Top Stories

আশা আৰু আশাৰ সীমা (ৰীতা চৌধুৰী)

আশা সকলোৰে আছে৷ সকলো বয়সৰ মানুহৰ আছে৷ তেনেকৈ সকলো শিশুৰো আছে৷ আশাৰ কোনো সীমা নাই৷ বাঢ়ি যাবলৈ সুযোগ দিলে বাঢ়ি গৈ গৈ অৱশেষত ইফ্ৰেংকেনষ্টাইন হৈ পৰে৷ জীৱন ধংসকাৰী হৈ পৰে৷ জীৱন আৰু মনক সুস্থিৰ কৰি ৰাখিবলৈ আশাক সীমাবদ্ধ কৰি ৰখাটো অতি প্ৰয়োজন৷ মোৰ গৃহস্থ বেছি মৰমীয়াল৷ তেওঁ সীমাৰ কথা নাভাবে৷ দেখি আছোঁ ছোৱালীজনীৰ আশা বাঢ়ি […]

Story

কল্প বিজ্ঞানৰ কাহিনীৰে এক ব্যতিক্ৰমধৰ্মী ছিব ‘আদ্ভিত্য’ (কল্যাণ কুমাৰ কলিতা)

অসমীয়া চলচ্ছিত্ৰজগতত নৱপ্ৰজন্মৰ বহু প্ৰতিভাশালী যুৱক-যুৱতীৰ পদাৰ্পণে নতুনত্বৰ পয়োভৰ ঘটাইছে৷ এইবাৰ তেনে এখন সম্পূূৰ্ণৰূপে অগতানুগিতক চিন্তা-চৰ্চাৰে অসমীয়া ছিব নিৰ্মাণ কৰিছে নতুন প্ৰজন্মৰ এগৰাকী প্ৰতিভাৱান পৰিচালকে৷ অৰিন্দম শৰ্মাৰ পৰিচালনা তথা ‘কৃষ্ণা ক্ৰাফট প্ৰডাকচনছ প্ৰাইভেট লিমিটেড’ৰ বেনাৰত ব্ৰজেন্দ্ৰ নাথ শৰ্মাৰ প্ৰযোজনাৰে নিৰ্মিত উক্ত পূৰ্ণদৈঘ্যৰ অসমীয়া ছবিখনৰ নাম ‘আদ্ভিত্য’৷ উল্লেখ্য যে, ছিবখন সম্পূৰ্ণৰূপে অসমীয়া কল্পবিজ্ঞানৰ কাহিনীৰে নিৰ্মিত এখন […]

Cinema

মহিলাৰ মনোজগতখন (কৰৱী বৰ্মন কলিতা)

নাৰীমন একোটা খুৱেই আৱেগিক আৰু সংবেদনশীল৷ কিন্তু সময়ে সময়ে নাৰীয়ে নিজৰ ধৈৰ্য হেৰুৱাই জীৱনৰ লক্ষ্য পথৰ পৰা বিচলিত হয়৷ ফলস্বৰূপে সময়ে সময়ে হতাশা আৰু অস্থিৰতাই মনৰ চাৰি কোঠাত ক্ৰিয়া কৰিবলৈ লয়৷ নাৰীমন ব্যাকুল হৈ পৰে৷ উচিত-অনুচিতৰ সুবিচাৰ কৰিব পৰা ক্ষমতাখিনি লোপ পাৱলৈ ধৰে তেতিয়া৷ বৰ্তমানৰ তথা কথিত সমাজখনত বহুতো নাৰীয়েই নিজৰ কৰ্মক্ষেত্ৰত অথবা পাৰিবাৰিক জগতখনত […]

Story

নাৰীৰ মূল্যঃ কন্যা সন্তান প্ৰসংগ (নিমানন্দ দাস)

যোৱাবছৰ মধ্যপ্ৰদেশত সংঘটিত কন্যা সন্তানৰ হত্যাৰ ঘটনা জানি হৃদয়খন বিষাই গৈছিল৷ ঘটনাটোৰ সাৰাংশটো হ’ল অৰ্ধ- সামৰিক বাহিনীত চাকৰি কৰা এগৰাকী জোৱানে নিজৰ তিনিগৰাকী নিবীহ, নিৰপৰাধী কন্যা সন্তানক জলহীন গভীৰ কুঁৱা এটাত পেলাই দি হত্যা কৰে আৰু নিজেও আত্মহত্যা কৰে৷ এই কৰুণ, হৃদয়বিদাৰক ঘটনাটি সংঘটিত হোৱাৰ কাৰণ আছিল অন্ধবিশ্বাস৷ অন্ধবিশ্বাসটো হৈছে একেৰাহে তিনি গৰাকী কন্যা সন্তান […]

Current Topic

লুইতৰ বুকুত দিখৌৰ এসোতা (কংকনা কাশ্যপ)

অৰুণিমা মজুমদাৰ নতুনকৈ আহিছে কংক্ৰীটৰ অৰণ্য গুৱাহাটীলৈ। দুমাহ আগত তাই শিৱসাগৰৰ পৰা আহিছে, ইয়াত থকা ব্যক্তিগত ব্যৱসায়ীক প্ৰতিষ্ঠান এটাত বৰ্তমান কৰ্মৰত তাই। অৰুণিমাক লৈ জ্যোতিনগৰ মানে তাই থাকিবলৈ লোৱা ঠাইখিনি আৰু তাইৰ কৰ্মস্থান শিলপুখুৰী যথেষ্ট উৎসুক। দেখিবলৈ সাংঘাটিক ধুনীয়া নহ’লেও তাইৰ দীঘল জোঙা নাকটো আৰু ৰহস্যময় চুকুযুৰিৰ সৈতে তাই ধুনীয়াৰ শাৰীতে পৰে। সদায় অকলশৰে ন’মান […]

Story

প্ৰতিবিম্বৰ অপেক্ষা উন্মাদ যৌৱন (অশ্বিনী বৰকটকী)

এখন শীৰ্ণ নৈ আৰু তাৰে এটা মৰা সুঁতি অৱস পানীকলত জিলিকে তাৰ কনমানি সাঁকোখনি য’ত ওলমি আছে, চ’তৰ ৰাতিৰ পূৰ্ণিমাৰ জোনজনী। আৰু সুঁতিৰ পাৰৰ ৰাজশ্বলা- নঙঠা নিৰ্লজ শিমলুজনী। তাৰে এটা লঠঙা ডালত বহি ব’হাগৰ কুলিজনী ব’হাগক ৰিঙিয়াই মাতে, গান গাই কুউউউউউউ চ’তৰ মাজৰাতি–এৰাসুঁতিৰ নিবৰ পানীত জীৱন নামে। জোনজনীয়ে কুলিটিক সোধে– তইনো কাৰ মৰমত মৰিছ• মোৰ-নে […]

Poem

মুক্তিৰ বাবে সাজু অৰ্জুন (মিতালী দাস)

দৰ্শকৰ অপেক্ষাৰ অন্ত পেলাই শীঘ্ৰে মুক্তি লাভ কৰিব নতুন অসমীয়া চলচ্চিত্ৰ “অৰ্জুন”। অসমীয়া চলচ্চিত্ৰপ্ৰেমীৰ বাবে এই প্ৰত্যাশাৰ বাৰ্তা কঢ়িয়াই আনিছে বিদ্যা ফিল্মছে। গণেশ তামুলীয়ে প্ৰযোজনা কৰা এই ছবিখনৰ কাহিনী, চিত্ৰ্যনাট্য, সংলাপ আৰু পৰিচালনা ৰজনী বৰ্মনৰ। ‘পৃথিৱীৰ উপজীৱ্য প্ৰত্যেক বিধ সম্পদ ইটোৱে সিটোৰ পৰিপূৰক সেই কথা আমি সকলোৱে অৱগত। যেনে মানৱ জাতি জীয়াই থাকিবলৈ গছ-গছনি তথা […]

Cinema

অসমীয়া ছবিৰ দৰ্শকৰ বাবে সু-খবৰ নিৰ্বাচন আৰু ৰঙালী বিহুৰ বতৰতে আহি আছে দুখনকৈ চৰ্চিত অসমীয়া চলচিত্ৰ | সাংবাদিকৰ জীৱনৰ আধাৰত নিৰ্মিত ‘চিয়াঁহীৰ ৰং’ আৰু ‘ৰাজনীতি’ (ৰঞ্জন শৰ্মা))

পুনৰ ঘূৰি আহিছে অসমীয়া ছবিলৈ সোণালী সুদিন। ক’ৰণা মহামাৰীয়ে স্তব্ধ কৰি থৈ যোৱা অসমীয়া চলচ্চিত্ৰ উদ্যোগটোক পুনৰ জীপাল কৰিবলৈ আহি আছে কেইবাখনো নিৰ্মীয়মান অসমীয়া চলচ্চিত্ৰ। আশাৰ বতৰা কঢ়িয়াই আনিছে অসমীয়া চলচিত্ৰ প্ৰেমী দৰ্শকলৈ। ইয়াৰ মাজতো অচিৰতে মুক্তি পাব লগা নিৰ্মীয়মান দুখন চলচ্চিত্ৰই চলচ্চিত্ৰপ্ৰেমীৰ মাজত অতিকে চৰ্চিত হোৱা পৰিলক্ষিত হৈছে। এই দুখন চলচ্চিত্ৰ হৈ যুৱ পৰিচালকদ্বয় […]

Cinema

আমেৰিকাৰ ডায়েৰী (প্ৰথমখণ্ড) (গীতাঞ্জলী বৰুৱা)

প্ৰথমে মই মোৰ আমেৰিকা যাত্ৰাৰ পৰা আৰম্ভণি কৰিছো সুদীৰ্ঘ ১১ বছৰীয়া প্ৰেমৰ পাছত ২০১৮ চনৰ ফেব্ৰুৱাৰী মাহৰ ২০ তাৰিখে আমাৰ বিয়াত সকলোৰে আশীৰ্বাদত সম্পন্ন হয়। মোৰ স্বামী যিহেতু আমেৰিকা যুক্তৰাষ্ট্ৰত কৰ্মৰত সেইবাবে ময়ো আমেৰিকালৈ যাত্ৰা কৰাৰ সুবিধাৰ কাৰণে ভিছাৰ কামখিনি কৰি ১৯ জুলাই ২০১৮ তাৰিখে বয়োজ্যেষ্ঠৰ আশীৰ্বাদত থকা বন্ধু-বান্ধৱীৰ মৰমলৈ যাত্ৰা আৰম্ভ কৰিলো আমেৰিকালৈ বুলি […]

Story

হালধিৰ কেপচুল আৰু কেঁচা হালধি (ডাঃ কৰবী হাজৰিকা চৌধুৰী)

ৰান্ধনিঘৰৰ এক খুব প্ৰয়োজনীয় মচলা হৈছে হালধি। হালধি বহুগুণ সম্পন্ন মচলা যাৰ উপকাৰিতা আৰু গুণাগুণৰ তুলনা নাই। হালধি সকলোৰে এবিধ পৰিচিত সামগ্ৰী। প্ৰায়বোৰ ব্যঞ্জন প্ৰস্তুত কৰোঁতে হালধি ব্যৱহাৰ কৰা হয়। ব্যঞ্জনৰ ৰং আৰু সোৱাদৰ বাবে গোটেই ভাৰততে হালধি ব্যৱহাৰ কৰা যায়। হালধি কেৱল ব্যঞ্জনৰ ৰং বা সোৱাদ বঢ়াই তেনে নহয় হালধি আমাৰ শৰীৰৰ বাবে বহুত […]

Health

পাকঘৰ

ছাহেনাজ আহমেদ ৰঙালাওৰ বচমলাই সামগ্ৰী ঃ ৰঙালাও – ৫০০ গ্ৰাম চেনি – ৪ চামুচ পিঠাগুৰি – ২ চামুচ নাৰিকলৰ গুৰি– ৪ চামুচ ৰঙালাওখিনি সৰু সৰুকৈ কাটি সিজাই ল’ব। তাতে পিঠাগুৰি, চেনি, গুৰা নাৰিকলখিনি দি ভালকৈ মিলাই ল’ব। এতিয়া মিশ্ৰণখিনি সৰু সৰু বল বনাই কিছু সময় ভাপত সিজাই ল’ব। এতিয়া নাৰিকলৰ গাখীৰখিনিত চেনি দি ভালকৈ উতলাই […]

Festival

অনুভৱৰ গুণগুণনি বনৰীয়া যৌৱনৰ কবিতা ( মৌচুমী ঘোঁৰাচোৱা )

যোৱা কালি স্বৰ্গগামী হোৱা ৰাজ্যখনৰ সাহিত্য সংস্কৃতিৰ অন্যতম সাধক জয়কান্ত গন্ধীয়াৰ ডিগবৈত শেষকৃত্য সম্পন্ন কৰা হয় ৷ ডিগবৈ জ্যোতিনগৰৰ বাসগৃহত অজস্ৰ গুনমুগ্ধই শেষ শ্ৰদ্ধাঞ্জলি জনাই ৷বিহু সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য উপদেষ্টা লোহিত গগৈ, সভাপতি গোলোক মৰান, সচিব প্ৰধান পবিত্ৰ মহন ফুকনৰ লগতে কেইবাখনো জিলা সমিতিৰ বিষয়ববীয়া, অসম সত্ৰ মহাসভাৰ কুসুম্ব মহন্ত ৰ লগতে কেইবাজনো […]

Poem