থৌকি-বাথৌ মোৰ তেজৰ ঢৌ
নিশা যেতিয়া গাভৰু হয়
নীৰৱ হৈ পৰে চৌদিশ
মই তেতিয়া এন্ধাৰৰ স’তে খেলোঁ
সুখে – দুখে প্ৰতিপলে
শব্দৰ মায়ামৃগৰ সন্ধান কৰোঁ৷
জীৱন অদ্ৰি বগাই
কঠিন শিলাস্তৰ ভেদি
হাতুৰীৰে শব্দ ভাঙি – পিটি
শব্দৰ স’তে নিজানে – নিটালে গুণগুণাই
শব্দৰ মালা গাঠোঁ
জিঞ্জিৰিত ধৰি ধৰি
বগাইছে কবিতা সৰ্পিল গতিত৷
উৱাহে – পিয়াহে অবিভক্ত
আলোড়িত মুখৰিত দিক – দিগন্ত
অন্তৰিন্দ্ৰিয়ত অভিলষিত আজি
হ’ৱ ধৰিছে অগ্নিকলাইৰ সৃষ্টি৷
[DISPLAY_ULTIMATE_SOCIAL_ICONS]