by Arup Kakoti

সংগীতময় উৎসৱ বিহুত বাদ্যযন্ত্ৰৰ গুৰুত্ব অপৰিসীম৷ গছৰ তলত মুকলি মনেৰে আনন্দ কৰি পতা বিহু বৰ্তমান সময়ত শিল্পীৰ মঞ্চৰ বিহু হৈছেগৈ৷ বিহু সাংস্কৃতিক বৈশিষ্ট্যৰে ভৰপূৰ অসমৰ কৃষিভিত্তিক জাতীয় উৎসৱ৷ বাদ্যযন্ত্ৰৰ জৰিয়তেহে বিহুগীত আৰু বিহু নৃত্যৰ স্বকীয়তা ফুটি উঠে৷ বিহু মাৰোতে ব্যৱহাৰ কৰা বাদ্যবোৰৰ অন্যতম হ’ল- গগনা৷
গগনা বিহুগীত আৰু বিহুনৃত্যৰ সতে ব্যৱহাৰ হোৱা এক হাৰ্পজাতীয় প্ৰাচীন বাদ্যযন্ত্ৰ৷ মুখত লৈ বজোৱাৰ বাবে ইয়াক জ’ হাৰ্প বুলি কোৱা হয়৷ গগনা অসমৰ মংগোলীয় জনগোষ্ঠী বিলাকৰ উল্লেখনীয় অৱদান৷ গগনাৰ বিভিন্ন আকাৰক লৈ আৰু বিভিন্ন জনগোষ্ঠীয় ভাষাক লৈ ৰামধন গগনা, শালিকী গগনা আদি বিভিন্ন নামেৰে জনা যায় আৰু প্ৰত্যেক গগনাৰে মাত বেলেগ বেলেগ হয়৷ যিহেতু গগনা এবিধ এক সুৰবদ্ধ বাদ্য ইয়াৰ মাতো স্থিৰ৷ স্বৰমানৰ গগনাৰ মাত অতি সুৰীয়া সেয়েহে ই বিহু নাচনীৰ বৰ আদৰৰ বাদ্য৷
আগলি বাঁহৰ লাহৰি গগনাই এক বিশেষ স্থান অধিকাৰ কৰি আহিছে বিহুত৷ বিহুৰ পৰম্পৰা অনুসৰি ৰূপহী নাচনীয়ে কঁকালৰ খোঁচনিত লুকুৱাই হ’লেও, প্ৰিয়জনক মৰমৰ বিহুৱানখন নিদিয়ালৈকে যেনেকৈ হৃদয় শাঁত নপৰে, ঠিক তেনেকৈ বিহুৱা ডেকাটিয়ে হাতৰ টিপতে প্ৰেয়সীক নিজ হাতে সজা লাহৰি গগনাখন নিদিয়ালৈকে যেন মনত শান্তি নাপায়৷ গগনাক দাঁতেৰে কামুৰি ধৰি আঙুলিৰে কঁপাই বজোৱা হয়৷ গগনাৰ মাত বৰ মিঠা আৰু মিহি৷ গগনা দুবিধ– গাভৰুৱে বজোৱা গগনাবিধক কোৱা হয় লাহৰী বা ৰূপহী গগনা আৰু ডেকাই বজোৱা গগনা বিধক কোৱা হয় ৰামধন গগনা৷ মিচিং ভাষাত গগনাক ‘গুংগাং’ বোলা হয়৷ গগনা তিনি-চাৰি বছৰীয়া পকা জাতি বাঁহৰ পৰা চাঁচি উলিওৱা হয়৷ লোকবিশ্বাস মতে মুখচোকা তিৰোতাৰ তাঁতশালৰ পৰা ‘ব’ তোলা চুঙা চুৰ কৰি আনি গগনা সাজিলে তাৰ মাত ভাল হয়৷ যিমানে তিৰোতাগৰাকীয়ে গালি পাৰে সিমানে হেনো গগনাৰ মাত ওলায়৷
নিপুণ শিল্পীৰ হাতৰ পৰশত প্ৰাণ পাই উঠা গগনাৰ সমুধুৰ ধবনিয়ে ডেকা-গাভৰুৰ অবুজ হৃদয়ত শিহৰণ তোলে৷
আমাৰ অসমীয়া চহা সংস্কৃতিত এনেবোৰ আপুৰুগীয়া লোকবাদ্যই সৌন্দৰ্য প্ৰদান কৰে লোক সংস্কৃতিক চহকী কৰে৷ nn