EDITORIAL – Purbodix.com

EDITORIAL

সম্পাদকীয়

EDITORIAL
শিল্প বা যিকোনো কলা (ARথ্ব) জীয়াই থাকে সৰ্বসাধাৰণ ৰাইজৰ দৈনন্দিন জীৱনৰ কৰ্মৰাজিৰ মাজত৷ আমি যি পিন্ধো, আমি যি খাওঁ, আমি ঘৰখন কিদৰে সজাও, আমি যি লিখো-পঢ়ো, যি নৃত্য-গীত উপভোগ কৰো এই সকলোতে প্ৰতিফলিত হয় আমাৰ শিল্প-সংস্কৃতি৷ যেতিয়া শিল্পৰ কোনো এটা বিষয় কোনোবাই সাধনা কৰে আৰু প্ৰদৰ্শন কৰে তেনে ব্যক্তিকে আমি শিল্পীৰ মৰ্যাদা দিওঁ- শিল্পী বুলি কওঁ৷ এই শিল্পী আৰু ৰাজনীতিকৰ সম্পৰ্ক বহু যুগৰ৷ ৰাজনীতিক আৰু শিল্পী- সমাজৰ দুয়ো অতি প্ৰয়োজনীয় চালিকাশক্তি৷ ভাৰতবৰ্ষৰ অধিকাংশ ৰাজ্যতে কিছুদিন আগলৈকে শিল্পীসকল প্ৰত্যক্ষভাৱে ৰাজনীতিৰ সৈতে জড়িত হোৱা নাছিল৷ দুই-এজন ব্যতিক্ৰমী শিল্পীৰ বাদে৷ অৱশ্যে দক্ষিণ ভাৰতৰ ৰাজনীতিত বহু আগৰে পৰা শিল্পীৰ প্ৰৱেশ আৰু আধিপত্য দেখা যায়৷ কিন্তু এতিয়া সমগ্ৰ ভাৰতবৰ্ষতে ৰাজনীতিৰ পথাৰত শিল্পীসকলৰ খদমদম লগোৱা দেখা গৈছে৷ এই ঢৌ সম্প্ৰতি অসমৰ ৰাজনীতিটো দেখা গৈছে৷ বিভিন্ন ৰাজনৈতিক দলে শিল্পী...

সম্পাদকীয়

EDITORIAL
অসমীয়া কাব্য সাহিত্য জগতৰ পুৰধা ঋষিতুল্য শ্ৰদ্ধাৰ নীলমণি ফুকন দেৱৰ মৃত্যু অসমীয়া বৌদ্ধিক জগতৰ বাবেই এক অপুৰণীয় ক্ষতি৷ তেখেতৰ আত্মাৰ সদ্‌গতিৰ অৰ্থে আমি পূৰ্বদিশ আলোচনীৰ সমূহ কৰ্মকৰ্তাই গভীৰ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰিলোঁ৷ মানব ইতিহাসৰ পাট লুটিয়ালে দেখা যায় যে প্ৰতিভাবান প্ৰায় সকলো ব্যক্তি জীৱনৰ কোনো নহয় কোনো গুণৰ সমাজ বা ব্যক্তিৰ দ্বাৰা অপদস্ত বা মানসিক বা যিকোনো প্ৰকাৰৰ হাৰাশাস্তিৰ সন্মুখীন হৈ আহিছে৷ যেতিয়াই কোনো এজন চূড়ান্ত প্ৰতিভাধৰ ব্যক্তিয়ে সমাজত নিজৰ সৃষ্টিশীলতা প্ৰদৰ্শন কৰে, নিজৰ আৱিস্কাৰ নিজৰ মতবাদ প্ৰকাশ কৰে তেতিয়াই এচাম এনে মানুহৰ আবিৰ্ভাব হয় যি চাম মানুহে কেতিয়াও সেই প্ৰতিভাক স্বীকৃতি দিব নোখোজে৷ এনে মানুহচাম অতীততো আছিল বৰ্তমানতো আছে আৰু ভৱিষ্যতলৈও থাকিব৷ প্ৰসিদ্ধ দাৰ্শনিক চক্ৰেটিছৰ পৰা আমাৰ তেনেই আপোন মহাপুৰুষ শংকৰদেৱেও এনে এচাম মানুহৰ শত্ৰুতাৰ পৰা হাত সাৰি যাব পৰা নাছিল৷ স্বনামধ...

সম্পাদকীয়

EDITORIAL
চাওঁতে চাওঁতে চকুৰ পলকতেই বছৰটো বাগৰি গ’ল৷ সকলোৰে ব্যক্তিগত, সামাজিক আৰু ৰাজনৈতিক জীৱনৰ উত্থান-পতন আৰু বহুতো ঘটনা-পৰিঘটনাৰ মেটমৰা বোজা লৈ বিদায়মুখৰ ২০২২ আৰু বহুতো অনাগত সম্ভাৱনাৰে পৰিপূৰ্ণ হৈ আমাৰ মাজলৈ আহিব ২০২৩৷ পুৰণিক বিদায় দি নতুনক আদৰি লোৱা মানৱ জাতিৰ এক পৰম্পৰা৷ বিগত সময়ছোৱাত অসমক আটাইতকৈ ক্ষতিগ্ৰস্ত কৰি যোৱা কাৰণটো আছিল বানপানী৷ ভয়ংকৰ বানপানীয়ে গাঁৱে-ভূঞে সৰ্বত্ৰ জলমগ্ন কৰি অসমৰ জনসাধাৰণৰ জীৱনত এক সৰ্বাত্মক ক্ষতিসাধন কৰি থৈ যায়৷ জনা গৈছিল এই বানপানীৰ মুখ্য কাৰণ আছিল আবতৰীয়া প্ৰৱল বৰষুণ৷ এই বানপানীৰ আগছোৱাত অসমৰ জনজীৱনক প্ৰায় দুবছৰলৈ ভয়ংকৰ কৰোনাই স্তব্ধ কৰি ৰাখিছিল৷ মৃত্যুৰ বিভীষিকাই প্ৰতিদিনে নিদ্ৰাহৰণ কৰিছিল আমাৰ৷ অৰ্থনৈতিকভাৱে আমি বিধবংস হৈ পৰিছিলোঁ৷ সমাজত চুৰি-ডকাইত আৰু আত্মহত্যাৰ দৰে ঘটনা প্ৰতিদিন ভয়ানক হাৰত বৃদ্ধি হ’ব ধৰিছিল৷ ছাত্ৰ-ছাত্ৰীৰ অধ্যয়ন আৰু স্কুল-কলেজীয়া জীৱনো স্তদ্...

সম্পাদকীয়

EDITORIAL
এতিয়া কিতাপৰ দিন৷ শৰতে পাৰি দিয়া দলিচাৰে লাহে         লাহে সোমাই আহে শীত, কুঁৱলী আৰু গ্ৰন্থৰ সুবাস৷ এৰা/ এই কেইদিনেইতো গ্ৰন্থপ্ৰেমীৰ একান্ত নিজৰ দিন৷ নিজৰ প্ৰিয় গ্ৰন্থ বিচৰা, লিখকৰ সৈতে পৰিচয় হোৱাৰ সুযোগ৷ বছৰটোৰ এই কেইটা দিনতে পোৱা যায় বিভিন্ন গ্ৰন্থমেলাত৷ সেয়েহে সকলো গ্ৰন্থপ্ৰেমীয়ে বহু হেঁপাহেৰে প্ৰতীক্ষা কৰে শীতৰ আগমনলৈ৷ কেৱল অসমতেই নহয় সমগ্ৰ পৃথিৱীতে শীতৰ দিনতেই প্ৰধানতঃ গ্ৰন্থমেলা অনুষ্ঠিত হয়৷ ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্য, যেনে- পশ্চিমবঙ্গ, কেৰেলা, দিল্লী, চুবুৰীয়া বাংলাদেশৰ পৰা জাৰ্মানলৈ বিশ্বৰ সকলো প্ৰান্ততে অনুষ্ঠিত হয় গ্ৰন্থমেলা৷ তলৰ তালিকাখন চাওক- পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ বিখ্যাত গ্ৰন্থমেলা সমূহৰ নাম আৰু স্থান– জেৰুজালেম ইণ্টাৰনেচনেল বুকফেয়াৰ, নিউ দিল্লী ৱল্ডৰ্ বুকফেয়াৰ, টাইপেই ইণ্টাৰনেচনেল, নেইপজিং বুকফেয়াৰ, চালোন দঁু লুভৰ (পেৰিচ), আলেক্টজেন্দ্ৰিয়া...

সম্পাদকীয় (ৰবচন বৰুৱা)

EDITORIAL
শিল্প বা যিকোনো কলা (Art) জীয়াই থাকে        সৰ্বসাধাৰণ ৰাইজৰ দৈনন্দিন জীৱনৰ কৰ্মৰাজিৰ মাজত৷ আমি যি পিন্ধো, আমি যি খাওঁ, আমি ঘৰখন কিদৰে সজাও, আমি যি লিখো-পঢ়ো, যি নৃত্য-গীত উপভোগ কৰো- এই সকলোতে প্ৰতিফলিত হয় আমাৰ শিল্প-সংস্কৃতি৷ যেতিয়া শিল্পৰ কোনো এটা বিষয় কোনোবাই সাধনা কৰে আৰn প্ৰদৰ্শন কৰে তেনে ব্যক্তিকে আমি শিল্পীৰ মৰ্যদা দিও- শিল্পী বুলি কওঁ৷ এই শিল্পী আৰু ৰাজনীতিৰ সম্পৰ্ক বহু যুগৰ৷ ৰাজনীতি আৰু শিল্প- এজন সমাজৰ দুয়ো অতি প্ৰয়োজনীয় চালিকা শক্তি৷ ভাৰতবৰ্ষৰ অধিকাংশ ৰাজ্যতে কিছুমান আগলৈকে শিল্পীসকল প্ৰত্যক্ষভাৱে ৰাজনীতিৰ সৈতে জড়িত হোৱা নাছিল৷ দুই-এজন ব্যতিক্ৰমী শিল্পীৰ বাদে৷ অৱশ্যে দক্ষিণ ভাৰতৰ ৰাজনীতিত বহুত আগৰে পৰা শিল্পীৰ প্ৰৱেশ আৰু আধিপত্য দেখা যায়৷ কিন্তু এতিয়া সমগ্ৰ ভাৰতবৰ্ষতে ৰাজনীতিৰ পথাৰত শিল্পীসকলৰ খদমদম লগোৱা দেখা গৈছে৷ এইটো সম্প্ৰতি অসমৰ ৰাজনীতিতো ...

সামাজিক মাধ্যম আৰু সাহিত্য চৰ্চা (জিতুমণি বৰা)

EDITORIAL
এখন কিতাপ, এটা গান, এটা কবিতা, এটা প্ৰবন্ধ লিখাৰ আঁৰত এটা বিশেষ পৰিৱেশ জড়িত হৈ থাকে৷ আবেগ, অনুভূতি প্ৰকাশ লেখক ভেদে ভিন্ন হোৱাটো স্বাভাৱিক৷ নহ’লে সকলো গায়ক মহম্মদ ৰফি, কিশোৰ কুমাৰ, ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকা হ’লহেতেন/ সকলো লেখক শংকৰদেৱ, বেজবৰুৱা, ৰূপকোঁৱৰ, বিষ্ণুপ্ৰসাদ ৰাভা, কৃষ্ণকান্ত সন্দিকৈ, বিৰিঞ্চি বৰুৱা, ভবেন্দ্ৰনাথ শইকীয়া, হোমেন বৰগোহাঞি , লক্ষ্মীনন্দন বৰা, হীৰেন গোহাঁই হৈ পৰিলেহেতেন/  সেইদৰে আজিৰ প্ৰজন্মৰ মাজতো বহু প্ৰতিভাৱান কবি, গল্পকাৰ, লেখক, ঔপন্যাসিকৰ জন্ম হৈছে৷ এইসকলৰ মূল্যায়ন হ’বলৈ আৰু কিছু সময় লাগিব৷ যিদৰে একেদিনাই ভূপেন হাজৰিকা, মহেশ্বৰ নেওগ, বিৰিঞ্চি বৰুৱাৰো মূল্যায়ন হোৱা নাছিল৷কিতাপৰ ভবিষ্যৎ নাই বুলি একাংশ লেখক আৰু প্ৰকাশকে আশংকা কৰিবলৈ লৈছে ৷ হয়, সময়ৰ লগে লগে সকলোৰে পৰিৱৰ্তন হয়৷  কেছেট গুচি চিডি আহিছিল৷ এতিয়া চিডি অতীত হৈ গান ইউটিউবত উপলব্ধ হ’ল৷ গায়কসকলেও ত...
লেখকৰ উদ্দেশ্য (মণিকুন্তলা ভট্টাচাৰ্য)

লেখকৰ উদ্দেশ্য (মণিকুন্তলা ভট্টাচাৰ্য)

EDITORIAL
কিমান কথা আছে লিখিবলৈ৷ এই পৃথিৱীৰ চাৰিওফালে কিমান বিষয় সিচঁৰতি হৈ আছে, যিসকলে সাহিত্য চৰ্চা কৰি আছে, ইয়াৰ পৰাই তেওঁলোকলৈ মোৰ অনুৰোধ, সেইবোৰ বুটলি আনক, নিজস্ব শৈলীৰে সজাই তোলক আখৰেৰে-শব্দেৰে৷ লিখা উচিত৷ ২০১০ চনৰ জানুৱাৰী মাহত দিল্লীৰ এখন সভাত মোক ক’বলৈ দিয়া হৈছিল–‘‘মই কিয় লিখো আৰু কেনেকৈঞ্জ’’ তাৰ পৰা উল্লেখযোগ্য বুলি ঠাৱৰ কৰা অলপ ইয়াতে দিছো– ‘‘সৰুৰে পৰা লেখক হোৱাৰ কল্পনাৰে মই দিনবোৰ কটাইছিলো৷ গ্ৰীষ্মৰ ৰ’দ আৰু শীতৰ কুঁৱলীৰ মাজেৰে সেই কল্পনাই সাকাৰ ৰূপ ধাৰণ কৰিছিল৷ সপোনৰ চোলা এজনী কণমানি চৰাই পোৱালিৰ দৰে নিজৰ বাহৰ পৰা দেখা দৃশ্যকে গোটেই পৃথিৱীখন বুলি ভাবিছিলো৷ পঢ়িবলৈ পোৱা ক্ষীণ-মীন কিতাপবোৰতকৈ ডাঙৰ কিতাপ এখন ৰচনা কৰাৰ একপ্ৰকাৰ সিদ্ধান্তই লৈ পেলাইছিলো, পিতাক কৈছিলো সেই কথা৷ কাৰণ তেওঁ আছিল মোৰ বিশ্বস্ত ব্যক্তি৷ মোৰ সকলো কথাকে শিশুজাত কৌতূহল বুলি নাভাবি তেওঁ বিশ্বাসেৰে গ্ৰহণ কৰিছিল৷ কথা পাতিছিল...