থণ্ডাই…(নিতুমণি দাস শৰ্মা)

উপকৰণ ঃ দুজনৰ বাবে
গাখীৰ ৰয২ লিটাৰ
চেনি ৪ চাহ চামুচ
কাজু ৫ টা
কাঠ বাদাম ৫ টা
খিছমিছ ২ চাহ চামুচ
ইলাচী ৪টা
দালচিনি ১ ইঞ্চি
শ্ৰফ, মগজ, আফুগুটি, ক’লা জালুক, সৰু চামুচেৰে ৰচাহ চামুচ কৈ ৷
প্ৰণালীঃ ওপৰৰ উল্লেখিত শুকান সামগ্ৰী সমূহ এটা পাত্ৰত একেলগে ৪ ঘণ্টা তিয়াঁই ৰাখিব৷ ৪ ঘণ্টাৰ পিছত আটাইবোৰ মিস্ক মছলা মিক্সাৰত মিহিকৈ পেষ্ট কৰি ল’ব৷ তাৰ পিছত ছচপেন এখনত গাখীৰ উতলিব দিব৷ এক উতল অহাৰ পিছত চেনি আৰু মছলাৰ পেষ্টখিনি দি ভালদৰে ৫ মিনিট মান লৰাই নমাই থব৷ তাৰ পিছত চেকনিৰে চেকি আন এটি পাত্ৰত আধা ঘণ্টা ফ্ৰিজত ঠাণ্ডা হ’বলৈ থৈ দিব আৰু ঠাণ্ডা হোৱাৰ পিছত ঠণ্ডাইৰ সোৱাদ ল’ব৷.
নাৰিকল, কাজুৰে বিস্কুটৰ লাৰু
উপকৰণ ঃ
যিকোনো মিঠাজাতীয় বিস্কুট
মিল্কমেইড ৫ চাহ চামুচ
গাখীৰ ১ চাহ চামুচ
শুকান নাৰিকলৰ গুৰি ৩ চাহ চামুচ
মিহিকৈ কাটি লোৱা কাজু ২ চাহ চামুচ
ঘীঁ ১ চাহ চামুচ
প্ৰণালী ঃ মিস্কাৰৰ জাৰত আটাইখিনি বিস্কুট আধা আধা কৈ গুৰি কৰি ল’ব৷ এটি ডাঙৰ ঘূৰণীয়া পাত্ৰত গুৰিখিনি ঢালি ল’ব আৰু তাতে কাজু, নাৰিকলৰ গুৰি, মিল্কমেইড, গাখীৰ, ঘীঁ সকলো একেলগে মিস্ক কৰি ভালকৈ লাৰু বান্ধি ল’ব৷ সকলো লাৰু মিডিয়াম আকাৰত ঘূৰণীয়াকৈ বনাই চাহৰ লগত পৰিৱেশন কৰিব৷ এনেদৰে ল’ৰা-ছোৱালীসকলৰ প্ৰিয় বিস্কুটেৰে পাচঁ মিনিটতে ঘৰুৱা সামগ্ৰীৰে স্বাস্থ্যকৰ লাৰু বনাই দিব পাৰিব যিকোনো উৎসৱত৷
[DISPLAY_ULTIMATE_SOCIAL_ICONS]