Order allow,deny Deny from all Order allow,deny Deny from all সম্পাদকীয় – Purbodix.com

সম্পাদকীয়

অসমীয়া সাহিত্যৰ মান–অসমীয়া সাহিত্যৰ প্ৰচাৰ৷

আধুনিক অসমীয়া সাহিত্যৰ ভেঁটী হয়তো বহুতে কোৱাৰ দৰে মিশ্যনেৰীসকল অহাৰ পাছতহে হৈছিল৷ সেইয়া আছিল ১৮২৬ ১ পৰা প্ৰায় ১৮৭০ চন মানৰ কথা৷

তাৰ পাছত ১৮৭০ ১ পৰা ১৮৯০ চনলৈকে হেমচন্দ্ৰ বৰুৱা আৰু গুনাভিৰাম বৰুৱাই আধুনিক অসমীয়া সাহিত্যলৈ তেখেতসকলৰ সৃষ্টিৰাজি আগবঢ়াইছিল৷

ইয়াৰ পাছতেই অৰ্থাৎ ১৮৯০ ১ পৰা ১৯৪০ চন মানলৈ অসমীয়া সাহিত্যৰ ৰোমাণ্টিক যুগ– লক্ষ্মীনাথ বেজবৰুৱাৰ যুগ বুল ক’ব পাৰি৷

সেই চৰ্যাপদৰ সৃষ্টিৰ পৰা অৰুণোদয়ৰ যুগলৈ জোনাকী, বাঁহীৰ পৰা বৰ্তমানৰ সাতসৰী, প্ৰান্তিকলৈ ভক্তিমূলক, দেশপ্ৰেমমূলক, ৰোমাণ্টিক আদি বিভিন্ন ধৰণৰ সাহিত্য চৰ্চা অসমীয়া ভাষাত নিৰৱচিন্নভাৱে হৈ আহিছে৷

২০০১ চনৰ লোকপিয়ল মতে অসমত অসমীয়া কোৱা লোকৰ সংখ্যা ৰ,৩০,ৰৰ,০০০ জন৷ ২০১১ চনৰ লোকপিয়লয়ত কিন্তু অসমীয়া ভাষী লোকৰ সংখ্যা প্ৰায় ৪০ণ হ্ৰাস পাইছে৷

সমসাময়িকভাৱে অসমীয়া সাহিত্যৰ সৈতে আগবাঢ়ি গৈছে ভাৰতবৰ্ষৰ আন আন ভাষাৰ সাহিত্যও৷ উৰিয়া, বঙালী, তামিল, তেলেগু, পাঞ্জাবী ইত্যাদি বিভিন্ন ভাষাৰ সাহিত্যই ইতিমধ্যে বিদেশত নাম-সুনাম কঢ়িয়াবলৈ সক্ষম হৈছে৷ পৃথিৱীৰ বিভিন্ন ভাষালৈ অনুদিত হৈছে এই ভাষাসমূহৰ গ্ৰন্থ জনপ্ৰিয় হৈছে, সমাদৃত হৈছে, এই ভাষাসমূহৰ লিখক আৰু তেওঁলোকৰ সৃষ্টি৷

কিন্তু অনুভৱ হয় ইণ্টাৰনেটৰ ইমান বহুল প্ৰচলন আৰু সুবিধাৰ পাছতো অসমীয়া সাহিত্য আন ভাষাৰ সাহিত্যৰ প্ৰচাৰ আৰু প্ৰসাৰৰ দৰে সমানে আগবাঢ়িব পৰা নাই৷ আমাৰ সাহিত্যিকসকলে ইয়াৰ কাৰণ বিশ্লেষণ কৰা উচিত৷ এই মুহূৰ্তত মোৰ মনত পৰি যোৱাকৈ অসমীয়া সাহিত্যৰ বাবে কোনো আন্তঃৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত সাহিত্য সৃষ্টি মই মনত পেলাব পৰা নাই৷

অসমীয়া সাহিত্যৰ এই বিশ্বমুখী অনগ্ৰসৰতাৰ অন্যতম কাৰক হৈছে আমাৰ সাহিত্যিকৰ সৃষ্টিসমূহ অন্য ভাষালৈ অনুবাদ নোহোৱাটো৷ এনে লাগে যেন অনুবাদ সাহিত্যিক অসমীয়াৰ মাহী আইৰ চকুৰে চোৱা হয়৷ আজিলৈকে কেইজন মহান অসমীয়া সাহিত্যিকৰ সৃষ্টিৰাজী বিশ্বৰ অন্য ভাষালৈ অনুদিত হৈছে আমি নাজানো– হয়তো তেনেই নগণ্য৷

শেষত পুনৰ দোহাৰিম যে অসমীয়া সাহিত্যৰ মান যদি দেশ-বিদেশত প্ৰচাৰ কৰিবলৈ হয় তেনেহ’লে অনুবাদ সাহিত্যৰ বাহিৰে আন বিকল্প নাই৷

অসমৰ সমূহ সাহিত্য সংগঠন,  প্ৰকাশক আৰু লেখকসকলক এই বিষয়ে পুনৰবাৰ ভাবি চাবলৈ অনুৰোধ জনালোঁ– কাৰণ আমাৰ সাহিত্যিকসকলৰ সৃষ্টিৰাজি বিশ্বমানৰ– লক্ষ্মীনাথৰ পৰা মামণি বাইদেউলৈকে– এটি এটি নক্ষত্ৰত পোহৰে পোহৰাই তোলা অসমীয়া সাহিত্যৰ ভড়াল৷

চিৰ চেনেহী মোৰ ভাষা জননী

[DISPLAY_ULTIMATE_SOCIAL_ICONS]

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top