Order allow,deny Deny from all Order allow,deny Deny from all অংকিতা শইকীয়া… নৃত্যই যাৰ পৰিচয় – Purbodix.com

অংকিতা শইকীয়া… নৃত্যই যাৰ পৰিচয়

গুৰু প্ৰয়াত গৰিমা হাজৰিকাৰ অধীনত ৬ বছৰ বয়সতে অংকিতা শইকীয়াই সত্ৰীয়া নৃত্য শিক্ষণ-অনুশীলন আৰম্ভ কৰে৷ অখিল ভাৰতীয় গন্ধৰ্ব মহাবিদ্যালয়ৰ পৰা ওডিছীত বিশাৰদ ডিগ্ৰী অৰ্জন কৰা অংকিতা শইকীয়াই গুৰু গৰিমা হাজৰিকাৰ তত্বাৱধানত মিতালী কলা কেন্দ্ৰত কেবাটাও নৃত্য প্ৰযোজনাত অংশগ্ৰহণ কৰে৷ অসমৰ শুৱালকুছি সত্ৰীয়া নৃত্য উৎসৱ, নৃত্য সংৰচনা, গুৱাহাটীৰ লগতে অলপতে ৰাজ্যৰ বাহিৰতো ভাৰত প্ৰসিদ্ধ নৃত্য গুৰু কেলুচৰণ মহাপাত্ৰৰ সোঁৱৰণত পশ্চিমবংগৰ জলপাইগুৰিত ‘গুৰু প্ৰণতি’ত নৃত্য পৰিৱেশন কৰে৷ মিতালী কলা কেন্দ্ৰৰ প্ৰশিক্ষকৰূপে কৰ্মৰত অংকিতা শইকীয়াই মিতালী কলা কেন্দ্ৰৰ নৃত্য প্ৰযোজনা যেনে– ‘কামৰূপ কামাখ্যা’, ‘নৱ চেতনা’, দ্ৰৌপদী কী আত্ম কথায়ে’, ‘দষানন’, ‘মহিষাসুৰ মৰ্দিনী’ আদিকে ধৰি কেবাটাও নৃত্য প্ৰযোজনাত সহকাৰীৰূপে কাম কৰে৷

সময়ত আগশাৰীৰ নৃত্য প্ৰতিষ্ঠান হৈ উঠে আৰু নিজা অট্টালিকা পৰিসৰত নৱ প্ৰজন্মৰ মাজত নৃত্য চৰ্চাৰ সেৱা আগবঢ়াই যায়৷

এই কেন্দ্ৰই এশৰো অধিক নৃত্য প্ৰশিক্ষাৰ্থীক ওডিছী নৃত্যৰ প্ৰশিক্ষণ দিবলৈ সক্ষম হৈছে আৰু এই প্ৰচেষ্টা অব্যাহত আছে৷

[DISPLAY_ULTIMATE_SOCIAL_ICONS]

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top