Order allow,deny Deny from all Order allow,deny Deny from all আয়ুস (পৰিস্মিতা বৰদলৈ) – Purbodix.com

আয়ুস (পৰিস্মিতা বৰদলৈ)

কুঠাৰেৰে যিমানেই ঘপিয়াইছে কামলা মানুহটোৱে গছজোপাত, সিমানেই শৰ্যাগত ৰঘুককাৰ বুকুৰ বিষটোও বাঢ়ি আহিছে৷ নাতি ল’ৰা যাদৱক সিদিনা কৈছিল তেওঁ, “এইযে গছজোপা দেখিছ, তহঁতৰ আজোককাৰে মোৰ ওপজা দিনাই ৰোৱা বুজিছ৷ আমি একে বয়সীয়া৷”

জ্বলি থকা খৰিখিনি লৈ চাই চাই যাদৱে ভাবিলে, “একে লগতে আহিলেও আৰু গ’লো একেলগতেই৷” খৰিজাপে তেতিয়ালৈ সামৰি লৈছিল ৰঘুককাকক ফট্‌ফট্‌ ফট্‌ শব্দেৰে৷

[DISPLAY_ULTIMATE_SOCIAL_ICONS]

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top