পূব আকাশত উদিত
সূৰুজৰ চিন নিচিন
ৰ’দালিয়ে চুমিলেহি মোক৷
চকুৰ পতাত থিতাপি ল’লেহি
বিৰামহীন ভ্ৰমণে….
এই যদি পছোৱাই চুই যোৱা
লঠঙা বিৰিখ¸ত নাইবা
কোনোবা পাকত বৰষুণৰ পৰশত
প্ৰাণ পাই উঠা কোমল কুঁহিৰ আবেষ্টনীত৷
ডেউকা প্ৰসাৰিত কৰি নীল আকাশৰ
মই আলহী হওঁ….
জুমি জুমি চাওঁ প্ৰকৃতিৰ
লয়লাস ভংগিমা৷
সৌ দূৰ সীমনালৈ মোৰ
অবাধ বিচৰণ৷
অস্তাচলৰ হেঙুলি আভাই
জিৰণিৰ বাট পোহৰাই
মোলৈকে চাই ৰিঙিয়ায়৷
অলেখ কাহিনী খোদিত কৰি
ঋতু আহে ঋতু যায়৷
[DISPLAY_ULTIMATE_SOCIAL_ICONS]