৯০ ৰ দশকত ‘অগ্নিগড়’ ছবিখনেৰে অসমীয়া চলচিত্ৰ জগতত পৰিচালকৰূপে আত্মপ্ৰকাশ কৰা বিশিষ্ট পৰিচালক চন্দ্ৰ মুদৈয়ে পৰিকল্পনা কৰা। শেহতীয়া বাস্তৱধৰ্মী নতুন ছবি ‘ৰণুৱা’ই ৬৭ তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰতিযোগিতাত অসমীয়া শ্ৰেষ্ঠ ছবিত ৰজতকমল বঁটা লাভ কৰি অসমীয়া ছবিজগতলৈ গৌৰৱ কঢ়িয়াই আনিছে। গুৱাহাটীৰ কৃত্ৰিম বানপানীৰ পটভূমিত এগৰাকী ৰিক্সা চালক আৰু তেওঁৰ পৰিয়ালৰ জীৱন-জীৱিকাৰ সংগ্ৰাম আৰু আশা-আকাংক্ষা কাহিনী প্ৰতিফলিত ছবিখনৰ মুখ্য চৰিত্ৰকেইটা অভিনয় কৰিছে ৰাজীৱ ক্ৰ’, প্ৰণামী বৰা আৰু ৰ’দালি বৰাই। ছবিখনৰ কাহিনী–চিত্ৰনাট্য চন্দ্ৰ মুদৈৰ। চিত্ৰগ্ৰহণ কৰিছে নৱ কুমাৰ দাসে। ইয়াৰ পূৰ্বে চন্দ্ৰ মুদৈয়ে মাঘত মামনিৰ বিয়া, জোনদা ইমান গুণ্ডা, চেনাই মোৰ ঢুলীয়া, বাঁকৰ পুতেক, ছয়গাঁৱৰ মেলা, পূৰৱ কী আৱাজ (হিন্দী), চুৰেণ চোৰৰ পুতেক, এপাহ সৰিল এপাহ ফুলিল আদি কেবাখনো ব্যৱসায়িক সফল ছবি নিৰ্মাণ কৰিছে।