Order allow,deny Deny from all Order allow,deny Deny from all অসমীয়া ছবি জগত শূন্য কৰি গুচি গ’ল যশস্বী কলা নিৰ্দেশক ফটিক বৰুৱা (নিমানন্দ দাস) – Purbodix.com

অসমীয়া ছবি জগত শূন্য কৰি গুচি গ’ল যশস্বী কলা নিৰ্দেশক ফটিক বৰুৱা (নিমানন্দ দাস)

১৯৭৫ চনৰে পৰা ২০২১ চনলৈকেপ্ৰায় চাৰিকুৰিৰো অধিক অসমীয়া, বাংলা,
হিন্দী ছবিৰ সহ-প্ৰযোজক,
কাৰ্যবাহী প্ৰযোজক, প্ৰযোজনা নিয়ন্ত্ৰক তথা কলা-নিৰ্দেশক ৰূপে দক্ষতাৰে কাম কৰি অসমীয়া চলচ্চিত্ৰ জগতক সমৃদ্ধ কৰা ফটিক বৰুৱাৰ যোৱা ২২ আগষ্টত পৰলোকপ্ৰাপ্তি ঘটে৷ ফলত অসমীয়া ছবিজগতে হেৰুৱালে এজন অভিভাৱক৷ দীৰ্ঘদিন ধৰি কৰ্কটৰোগত আক্ৰান্ত ফটিক বৰুৱাদেৱে শেহতীয়াকৈ অসুস্থ দেহাৰে বিশিষ্ট চলচ্চিত্ৰ পৰিচালক জাহ্ন বৰুৱাদেৱৰ নৱতম প্ৰজেক্ট
‘লাচিত বৰফুকন’ৰ কলা নিৰ্দেশক তথা প্ৰযোজনা নিয়ন্ত্ৰকৰূপে দায়িত্বভাৰ গ্ৰহণ কৰি এই বিৰাট অভিলাষী পিৰিয়ডিক চিনেমাখনৰ ছেট ডিজাইনৰ প্ৰাৰম্ভিক কাম-কাজত ব্যস্ত হৈ আছিল৷ অসমীয়া ছবিজগতলৈ ১৯৭৫ চনৰ পৰা সুদীৰ্ঘ ৪৫ বছৰ ধৰি অৱদান আগবঢ়াই কৰ্মযোগী, অসমীয়া ছবিৰ আজীৱন শুভাকাংক্ষী,
কাণ্ডাৰীৰ দায়িত্ব এৰি তেওঁ গুচি গ’ল৷ ১৯৭৫ চনত প্ৰয়াত চিত্ৰ পৰিচালক আব্দুল মজিদৰ ছবি ‘বনজুই’ত সহ প্ৰযোজক তথা কলা নিৰ্দেশকৰূপে অসমীয়া চলচ্চিত্ৰ জগত আত্মপ্ৰকাশ কৰাৰ পাছত তেওঁ আৰু ৰৈ থাকিব লগা হোৱা নাই৷ নবীন-প্ৰবীণ বিভিন্ন পৰিচালকৰ লগত প্ৰযোজনা নিয়ন্ত্ৰক তথা কলা নিৰ্দেশকৰ কাম কৰা ফটিক বৰুৱাদেৱৰ উল্লেখযোগ্য ছবিসমূহ হৈছে– ড॰ ভৱেন্দ্ৰ নাথ শইকীয়াৰ অগ্নিস্নান,
জাহ্ন বৰুৱাৰ অপৰূপা, হালধীয়া চৰাই বাওধান খায়, ফিৰিঙতি, সাগৰলৈ বহু দূৰৰ পৰা শেহতীয়া ভগা খিৰীকি আৰু নবীন পৰিচালক বিশ্বজিৎ বৰাৰ বহ্নিমানলৈকে বিশাল অৱদান৷ ১৯৫০ চনৰ ২ এপ্ৰিলত তিনিচুকীয়াৰ পৰ্বতীয়াত জন্মগ্ৰহণ কৰা ফটিক বৰুৱাদেৱে পৰৱতীৰ্ কালত কৰ্মসূত্ৰে গুৱাহাটীত নিগাজীকৈ থাকিবলৈ লয়৷ মৃত্যুৰ সময়ত তেওঁ এৰি গৈছে তেওঁৰ পত্নীকে ধৰি এগৰাকী পুত্ৰ আৰু এগৰাকী কন্যা সন্তান৷

[DISPLAY_ULTIMATE_SOCIAL_ICONS]

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top