Order allow,deny Deny from all Order allow,deny Deny from all উদ্‌যাপিত হ’ল অসমীয়া চলচ্ছিত্ৰৰ ৯০ বছৰীয়া জোনাকী যাত্ৰা( দৰ্শনা বৰুৱা) – Purbodix.com

উদ্‌যাপিত হ’ল অসমীয়া চলচ্ছিত্ৰৰ ৯০ বছৰীয়া জোনাকী যাত্ৰা( দৰ্শনা বৰুৱা)

যোৱা ১০ মাৰ্চৰ দিনটোত সাংস্কৃতিক সাংবাদিক সন্থা অসম আৰু অসম চলচ্ছিত্ৰ [বিত্ত আৰু উন্নয়ন] নিগমৰ যুটীয়া উদ্যোগত সুন্দৰ আয়োজনৰে উদ্‌যাপিত “অসমীয়া চলচ্ছিত্ৰৰ ৯০ বছৰীয়া জোনাকী যাত্ৰা’’ শীৰ্ষক এক অনুষ্ঠানৰ সাক্ষী হৈ ৰ’লোঁ আমি৷

যোৱা ১০ মাৰ্চত অসমীয়া চলচ্ছিত্ৰই গতি কৰিলে আন এক নতুন বৰ্ষলৈ৷ সেই উপলক্ষে গুৱাহাটীত অসমীয়া চলচ্ছিত্ৰৰ ৯০ বছৰীয়া জোনাকী যাত্ৰা’ ঃ শীৰ্ষক এক অনুষ্ঠানৰ আয়োজন কৰা হয় গুৱাহাটীৰ আইদেউ ছবিগৃহৰ প্ৰেক্ষাগৃহত৷

সেইদিনাই অনুষ্ঠানৰ লগত সংগতি ৰাখি আয়োজন কৰা ৰচনা প্ৰতিযোগিতাৰ পুৰস্কাৰ বিতৰণ কৰাৰ লগতে এক বিশেষ বক্তৃতা অনুষ্ঠান আৰু অসমীয়া চলচ্ছিত্ৰৰ জৰিয়তে ৰাষ্ট্ৰীয় পৰ্যায়ত বঁটা, সন্মান, সুনাম কঢ়িয়াবলৈ সক্ষম হোৱা ৪২ গৰাকী পৰিচালক, অভিনেতা, কলা-কুশলী আৰু চিত্ৰ সমালোচকক সম্বৰ্ধনা জনোৱাৰ আয়োজন কৰা হয়৷

সুন্দৰ অনুষ্ঠানটো আৰম্ভ হয় অসমীয়া চলচ্ছিত্ৰৰ জনক ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰতিচ্ছবিৰ সন্মুখত কৰা বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণৰে৷

সাংস্কৃতিক সাংবাদিক সন্থাৰ সভাপতি বিতোপন বৰবৰা, বিশিষ্ট অভিনেত্ৰী ৰুণু দেৱী আৰু আমন্ত্ৰিত বক্তা ড॰ সুব্ৰতজ্যোতি নেওগে বন্তি প্ৰজ্বলন কৰাৰ পাছতে লক্ষ্মী স্তোত্ৰম নৃত্য পৰিবেশন কৰে শিল্পী তন্ময়ী বৰাই৷ সাংস্কৃতিক সাংবাদিক সন্থাৰ সভাপতি বিতোপন বৰবৰাই আদৰণি ভাষণ প্ৰদান কৰাৰ পাছতেই অনুষ্ঠানৰ লগত সংগতি ৰাখি আয়োজন কৰা ৰচনা প্ৰতিযোগিতাৰ ক, খ আৰু গ, তিনিওটা শাখাৰে বিজয়ীসকলক পুৰস্কাৰ প্ৰদান কৰা হয়৷ ৰচনাৰ বিষয় বস্তু আছিল ক্ৰমে–

“ক” শাখাত “মোৰ ভাল লগা এখন অসমীয়া ছবি’’,

“খ” শাখাত “একৈশ শতিকাত অসমীয়া চলচ্ছিত্ৰ আৰু ইয়াৰ ভবিষ্যত আৰু “গ” শাখাত “অসমীয়া চলচ্ছিত্ৰৰ নব্য ধাৰা: পদুম বৰুৱাৰ পৰা এতিয়ালৈ৷’’

ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত অভিনেত্ৰী মলয়া গোস্বামী, বিশিষ্ট অভিনেতা অতুল পাচনি, বিশিষ্ট সমালোচক লেখক -পৰিচালক নয়ন প্ৰসাদ, অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই বিজয়ীসকলক পুৰস্কাৰসমূহ প্ৰদান কৰে৷

ইয়াৰ পাছতেই  “প্ৰাক স্বাধীনতা কালৰ অসমীয়া চলচ্ছিত্ৰৰ বিষয়, ব্যৱস্থাপনা আৰু সমালোচনাঃ কেতবোৰ অনালোচিত প্ৰসংগ’’ শীৰ্ষক বিষয়ত বিশদ ৰূপত এক বক্তৃতা আগবঢ়ায় তেজপুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগী অধ্যাপক ড॰ সুব্ৰতজ্যোতি নেওগে৷

[DISPLAY_ULTIMATE_SOCIAL_ICONS]

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top