Order allow,deny Deny from all Order allow,deny Deny from all আমেৰিকাৰ ডায়েৰি [দ্বিতীয় খণ্ড] (গীতাঞ্জলী বৰুৱা) – Purbodix.com

আমেৰিকাৰ ডায়েৰি [দ্বিতীয় খণ্ড] (গীতাঞ্জলী বৰুৱা)

বিমানবন্দৰৰ পৰা ওলায়েই মুকলি আকাশৰ তল পাই মোৰ মনতো যেন বেলেগ এখন পৃথিৱীৰ মাজত সোমাই পৰিল৷ বিশুদ্ধ বায়ু, সুউচ্ছ বিল্ডিংবোৰ, একা-বেঁকা উৰণীয়া সেঁতু, সুন্দৰ ৰাজপথত শাৰী শাৰী গাড়ী বতাহৰ বেগেৰে অহা-যোৱা কৰি আছে, আমিও নিজৰ পথেদি আগবাঢ়ি গৈ আছোঁ৷ সুচাৰুভাৱে পৰিচালিত ট্ৰেফিক ব্যৱস্থা, নিয়মসমূহ সকলোৱে মানিও চলে, যাৰ বাবে চাগে দূৰ্ঘটনাও বৰকৈ নহয় যদিও বা গাড়ীসমূহৰ গতিবেগ বহু বেছি৷ ট্ৰেফিক ব্যৱস্থা বহুত উন্নত৷ ৰাস্তাত কিন্তু এজনো ট্ৰেফিক পুলিচ দেখা পোৱা নাযায়৷ ৰাস্তাসমূহত কিছুমান প্ৰতীক চিহ্ন অঁকা থাকে আৰু সকলোৱে সেই চিহ্নকে মানি গাড়ীসমুহ চলায়৷ গাড়ীবোৰে অকল ৰঙা লাইট জ্বলিলেহে যেন ব্ৰেকৰ ব্যৱহাৰ কৰে তেনে অনুভৱ হ’ল মোৰ৷ সকলোৱে নিয়মাৱলীসমূহ মানি নিজ নিজ ৰাস্তাত গৈ থাকে৷ কিছুমান বগা, কিছুমান হালধীয়া ৰঙৰ আঁচ দেখিলোঁ৷ মনতে ভাৱ হ’ল ৰাস্তাটোতনো এইবোৰ কিহৰ আঁচ, লাহে লাহে বুজি উঠিলো সকলোৱে ইমান নিয়াৰিকৈ গাড়ীবোৰ চলোৱাৰ অন্তৰালত এই বগা হালধীয়া ৰঙৰ লাইনবোৰৰ মহত্ব বহুত৷ হালধীয়া ৰঙৰ আঁচবোৰ কোনো গাড়ীয়ে পাৰ কৰি যাব নোৱাৰে৷ চিধাকৈ থকা বগা আঁচবোৰ পাৰ হ’ব পাৰে যদিহে জৰুৰীভাৱে গাড়ীখন ৰখাব লগা হয়৷ 

দুৰ্ঘটনাৰ পৰা ৰক্ষা পাবলৈ তথা গাড়ী চালক সকলৰ সুবিধাৰ্থে যেতিয়া গাড়ীসমূহ েট্ৰেফিক চিগনেল বা ৰাস্তাৰ মূৰ পাই, ৰাস্তাবোৰত আঁকি থোৱা বিশেষ কিছুমান চিহ্নৰ সহায়ত সোঁফালে, বাওঁফালে আৰু পোনে পোনে যোৱা গাড়ী সমূহভাগে ভাগে যাবলৈ সুবিধা কৰি দিয়ে৷ এনেধৰণৰ বিভিন্ন নজনা কথা জানিবলৈ পায় মনটো উৎফোল্লিত হৈ পৰিল৷
দিনবোৰ বাগৰিল, নতুন নতুন কথা শিকিবলৈ ধৰিলো৷ গাড়ীখনত বহি যাওঁতে বহু কথাই লক্ষ্য কৰিব ধৰিলো৷ ৰাষ্ট্ৰীয় ঘাইপথসমূহত অহা গাড়ী আৰু যোৱা গাড়ীৰ বাবে সম্পূৰ্ণ দুটা পৃথক ৰাস্তা আছে৷ কিছুমান ঠাইত একেটা ৰাস্তাতে অহা-যোৱা দুয়োখিনি গাড়ী চলাচল কৰে, কিন্তু প্ৰতীক চিহ্নৰ সহায়ত দুয়োফালৰ গাড়ীসমূহক দুটা ভাগত বিভক্ত কৰি দিয়া হয়৷ সেই নিয়মাৱলী ভংগ কৰা কাকো দেখা নাপালোঁ৷
ৰাষ্ট্ৰীয় ঘাইপথ সমূহত একেলগে বহুকেইখন গাড়ী গৈ থাকে৷ বাছ আৰু ট্ৰাকৰ লেন সুকীয়া৷ নিৰ্দিষ্ট গতি বেগেৰে গৈ থাকে তেওঁলোকো৷ এখন গাড়ীয়ে আন এখন গাড়ীক বৰ সুন্দৰকৈ পাৰ হৈ যাবলৈ দিয়ে৷ গাড়ীৰ হৰ্ণৰ প্ৰয়োগ বহুত কম, ব্যৱহাৰ নকৰে বুলিলেও ভুল কোৱা নহ’ব৷ বেছি বেগেৰে যোৱা গাড়ীসমূহ বাওঁফালে দি যায় আৰু কম বেগেৰে যোৱা সমূহ সোঁফালে৷ বাওঁফালে গৈ থাকোঁতে যদি দ্ৰুত গতিত আন গাড়ী আহি থাকে, সেইখনক আকৌ আগবাঢ়ি যাবলৈ আগৰ গাড়ীখনে বাট এৰি দিয়ে লাহেকৈ সোঁফালে আহি৷ এনেকৈ সোঁফাল বাওঁফাল কৰি কৰি গাড়ীবোৰ একাঁ-বেকাঁকৈ গৈ থাকে, একো গণ্ডগোল নোহোৱাকৈ৷ ডেকা বয়সত গৰম তেজৰ দুই এজন নথকা নহয়, তথাপি তেওঁলোকে আনক অসুবিধা নিদিয়ে তেনেকৈ৷ সকলোৱে লাহেকৈ সোঁফালে আহি দিয়ে দ্ৰুত বেগীসকলক আগবাঢ়ি যাবলৈ দিয়ে৷ পিছে সকলো সময়ত দ্ৰুত বেগেৰে যাব নোৱাৰে৷ কিছু কিছু অঞ্চলত গতিবেগ কমাব লাগে৷ বাটৰ কাষৰ ব’ৰ্ডত গাড়ীৰ গতিবেগ কিমানলৈ থাকিব লাগিব সকলো বিৱৰণ দিয়া থাকে৷ সেই গতিবেগ নামানিলে, গতিবেগ নিৰীক্ষণ কৰি থকা পুলিচে জাননী জাৰি কৰে নহ’লে পৰিস্থিতি সাপেক্ষে সকিয়নী প্ৰদান কৰে৷ বিশেষকৈ আৱাসিক এলেকাসমূহত গতিবেগ বহুত কমাব লাগে৷

আমেৰিকাত সকলো লোককে এখন গাড়ীৰ প্ৰয়োজন নহয়৷ নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ ভিতৰত গাড়ীখনো অন্যতম৷ প্ৰায় সকলোৰে ওচৰতে গাড়ী থাকেই৷ হাজাৰ হাজাৰ গাড়ী অহৰহ চলিয়েই থাকে৷ এই গাড়ীসমূহ নিয়ন্ত্ৰণ কৰাটোৱো বৰ সহজ কথা নহয়৷
ট্ৰেফিক চিগনেলবোৰত থকা কেমেৰাৰ সহায়ত যে ইমান নিয়াৰিকৈ সম্পূৰ্ণ যাতায়ত ব্যৱস্থাটো নিয়ন্ত্ৰণ কৰে ভাবিলে আচৰিত লাগে৷
চাৰিআলিবিলাক দেখি বেছি ভাল লাগে৷ সন্মুখা-সন্মুখীকৈ থকা গাড়ীসমুহ লাইটৰ সহায়ত ৰ’বলৈ দি, সোঁফাল আৰু বাওঁফালৰ গাড়ীবোৰক যাবলৈ দিয়ে৷ ধেনুভিৰিয়াহৈ পিঠীয়া-পিঠীকৈ গাড়ীসমুহ যায়৷ একে থৰে মই চাই থাকোঁ৷ ৰাতি হ’লে বেছি ভাল লাগে নানা ৰঙীণ গাড়ীৰ লাইটবোৰ জ্বলি থাকে৷ ৰাতি আকাশৰ তৰাবোৰ মাটিতে দেখা পাওঁ৷
উল্লেখনীয় কথাটো হ’ল জৰুৰীকালীন সেৱাত জড়িত বাহনসমূহক সকলো গাড়ীয়ে পাৰহৈ যাবলৈ সুবিধা কৰি দিয়ে ৷ এম্বুলেন্স, অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীবোৰক আগবাঢ়ি যাবলৈ বহু আগৰ পৰাই অন্য গাড়ীসমূহে গতিবেগ কমাই দিয়ে, নহ’লে বাটৰ কাষত ৰৈ দিয়ে৷ ঠিক একেদৰে স্কুলীয়া ল’ৰাছোৱালী অনা-নিয়া কৰা বাহনসমূহৰ বাবেও আন গাড়ীসমূহ ৰৈ দিয়ে৷ ষ্টপলিখা ব’ৰ্ডখন ধুনীয়াকৈ স্কুল বাছখনৰ পৰা লাহেকৈ উলিয়াই দিয়ে বাছ চালকজনে কোনো ছাত্ৰ-ছাত্ৰীক নমাবলৈ হ’লে৷ ষ্টপ চিহ্ন দেখাৰ লগে লগেই সেই বাটেৰে যোৱা অন্য গাড়ীসমূহো বহুদূৰতে ৰৈ দিয়ে৷

জনগন যেতিয়া সচেতন আৰু জ্ঞানী হয়, তেতিয়া পুলিচ প্ৰশাসনৰ বহু কাম কমি যায়৷ এই কথাখিনি লক্ষ্য কৰিলোঁ গাড়ীচালকসকলে যেতিয়া ৰঙা ব’ৰ্ডখনত বগা আখৰে STOP লিখা দেখা পাই লগে লগে প্ৰত্যেকেই নিজৰ নিজৰ গাড়ীখন অলপ পৰ ৰখাই লৈহে পুনৰ আগবাঢ়ে৷ সন্মুখৰ পৰা বা সোঁ বা বাওঁফালৰ পৰা গাড়ী অহাৰ সম্ভাৱনা থকা ঠাইসমূহত এনেদৰে ব’ৰ্ড একোখন লগাই থয়৷ তিনিআলিসমূহত দেখিবলৈ পোৱা যায় সচেতন নাগৰিকৰ সুন্দৰ নিদৰ্শন৷ কিছুমান ঠাইত ট্ৰেফিক চিগনেল নাথাকে, তাত STOP লিখা ব’ৰ্ড খন লগাই ৰাখে৷ তিনিওফালৰ পৰা অহা গাড়ীসমূহ অলপ পৰ ৰৈ আগতে অহা গাড়ীখনক যাবলৈ দিয়ে৷ আচলতে যিখন গাড়ী আগতে ৰয় সেইখন আগতে যায়৷ কিন্তু কেতিয়াবা দেখিবলৈ পোৱা যায় একেলগে দুখন গাড়ী ৰয় ৷ তেতিয়া এখন গাড়ীৰ চালকে আনখন গাড়ীৰ চালকজনক হাতেৰে ইংগিত দি তেওঁক আগতে যাবলৈ কয়৷ মই প্ৰথমতে যাম বুলি কাৰো লৰালৰি নাই৷ এজনে আনজনৰ প্ৰতি দেখুওৱা সন্মান দেখি বৰ ভাল লাগে৷
এটা মন কৰিবলগীয়া কথা মই লক্ষ্য কৰিলোঁ পথাচাৰী আৰn চাইকেল আৰোহীৰ বাবে বিশেষ ব্যৱস্থা আছে৷ সুন্দৰ পদপথ আছে৷ কিছু কিছু অঞ্চলত চাইকেল আৰোহীৰ বাবেও বিশেষ ৰাস্তা আছে৷ চাইকেল আৰোহীক পাৰ হৈ যাওতে গাড়ীসমূহেও গতিবেগ কমাই দিয়ে৷ ৰাস্তা পাৰ হোৱাৰ বাবেও ট্ৰেফিক চিগনেল থাকে৷ পথাচাৰী আৰু চাইকেল আৰোহীৱে ৰাস্তা পাৰ হ’ব বিচাৰিলে এটি বুটাম থাকে ৰাস্তাৰ কাষত সেইটো টিপি দিলে কিছু ছেকেণ্ডৰ বাবে গাড়ীসমূহ ৰৈ যায়, আৰামত ৰাস্তা পাৰ হ’ব পাৰি গাড়ীয়ে খুন্দিয়াই নিয়াৰ কোনো চিন্তা নাথাকে৷ ট্ৰেফিক চিগনেল নথকা ঠাইত STOP থাকেই গাড়ী নিজে নিজেই ৰয়৷ খোজ কাঢ়ি যোৱা মানুহৰ প্ৰতি বহু সচেতন সকলো৷
এদিনত মোৰ লগত ঘটা এটি সৰু যদিও মোৰ মনত থাকি যোৱা ঘটনা৷ দিনটো ঘৰত সোমাই থাকি আমনি লগাত ওলাই গ’লো খোজ কাঢ়িবলৈ৷ নতুন মই, বিশেষ একো নাজানো৷ পদ পথেদি খোজকাঢ়ি গৈ আছো, সমস্যাটো আহিল ৰাস্তা পাৰ হ’ব লগা হোৱাত৷ মোক সৰুৰ পৰাই শিকাইছিল এবাৰ সোঁফালে চাবা, এবাৰ বাওঁফালে চাই ৰাস্তা পাৰ হ’বা৷ কিন্তু তাত সকলো বেলেগ বতাহৰ গতিত গাড়ী অহা যোৱা কৰি থাকে, সোঁফালে চাই বাওঁফালে চোৱা মানে এখনৰ পাছত আনখন গাড়ী আহি পাই৷ STOP ত ৰয়হি যদিও মোৰ সাহস হোৱা নাই পাৰ হ’বলৈ৷ মই দুধোৰ-মুধোৰত পৰি লগালোঁ খেলিমেলি৷ এবাৰত ৰাস্তাটো পাৰ হ’ব ধৰোতেই আনফালৰপৰা গাড়ী এখন আহি থকা দেখি দিলোঁ পিছুৱাই৷ মোৰ অগা-পিচা কৰি থকা দেখি তিনিআলিটোৰ সকলোফালৰ পৰা অহা গাড়ী ৰৈ দিলে৷ বাছত উঠিম ভাবি বাছো ৰৈ গ’ল৷ ফাট মেলা বসুমতি পাতালে লুকাও অৱস্থা৷ তেনেতে এজনে মোৰ অৱস্থা ধৰিব পাৰি হাতেৰে ইংগিত দি পাৰ হৈ যাবলৈ ক’লে৷ তেতিয়াহে উশাহটো ঘূৰাই পোৱা নিচিনা লাগিল৷ যি হ’লেও আমেৰিকাত গাড়ী ৰখাই দিলোঁ৷ কোনেও কিন্তু গালি পাৰি থৈ নগ’ল৷ গালি দূৰৰে কথা মাৰ খোৱা কাম কৰিছিলোঁ৷ পাঁচ মিনিটমানৰ কাৰণে সকলোকে খেলি মেলি লগাই৷ পথাচাৰীক যথেষ্ট সন্মান কৰে বুলিহে সেই দিনা মই বাচিলো৷ তাৰ পিছত সকলো নিয়ম খুটি নাতি মাৰি শিকি ল’লো৷ মানুহে ঠেকি শিকে লেখি শিকে বুলি কয় যে মই ঠেকি শিকিলোঁ৷
যাতায়ত ব্যৱস্থাটো অতি সুপৰিকল্পিত আৰু সুপৰিচালিত৷ আইনী দিশটোৱো যথেষ্ট কঠিন৷ আইনী দিশটো কঠিন হোৱাৰ বাবে ৰাইজ যথেষ্ট সচেতন হৈ থাকিব লাগে৷ কাগজ-পত্ৰসমূহ সঠিক নহ’লে জৰিমনা বহুত ভৰিব লগা হয়৷ ট্ৰেফিক চিগনেল ভংগকাৰী খুব সহজতেই কেমেৰাত বন্দী হয় আৰু জাননীৰ সৈতে জৰিমনা ভৰে৷
ওপৰত উল্লেখিত সকলো কথা মই আমেৰিকা যুক্তৰাষ্ট্ৰৰ Minnesota ৰাজ্যখনত প্ৰযোজ্য নিয়মসমূহৰ ওপৰত ভিত্তিকৰিহে লিখিছোঁ৷ পৰিৱহণ আৰু যাতায়তৰ আৰু বহুতো নিয়ম নীতি আছে, এইখিনি মোৰ নিজৰ অভিজ্ঞতাহে মাত্ৰ৷
[DISPLAY_ULTIMATE_SOCIAL_ICONS]

Leave a Comment

Your email address will not be published. Required fields are marked *