাৰ
কেঁচা জলকীয়া ২য৩ টা
প্ৰথম আলুকেইটা ভালকৈ সিজাই ল’ব৷
অলপ ঠাণ্ডা কৰি আলু কেইটাৰ বাকলি গুচাই ল’ব৷ তাৰ পিছত আলুখিনি ধুনীয়া কৈ টুকুৰা টুকুৰ কৰি ল’ব লাগে৷
এতিয়া দৈ বাতি ১ লগত আধা চামুচ জিৰাগুৰি, আধা চামুচ ধনীয়াগুৰি, আধা চামুচ ৰেদচিলি পাউদাৰ, নিমখ আধা চামুচ, চেনি অকণমান আন্দাজমতে লৈ ভালকৈ ফেটিব৷ ১৫-/২০ মিনিট সময় ফেটি থোৱা সংমিশ্ৰণটো তেনেকৈ ৰাখিব লাগে৷
তাৰপিছত এখন কেৰাহীত মিঠাতেল গৰম কৰি তাত জিৰা, কটা পিয়াঁজ ৰটা, কেঁচা জলকীয়া ২টা দি ভাজি লৈ, ফেটিথোৱা দৈ ১ সংমিশ্ৰণটো গৰম কৰা তেলত দি ৫ মিনিট সময় ভালকৈ লৰাই থকাৰ পিছত সিজাই কাটি ৰখা আলুখিনি দি দিব৷
পুনৰ ভালকৈ ৫ মিনিট লৰাই উতলাব লাগে৷
অকণমান ঠাণ্ডা হ’লে পালেং পুৰীৰ লগত খাব৷
বৰ সুন্দৰ জুতি লাগে৷ স্বাস্থ্যৰ বাবেও উপকাৰী হয়৷
[DISPLAY_ULTIMATE_SOCIAL_ICONS]