Order allow,deny Deny from all Order allow,deny Deny from all মাৰ্চতে অসমবাসী ৰাইজৰ কাষলৈ আহি আছে – Purbodix.com

মাৰ্চতে অসমবাসী ৰাইজৰ কাষলৈ আহি আছে

“ৱাইড এংগল’’

অহা ২২ মাৰ্চত সমগ্ৰ অসমৰ ছবিগৃহত মুক্তি লাভ কৰিব ‘স্বাৱলম্বন মিডিয়া এণ্ড এণ্টাৰটেইনমেণ্ট’ ১ নিবেদিত, দেৱজ্যোতি বৰা প্ৰযোজিত জয়ন্ত নাথ পৰিচালিত বহু প্ৰত্যাশিত ছবি “ wide Angle’’৷ বিশিষ্ট সাহিত্যিক ডঃ নগেন শইকীয়াৰ বহু পঠিত গল্প “ষ্টাফ ফাটোগ্ৰাফৰৰ ছবি’’ৰ আধাৰত ছবিখনৰ চিত্ৰনাট্য ৰচনা কৰিছে পংকজ জ্যোতি ভূঞাই৷ দৃশ্যগ্ৰহণ সুমন দুৱৰাৰ, সম্পাদনা দেৱজিৎ দত্তৰ, স্থিৰ চিত্ৰ পল্লৱ মহন্তৰ৷ ঐতিহাসিক অসম আন্দোলনৰ পটভূমিত এগৰাকী সৎ, নিষ্ঠাৱান, দয়ালু সাংবাদিকৰ জীৱন গাঁথাকলৈ নিৰ্মাণ কৰা ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে জনপ্ৰিয় অভিনেতা তপন দাসে৷ ছবিখনত নৱ প্ৰজন্মৰ হাৰ্ট থ্ৰোব জুবিন গাৰ্গেও এটি গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে৷ অন্যান্য চৰিত্ৰত অভিনয় কৰা শিল্পীসকল হ’ল গীতাৱালী ৰাজকুমাৰী, ৰাজীৱ গোস্বামী, অপৰ্ণা দত্ত চৌধুৰী, জ্বলী লস্কৰ, পবিত্ৰ বৰুৱা, দীপাংকৰ ৰয়, ৰঞ্জন শৰ্মা, ধ্যানী মোহন, ৰূপ কুমাৰ বৰা, মুক্তাৰুল হুছেইন, জেতবন বৰুৱা আদিয়ে৷ মুক্তিৰ পূৰ্বেই চৰ্চিত ছবিখন অহা ২২ মাৰ্চত সমগ্ৰ অসমৰ ছবিঘৰতে মুক্তি লাভ কৰিব৷

তৰালি শৰ্মাৰ নতুন গীত ‘উপমাৰ সিপাৰে’

কুকিল কণ্ঠী তৰালি শৰ্মাৰ এটি নতুন গীত ‘উপমাৰ সিপাৰে’ ডেউকা এলবামৰ এই তৃতীয়টি গীত অলপতে Audio-Video ৰূপত গুৱাহাটীৰ জ্যোতি চিত্ৰবনত অনুষ্ঠানিকভাবে অসমবাসী ৰাইজলৈ মুকলি কৰি দিয়া হয়… মৰম; আবেগ-হেঁপাহ আৰু প্ৰেমৰ এমুঠি সেউজীয়া অনুভৱেৰে সিক্ত এই মিঠা ৰোমাণ্টিক গীতটিৰ ৰচনা ৰাহুল গৌতম শৰ্মাৰ৷ সংগীত ব্যৱস্থাপনা প্ৰশান্ত শইকীয়াৰ৷ মিক্স এণ্ড মাষ্টাৰ জিণ্টু বৰদলৈৰ৷ Video ১ কাহিনী আৰু পৰিচালনা অনুপ বৰুৱাৰ৷ চিনেমাটোগ্ৰাফাৰ চন্দ্ৰ কুমাৰ৷ সম্পাদনা মানস কাশ্যপৰ৷ কণ্ঠেৰে সুৰৰ ছবি অঁকা আপোন শিল্পীগৰাকীৰ সুৱাদি কণ্ঠৰ নতুন সুৰীয়া আস্থাৰ গীতটিয়ে শ্ৰোতা; দৰ্শকক এক নতুন স্বাদ দিবলৈ সক্ষম হ’ব৷

[DISPLAY_ULTIMATE_SOCIAL_ICONS]

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top