শৰতৰ আনন্দ- বনভোজ (কৰবী বৰ্মন কলিতা) – Purbodix.com

শৰতৰ আনন্দ- বনভোজ (কৰবী বৰ্মন কলিতা)

ঋতু ৰাণী শৰত আৰু শৰতৰ নৈসৰ্গিক শোভাত পৃথিৱীৰ ৰূপ শান্ত-স্নিগ্ধ৷ শেৱালিৰ গোন্ধই আগলি বতৰা দি যোৱা সময়ত বালীমহী চৰাইজনীয়ে চোতালে চোতালে নাচি নাচি চিঠি বিলায় শৰতৰ৷ সেই চিঠিত আঁকি দিয়া শৰতৰ সৌন্দৰ্যই আমাৰ হিয়া নচুৱায়৷
আমাৰ ব্যস্ততাপূৰ্ণ জীৱনত লগ সমনীয়া, পৰিয়াল পৰিজনক সময় দিব নোৱাৰা হৈ পৰো৷ বনভোজ, এনে এক সুযোগ য’ত আমি সকলো প্ৰিয়জনৰ লগত একত্ৰ হ’বলৈ সুযোগ এটা লাভ কৰো৷ সকলোৱে কৰ্মস্থানৰ সহকৰ্মী, পৰিয়াল বা বন্ধু-বান্ধৱৰ সৈতে লগ হৈ ব্যস্ত একঘেয়ামী জীৱনৰ কোলাহলৰ পৰা আঁতৰি প্ৰাকৃতিক পৰিৱেশৰ কোনো ঠাইত এটা দিন স্ফূৰ্তিৰে, মনৰ হেঁপাহেৰে উপভোগ কৰিব খোজোঁ৷ সাধাৰণতে এনে বনভোজৰ ঠাই বা ‘পিকনিক স্পট’বোৰ কোনো নৈ বা পাহাৰীয়া জান-জুৰিৰ আশে-পাশে হয়৷ ডিচেম্বৰৰ শেষৰফালে আৰম্ভ হৈ জানুৱাৰীৰ প্ৰায় সমগ্ৰ মাহটো এই ঠাইবোৰ বনভোজৰ দলেৰে উপচি থাকে৷ বনভোজস্থলীবোৰ সাধাৰণতে জনসমুদ্ৰৰ পৰা কিছু নিলগত প্ৰাকৃতিক পৰিৱেশত, লগতে অপৰ্যাপ্ত পৰিমাণৰ পানী থকা ঠাইত নিৰ্বাচন কৰা হয়৷
বনভোজৰ বাবে দিনটো উপভোগ কৰিবলৈ যাওঁতে আমাৰ বহুখিনি দায়িত্ব বা কৰণীয় আহি পৰে৷ যিহেতু আমি সকলোৱে আনন্দ উপভোগ কৰিবলৈ যাওঁ, গতিকে আনন্দৰ সীমা যাতে চেৰাই নাযায় তাৰ প্ৰতি চকু ৰাখিব লাগে৷ কাৰণ প্ৰয়োজনাধিক আনন্দই কেতিয়াবা দুৰ্ঘটনা ঘটায় বা মৃত্যু পৰ্যন্ত কঢ়িয়াই আনিব পাৰে৷ আনন্দৰ লগে লগে আমাৰ পাৰিপািৰ্«কৰ কথাও ভবাটো অতি দৰকাৰ৷ বনভোজস্থলীত সাধাৰণতে অতি উচ্চ প্ৰাৱল্যৰ সংগীতৰ পয়োভৰ দেখা যায়৷ মনত ৰখা উচিত যে আমি স্ফুৰ্তি আনন্দহে কৰিবলৈ গৈছো, হুলস্থূল কৰিবলৈ নহয়৷ গতিকে আনক দেখুৱালৈকে বা শুনাবলৈ নকৰি উচ্চ শব্দযন্ত্ৰৰ ব্যৱহাৰৰ পৰা বিৰত থাকিব লাগে৷ কাৰণ নৃতী-গীত কৰিবলৈ উচ্চ-প্ৰাৱল্যৰ শব্দৰ ইমান প্ৰয়োজন নাই৷ উচ্চ প্ৰাৱল্যৰ শব্দই যে আন মানুহকে অসুবিধাত পেলায় এনে নহয়, লগতে সেই পাৰিপািৰ্শ্বকত থকা অন্যান্য জীৱকূলকো বিপদত পেলায়৷ লাহে লাহে জীৱকূলে সেই ঠাই পৰিত্যাগ কৰিবলৈ বাধ্য হয় আৰু অন্য কোনো সুৰক্ষিত ঠাইলৈ গতি কৰে৷ আমাৰ ভুলৰ বাবেই পৰিৱেশ বিনষ্ট কৰে পৰিৱেশ এটা ধবংস কৰাৰ অধিকাৰ আমাৰ কাৰোৰে নাই৷ কিছুমানে ভোজ খাবৰ বাবে ব্যৱহৃত প্লাষ্টিকৰ থাল, গিলাচবোৰ য’তে ত’তে পেলায়৷ কেতিয়াবা এনেকুৱাও দেখা যায় যে খাদ্য গ্ৰহণৰ পিছত থাকি যোৱা সামগ্ৰীবোৰ নদীৰ পাৰত থৈ যায়৷ ফলত পিছৰদিনা অহা বনভোজৰ দলটো অসুবিধাত পৰে লগতে সেই ঠাইকণ কিছুদিনৰ বাবে ব্যৱহাৰৰ অনুপযোগী হৈ পৰে৷ গতিকে বনভোজ সম্পূৰ্ণ কৰি ঘূৰি অহাৰ আগতেই প্লাষ্টিকৰ বস্তুবোৰ একগোট কৰি জ্বলাই পেলোৱা ভাল৷ ৰাহি হোৱা খাদ্য-সামগ্ৰী নদীৰ পাৰত নেপেলাই অলপ আচুতীয়া ঠাইত পেলাব লাগে যাতে ইয়াৰ দ্বাৰা আনৰ অসুবিধাৰ সৃষ্টি নহয়৷ পৰাপক্ষত ঘৰৰ পৰাই থাল, বাচন-বৰ্তনবোৰ লৈ গ’লে পৰিৱেশটো সুন্দৰ হৈ থাকিব৷ লগতে পাছত যোৱা দলবোৰে স্ফুৰ্তি কৰিবলৈ এডোখৰ সুন্দৰ ঠাই পাব৷

মহানগৰীৰ সমীপৱৰ্তী পানীখাইতী, ঐতিহাসিক হাতীশিলা মন্দিৰ, চন্দ্ৰপুৰৰ তপোবন আদি কৰি কেতবোৰ বনভোজস্থলীত যোৱা বছৰ ডিচেম্বৰৰ দ্বিতীয়টো দেওবাৰে দেখা গৈছিল বনভোজ প্ৰেমীৰ ভিৰ৷ কংক্ৰিটৰ মহানগৰীৰ পৰা আঁতৰত আহি নিজ কৰ্মৰ বন্ধ পাই বনভোজৰ আনন্দ ল’লে একাংশ মহানগৰবাসীয়ে৷ বনভোজ খাবলৈ কোনোবা যদি আহিছে পৰিয়ালৰ লগত, আন কোনোবা আকৌ আহিছে বন্ধুৰ লগত৷ ব্ৰহ্মপুত্ৰৰ বালিচৰত সংগীতৰ তালে-তালে নৃত্য কৰি বনভোজৰ আনন্দ ল’লে প্ৰতিজন বনভোজকাৰীয়ে৷ প্ৰতিটো বনভোজকাৰী দলত দেখিবলৈ পোৱা গ’ল বালিচৰত নিজ পছন্দৰ ব্যঞ্জনেৰে একেলগে এসাঁজ খোৱাৰ আনন্দ৷ প্ৰতিবছৰে এই অঞ্চলসমূহলৈ মহানগৰীৰ পৰা বহুসংখ্যক লোক আহে বনভোজ খাবলৈ৷ উল্লেখ্য যে বিগত বৰ্ষবোৰৰ ডিচেম্বৰ মাহত হোৱা ‘কা’ আন্দোলন আৰু পৰৱৰ্তী সময়ত হোৱা মহামাৰী ক’ৰোনাৰ বাবে এনেদৰে মুক্তভাৱে আনন্দ-উল্লাস কৰা দেখিবলৈ পোৱা নগৈছিল৷ কিন্তু সম্প্ৰতি ক’ৰোনাৰ প্ৰাদুৰ্ভাব ৰাজ্যত কিছু কমাৰ বাবে পুনৰ বনভোজৰ আনন্দ ল’বলৈ বনভোজস্থলী সমূহত বনভোজকাৰীয়ে ভিৰ কৰা পৰিলক্ষিত হৈছে যদিও পূৰ্বৰ তুলনাত কম বাবেই যোৱাবাৰ বনভোজস্থলীত ডিচেম্বৰৰ দেওবাৰ সমূহত দেখা গৈছিল বনভোজ দলৰ সেৰেঙা উপস্থিতি৷
এতিয়া পুনৰ আহিল বনভোজৰ বতৰ৷ কৰ্মব্যস্ততাৰ পৰা কিছু ফালৰি কাটি ওলাই যাঁও আনন্দ উপভোগ কৰিবলৈ৷ দিনটোৰ বাবে পাহৰি যাওঁ আমাৰ দুখ-কষ্টবোৰ৷ বিনন্দীয়া প্ৰকৃতিৰ সৌন্দৰ্যত হেৰুৱাই পেলাও নিজকে৷ গীত, নৃত্য, সুন্দৰ খাদ্যত আমি উটুৱাই দিওঁ নিজকে৷ এনেদৰে শৰতৰ কঁহুৱা ফুলে সকলোকে আলফুলে আদৰি লওক৷ শৰতৰ নিশাবোৰো আমেজ ভৰা আৰু অতি বিতোপন হৈ উঠক৷ সকলোৰে মুখত বিৰিঙি উঠক এমুখ শেৱালি কোমল হাঁহি৷

Leave a Reply

Your email address will not be published. Required fields are marked *