Order allow,deny Deny from all Order allow,deny Deny from all অভিনয় জগতৰ নতুন মুখ নয়নজ্যোতি (নয়নী বৰগোহাঁই) – Purbodix.com

অভিনয় জগতৰ নতুন মুখ নয়নজ্যোতি (নয়নী বৰগোহাঁই)


অসমৰ অভিনয় ক্ষেত্ৰত এজন সম্ভাৱণাপূৰ্ণ তথা চিনাকি মুখ হৈছে নয়নজ্যোতি৷ কাৰ্বি আংলং জিলাৰ বোকাজানত জন্ম লাভ কৰা নয়নজ্যোতি পিতৃ যোগেন গগৈ আৰু মাতৃ সোণমাই গগৈৰ সুযোগ্য পুত্ৰ৷
বৰ্তমান গোলাঘাটৰ স্থায়ী বাসিন্দা নয়নজ্যোতিয়ে বোকাজান হায়াৰ ছেকেণ্ডেৰী স্কুলৰ পৰা স্কুলীয়া শিক্ষা সমাপ্ত কৰে৷ গোলাঘাট ডি. আ১. কলেজৰ পৰা কলেজীয়া শিক্ষাৰ পিছত  NIFTথ্ব ১ পৰা ফিল্ম সম্পৰ্কীয় প্ৰশিক্ষণ লয়৷
ৰাজেশ ভূঞাৰ পৰিচালনাত ৰং চেনেলত প্ৰদৰ্শিত হোৱা ‘তুমি দুচকুত কাজল ল’লে’ ধাৰাবাহিকখনৰ দ্বাৰা আত্মপ্ৰকাশ কৰা নয়নজ্যোতিয়ে ৰং, ৰেঙনি আৰু জোনাক চেনেলত প্ৰচাৰিত কেইবাখনো ধাৰাবাহিকত অভিনয় কৰিছে৷ নয়নজ্যোতিয়ে অভিনয় কৰা কেইখনমান ধাৰাবাহিকৰ নাম হৈছে, ‘বৈদেহী’, ‘পিতা-পুত্ৰ’, ‘দুটি মনৰ জোনাক’, ‘আবেলিৰ ৰামধেনু’, ‘অচিন-চিনাকি’, ‘গাৰ্লচ হোষ্টেল’, ‘ভাৰাঘৰ’, ‘বৰলাকাই’, ‘অস্তিত্ব’, ‘বেহৰবাৰী আউটপোষ্ট’, ‘ভোলাৰাম এম বি বি এচ’, ‘খেপৌ মামা’, ‘ৰ’দালি’, ‘চান্দমাৰীৰ চান্দনী’, ‘নয়না’, ‘ওৱেদচ নিবিড়’, ‘নিয়ৰৰ ফুল’, ‘উৰণীয়া মন’, ‘অৱতাৰ’, ‘নেদেখা ফাগুন’, ‘চেন্তু দা’, ‘মনৰ নিজানত জোনাক’, ‘হেল্ল ব’চ’ আৰু বহুতো৷ বৰ্তমানেও কেইবাটাও কামত ব্যস্ত থকা নয়নজ্যোতি অভিনয় ক্ষেত্ৰখনত আৰু আগুৱাই যাওঁক এয়াই আমাৰ কামনা৷

[DISPLAY_ULTIMATE_SOCIAL_ICONS]

Leave a Comment

Your email address will not be published. Required fields are marked *