
আইনগতভাবেঅঙ্গদান
অংগ দান (Organ Transplant) মহান দান৷ যদি কোনো ব্যক্তিয়ে নিজৰ কোনো অংগ দান কৰি অন্য এজন ব্যক্তিক সুস্থ কৰি তুলিব পাৰে ইয়াৰ সমান পুণ্য কাম আন একোৱেই হ’ব নোৱাৰে৷ এগৰাকী সুস্থ শৰীৰৰ ব্যক্তিয়ে জীৱিত অৱস্থাত যিকোনো অঙ্গ দান কৰিব পাৰে, আনহাতে কিছুমান ৰোগত আক্ৰান্ত হোৱা ৰোগীয়ে অংগদান কৰিব নোৱাৰে৷ কেন্সাৰ, এইচ আই ভি বা বীজাণু ৰক্ত প্ৰবাহ হোৱা ৰোগীয়ে কোনো অংগদান কৰিব নোৱাৰে৷ মৃত্যুৰ পাছত চকু আৰু দেহ আন ব্যক্তিৰ উপকাৰৰ স্বাৰ্থত দান কৰিব পাৰে৷ অংগদান প্ৰক্ৰিয়া সাধাৰণতে মৃত্যুৰ পাছত হয় যদিও মানৱ শৰীৰৰ টিচু, কিডনী আদি অংগ জীৱিত অৱস্থাতো দান কৰিব পাৰি৷ ইয়াৰ বাবে জীৱিত কালতে অংগদান কৰিব বিচৰা ব্যক্তি জনে নিজ ইচ্ছা, নিজ সুস্থ জ্ঞান তথা নিজ সন্মতি সাপেক্ষে ইচ্ছাপত্ৰ সম্পাদন কৰা আৱশ্যক৷
১৯৫৪ চনৰ ২৩ ডিচেম্বৰত বিখ্যাত শল্য চিকিৎসক যোছেফ মুৰেই অতি সফলতাৰে এজন ব্যক্তিৰ শৰীৰত কিডনি সংস্থাপন কৰে৷
যিকোনো অঙ্গ ক...