CHILDREN PAGE – Purbodix.com

CHILDREN PAGE

মাক আৰু জীয়ৰীৰ সম্পৰ্ক (শেৱালি শৰ্মা বৰকটকী)

মাক আৰু জীয়ৰীৰ সম্পৰ্ক (শেৱালি শৰ্মা বৰকটকী)

CHILDREN PAGE
পৃথিৱীৰ মধুৰ আৰু শ্ৰেষ্ঠতম..... শব্দটোৱেই হৈছে “মা” ৷ এই মিঠা আৰু অতি শুৱলা শব্দটোৱে আমাৰ তেজৰ ৰন্ধে ৰন্ধে প্ৰবাহিত এটি মিঠা অনুভৱৰ ঝংকাৰ তোলে৷ মা সৃষ্টিৰ আধাৰ ৷ ন মাহ দহ দিন গৰ্ভত ধাৰণ কৰি প্ৰসৱ যান্ত্ৰণাকো তুচ্ছজ্ঞান কৰি সন্তানক পৃথিৱীৰ লগত চিনাকি কৰি দিয়া “ মা ” গৰাকী সদায়ে অনন্য ৷ “ কোনে মোক তুলি টালি কৰিলে ডাঙৰ , মোৰ বাবে যাৰ নাই চিন ভাগৰৰ ৷” সচাঁকৈয়ে সন্তানটি গৰ্ভত ধাৰণ কৰাৰে পৰা মাতৃ গৰাকীৰ কষ্টৰ সীমা নাথাকে, তথাপিও তেওঁ কেতিয়াও দুখ ভাগৰৰ কথা নাভাৱে৷ সাধাৰণতে সন্তান এটি মাতৃৰ গৰ্ভত স্থিতি লোৱাৰে পৰাই মাতৃ গৰাকী সচেতন হোৱাৰ প্ৰয়োজন৷ কাৰণ মাতৃ গৰ্ভত স্থিতি লোৱা সন্তানে মাতৃৰ দোষ-গুণ আহৰণ কৰে ৷ মাকে কৰা প্ৰতিটো কাম , চিন্তা , দোষ গুণৰ প্ৰভাৱ সন্তানৰ ওপৰত পৰে ৷ ডাঙৰ হৈ অহাৰ লগে লগেই এই দোষ-¸গুণ ৰাজি বিকাশ হবলৈ ধৰে৷ সেই কাৰণেই গৰ্ভাৱস্থাত মাতৃ গৰাকীয়ে অতি সাৱধানে চলাফুৰা, খোৱাবোৱা কৰ...
মই কেনেকৈ মোৰ সন্তানক সিদ্ধান্ত লবলৈ শিকাইছিলো (ৰীতা চৌধুৰী)

মই কেনেকৈ মোৰ সন্তানক সিদ্ধান্ত লবলৈ শিকাইছিলো (ৰীতা চৌধুৰী)

CHILDREN PAGE
মই বিচাৰিছিলোঁ মোৰ ল’ৰা ছোৱালী দুজনে প্ৰশ্ন কৰিবলৈ শিকক। দোমোজাত থিয় হৈ আনৰ মুখলৈ চাই থকাতকৈ নিজেই সিদ্ধান্ত ল’বলৈ শিকক। সন্তানক ডাঙৰ কৰোতে নাজানি অনেক ভুলো কৰিছোঁ। কামবোৰ সৰু সৰু। মই মাহত এবাৰ ডিপাৰ্টমেণ্টেল ষ্টোৰ এখনলৈ ঘৰৰ বাবে মাহটোৰ বজাৰ কৰিবলৈ যাওঁ। প্ৰয়োজনীয় বস্তুবোৰ কিনা হোৱাৰ পিচত বিস্কুটৰ চেকছনলৈ যাওঁ। তেওঁলোকক কওঁ – কি কি বিস্কুট লাগে লৈ লোৱা। তেওঁলোক সৰু সৰু, বৰ ভাল পায়। মন দি চাই চাই ভালপোৱা বিস্কুট কেই পেকেটমান কিনো সৰু ল’ৰা-ছোৱালীৰ টুথব্ৰাছ আদি প্ৰয়োজন হ’লে ল’বলৈ দিওঁ। তেওঁলোকে ভাবি চিন্তি ভালপোৱা ৰঙৰ বস্তুবোৰ বিচাৰি লয়।এইটো কৰিলে এইটো দিম বুলি কেতিয়াও প্ৰতিশ্ৰুতি নিদিও। তেওঁলোকে যদি কয় এই কামটো এই বস্তুটো দিলেহে কৰিম মই নিৰ্বাকাৰভাৱে কৈ দিওঁ কৰিব নালাগে। কোনো দাবীৰ বিপৰীতে একোৱেই কেতিয়াও নিদিও। ঘৰৰ বাবে যদি কিবা কাম কৰোঁ, ক’ৰবলৈ যদি ফুৰিবলৈ যোৱাৰ কথ...