Order allow,deny Deny from all Order allow,deny Deny from all “এখন নেদেখা নদীৰ সিপাৰে’’(খণ্ড – ১১(মঞ্জু মেচ“) – Purbodix.com

“এখন নেদেখা নদীৰ সিপাৰে’’(খণ্ড – ১১(মঞ্জু মেচ“)

লাবণ্যপ্ৰভা আগৰ দৰে দৌৰি, জঁপিয়াই নুফুৰা হ’ল৷ আনকি বৰ জোৰেৰে হাঁহিবও এৰিলে৷ কানাইৰ লগতো আগৰ দৰে কথা পাতিবলৈ লাজ কৰে৷ লগৰীয়াহঁতে এই কথাবোৰ লক্ষ্য নকৰা নহয়৷ কিন্তু লাবণ্যপ্ৰভা আৰু কানাইয়ে সিহঁতৰ ওচৰত ধৰা পৰাৰ সুযোগ দিয়া নাছিল৷

এদিনাখনৰ কথা– কি কৰোঁ, কি নকৰোঁ ভাবি ভাবি লাবণ্যপ্ৰভা ঘৰৰ পাছফাললৈ এখোজ এখোজকৈ আগবাঢ়ি গ’ল৷ ঘৰৰ পাছফালে লাবণ্যপ্ৰভাহঁতৰ খেতি পথাৰ৷ সিহঁতৰ পথাৰৰ ওচৰা-ওচৰিকৈ আছে গাঁওখনৰ বহু মানুহৰ খেতি পথাৰ৷ খেতি পথাৰৰ কাষেৰে বৈ গৈছে এখন সৰু জান৷ জানখনৰ ইটো পাৰে কানাইহঁতৰ গাঁৱৰ খেতি পথাৰ৷ কিয় জানো লাবণ্যপ্ৰভাৰ ধাননি পথাৰৰ ফালে আগবাঢ়ি যাবলৈ মন গ’ল৷ এবুকু সেউজীয়া বুকুত লৈ বিস্তীৰ্ণ পথাৰখন যেন শান্ত মনে শুই আছে৷ এয়া পথাৰৰ কিযে এক বিনন্দীয়া ৰূপ! সৰা পাতৰ খচ্‌ মচনি শুনি ডিঙিটো দীঘলকৈ মেলি জানখনৰ পাৰলৈ লাবণ্যপ্ৰভাই চাই পঠিয়ালে৷ ঔ আই! এয়া দেখোন আমাৰ কলি ছাগলীজনী! জোপোহা গছবোৰৰ পৰা ওলমি তললৈ নামি অহা লতাবোৰ তাই খাই আছে৷ হয়তো পথাৰৰ মাজৰ সৰু সৰু আলিবোৰত গজি উঠা ঘাঁহ খাই খাই তাই এইখিনি পালেহি৷ লাবণ্যপ্ৰভাই ছাগলীজনীৰ কাষলৈ গৈ ঘৰৰ দিশেৰে খেদি পঠিয়াবলৈ চেষ্টা কৰিলে৷ ছাগলীজনীও কম নহয়, এফালে খেদিলে আনফালে দৌৰি যায়৷ যেন লাবণ্যপ্ৰভাৰ লগত খেদা-খেদি কৰা এখন খেলহে খেলিছে৷

জানখনৰ কাষতেই কানাইহঁতৰ খেতি পথাৰ৷ প্ৰায়ে আঢ়ৈ বিঘা মান হ’ব৷ জানখনৰ একেবাৰে কাষৰ মাটি দুড’ৰাত কানাইহঁতে খেতি নকৰে৷ গঁঞাই ভঁৰাললৈ লখিমী চপাই নিনিয়ালৈকে তাতে বলধ দুটা এৰাল দিয়ে৷

কানাইয়ে এৰাল দিয়া বলধ দুটা নিবলৈ জানখনৰ কাষ পালেহি৷ লাবণ্যপ্ৰভাক দৌৰি থকা দেখি কানাইয়ে ইপাৰৰ পৰাই চাই পঠিয়ালে৷  লাবণ্যপ্ৰভাই ছাগলীজনী খেদি নিবলৈ চেষ্টা কৰি আছে৷ জানখনৰ ওপৰত থকা বাঁহৰ সাঁকো ডালেৰে পাৰ হৈ কানাই লাবণ্যপ্ৰভাৰ ওচৰ পালেগৈ আৰু একো কথা নোকোৱাকৈয়ে ছাগলীজনী আগচি দি সহায় কৰি দিলে৷ ছাগলীজনীয়েও অচিনাকি কানাইক দেখি ঘৰৰ ফালে ভিৰাই দৌৰ দিলে৷

এইদৰে হঠাতে ওচৰত কানাইক দেখি লাবণ্যপ্ৰভা অপ্ৰস্তুত হ’ল৷ কানাইয়ে লাহেকৈ লাবণ্যপ্ৰভাৰ সোঁহাতখনত ধৰি পথাৰৰ মাজৰ এটা সৰু আলিত বহুৱাই দি নিজেও বহিল৷ লাবণ্যপ্ৰভা লাজত ৰঙা-চিঙা পৰিল৷ একো ক’বলৈ নৌপাওঁতেই কানাইয়ে মই তোক ভাল পাওঁ লাবণ্যপ্ৰভা বুলি সাবতি ধৰিলে৷ নকৈ বাঢ়ি অহা তাইৰ উঠন কুকুখন যেন নিঃশব্দ এই হেঁচাত কেঁকাই উঠিল৷ তাই কানাইক ঠেলা এটা মাৰি ঘৰৰ ফালে ফোঁ-ফোঁৱাই দৌৰি গৈ ঘৰৰ পাছফালৰ চোতালত ৰ’ল৷ তাই দীঘল দীঘলকৈ উশাহ ল’লে৷ তাতেই কিছু সময় ৰৈ থাকিল৷ কেতিয়াও নোচোৱা এখন চিনেমাৰ দৃশ্যহে যেন পাৰ হৈ গ’ল লাবণ্যপ্ৰভাৰ এনে অনুভৱ হ’ল৷ তাই অলপ শান্ত অনুভৱ কৰি ঘৰৰ ভিতৰলৈ সোমাই গ’ল৷

গধূলি লাবণ্যপ্ৰভাৰ পঢ়া-শুনাত মন নবহিল৷ পঢ়াৰ মেজত বহি মাথোঁ কিতাপখন লুটিয়াই -বগৰাই থাকিল৷ তাইৰ লগত ঘটি যোৱা দৃশ্যটো বাৰে বাৰে মনলৈ আহি থাকিল৷

লাবণ্যপ্ৰভাই ভাবিলে– হয়তো এয়াই ল’ৰা আৰু ছোৱালীৰ মাজৰ পাৰ্থক্য৷ ইমান লাজ লাজকৈ চাই থকা কানাইয়ে কেনেকৈ এনে কৰিব পাৰে৷ কিন্তু মনে মনে কানাইকো লাবণ্যপ্ৰভাৰ ভাল লাগে, তেন্তে কিয় তাইৰ সেই পৰিস্থিতিটো ভাল নালাগিল!  কিশোৰী মনত বিভিন্ন কথাই খূ-দুৱাই থাকিল৷ কানাইৰ বুকুত হেঁচা খোৱা তাইৰ কোমল বুকুখনত নিজে এবাৰ হাত ফুৰাই চালে৷ এক বিতৃষ্ণা ভাবে তাইক খুন্দিয়াই গ’ল ——

কানাইৰ মনটোতো বহু কথাই অগা-ডেৱা কৰি থাকিল৷ সি বাৰু লাবণ্যপ্ৰভাৰ লগত ভুল ব্যৱহাৰ কৰিলে নেকি? লাবণ্যপ্ৰভাৰ চকুত চকু পৰিলে লাজ লগা কানাইৰ সিদিনা কিয় লাজ নালাগিল? তাই মোক চিৰদিনলৈ ভুল বুজা নাইতো? আৰু যদি তাইয়ো সহযোগ আগবঢ়ালে হয় তেন্তে কি পৰিস্থিতি হ’লহেঁতেন? কানাইয়ে লাবণ্যপ্ৰভাৰ ওচৰত ক্ষমা খুজিবলৈ সুযোগ বিচাৰি থাকিল৷ কিন্তু লাবণ্যপ্ৰভাৰ পৰা সেই সুযোগ পোৱা নাছিল৷

বলিয়া ফাগুনৰ দৰে ৰিঙা ৰিঙা মন, বুজা-নুবুজা এক অনুভৱত শিঁহৰিত হয় কৈশোৰ আৰু যৌৱনৰ প্ৰথম ভাগ সময়৷

অজস্ৰ সপোন, নিজাকৈ কিবা এটা পোৱাৰ হেঁপাহ যৌৱনৰ সময়খিনিত জাগি উঠে৷ অন্যহাতে সেই সময়তে ভৱিষ্যত গঢ়াৰ বাবে জীৱনৰ ওপৰত এক কৰ্তব্য আহি পৰে৷

লাহে লাহে মেট্ৰিক পৰীক্ষা আহি পালেহি৷ লাবণ্যপ্ৰভাহঁত সকলোৱে পঢ়া-শুনাত মনোযোগ দিলে৷ কিন্তু কানাইৰ জীৱনটো অলপ সুকীয়া আছিল৷ সি ঘৰখনৰ একমাত্ৰ সন্তান৷ ঘৰখনৰ অৰ্থনৈতিক অৱস্থা ভাল নহয়৷ কোনোমতে পেটে-ভাতে খাই থাকে৷ বানপানীয়ে খেতি পথাৰ নষ্ট কৰিলে গোটেই বছৰটো চলিবলৈ অসুবিধা হয়৷ দেউতাকে বজাৰত শাক-পাচলি বিক্ৰী কৰে৷ মাকেও ঘৰতে হাঁহ-কুকুৰা প্ৰতিপালন কৰি দুই এটকা কষ্টৰে উপাৰ্জন কৰে৷

কানাইয়ে সৰুৰে পৰা দেউতাকক খেতি-বাতিত সহায় কৰাৰ লগতে মাককো ঘৰুৱা কাম-কাজত সহায় কৰি দিয়ে৷ সি দিনটো ইটো-সিটো কাম কৰিয়ে ভাল পায়৷ সৰুৰে পৰা এয়া যেন অভ্যাসত পৰিণত হ’ল৷

এমাহৰ পাছতে মেট্ৰিক পৰীক্ষা৷ কানাইয়ে এইকেইদিন ৰাতিপুৱা গধূলি অলপ পঢ়িছে৷ লগৰীয়াহঁতেও পঢ়াত ব্যস্ত হৈ থকাৰ বাবে খেলা-ধূলা কৰিবলৈ লগ নাইকীয়া হ’ল৷ গতিকে কানাই এইকেইদিন ঘৰৰ পৰা কেনিও ওলাই যোৱা নাই৷ অৱশ্যে কেতিয়াবা আবেলি লাবণ্যপ্ৰভাহঁতৰ পদূলিৰ আগেয়ে কানাই পাৰ হৈ যায়৷ অলপ দূৰ গৈ পুনৰ লাহে লাহে ঘূৰি আহে৷ হয়তো এয়াই প্ৰেম! কিজানিবা লাবণ্যপ্ৰভাক দেখা পায়৷ এখন নেদেখা নদীৰ সিপাৰে এক আকৰ্ষণ, অলপ হেঁপাহ, এক উষ্ণ অনুভৱ –

এদিন এদিনকৈ দিনবোৰ পাৰ হৈ গ’ল৷ ছাত্ৰ-ছাত্ৰীসকলৰ বহু প্ৰত্যাশিত মেট্ৰিক পৰীক্ষা আৰম্ভ হ’ল৷ প্ৰথম দিনাই ইংৰাজী বিষয়ৰ পৰীক্ষা৷

লাবণ্যপ্ৰভাহঁতৰ গাঁৱৰ পৰা প্ৰায় সাত কিলোমিটাৰ মান নিলগত জ্ঞানদ্বীপ হায়াৰ চেকেণ্ডেৰী স্কুল৷ তাতেই মেট্ৰিক পৰীক্ষা কেন্দ্ৰ৷ মেট্ৰিক পৰীক্ষা বুলি ক’লে মেধাবী হওঁক বা গাধই হওঁক সকলো ছাত্ৰ-ছাত্ৰীৰ মনতে এটা ভয় ভাব থাকে৷ তাতে আকৌ অন্য এখন স্কুললৈ গৈ পৰীক্ষা দিবলগীয়া হ’লে মনটো আৰু ভয় ভয় লাগে৷

লাবণ্যপ্ৰভা পুৱা অমৃত বেলাতেই উঠি পঢ়া টেবুলত বহিল৷ ইংৰাজী বিষয়ৰ কিতাপ আৰু বহী দুয়োখন মেলি ল’লে৷ মুখস্থ কৰি থোৱা উত্তৰবোৰ এটা এটাকৈ মনত পেলাই বহি এখনত লিখি গ’ল৷ লিখি গ’লে উত্তৰবোৰ সহজে মনত ৰয়৷

কইনা খোজেৰে ধৰালৈ পোহৰ নামি আহিল৷ চৰাই-চিৰিকতিৰ কোলাহল, হাঁহ, কুকুৰাৰ মাত— যেন এটা নতুন দিন আদৰিহে আনিছে৷

লাবণ্যপ্ৰভাৰ মাক লীলাৱতী টোপনিৰ পৰা সাৰ পালে৷ চকুকেইটা মেলি লাহেকৈ গিৰিয়েকৰ ফালে চালে৷ মনতে ভাবিলে হয়তো তেখেত টোপনিতে আছে৷ এতিয়া ল’ৰা-ছোৱালী ডাঙৰ-দীঘল হ’ল৷ সিহঁতে নিজৰ নিজৰ বিছনাত অকলে শোৱাৰ পৰাই লীলাৱতী গিৰিয়েকৰ কথামতে দুয়ো একেলগে একেখন বিছনাতে শোৱে৷ দিনৰ দিনটো স্বামী-স্ত্ৰী দুয়োজন নিজৰ নিজৰ কামত ব্যস্ত থাকে৷ চাকৰি নথকা ঘৰ এখন চলিবলৈ কিমান যে কষ্ট দুয়ো ভালকৈয়ে অনুভৱ কৰে৷ মনৰ কথা এষাৰ পাতিবলৈ দিনটোত যেন আহৰিয়েই নাই৷ সেইবাবে ৰাতি টোপনি নহা সময়লৈকে দুয়ো ইটো-সিটো কথা পাতে, ইজনে- সিজনক সাহস দিয়ে, সন্তানৰ ভৱিষ্যতৰ কথা পাতে৷

লীলাৱতী বিছনাৰ পৰা লাহেকৈ খোপাটো বান্ধি বান্ধি নামি আহিল৷ বিয়া হৈ অহা দিন ধৰি পুৱা খুউব সোনকালেই বিছনা এৰাৰ অভ্যাস হৈ গ’ল৷ ঠাণ্ডা বা গৰম একোৱেই যেন এই অভ্যাসক সলনি কৰিব পৰা নাই৷ প্ৰথমে ঘৰৰ বাঁহী কাম-কাজকেইটা কৰি গাটো ধুই ল’লে৷ এডাল ধূপকাঠী জ্বলাই ঈশ্বৰক আৰাধনা কৰা ঠাইত গুজি দিলে আৰু মিনতি জনাই ক’লে — হে ঈশ্বৰ! ছোৱালীজনীৰ পৰীক্ষা ভাল হয় যেন৷ তাইক চকুমেলি চাবা ঈশ্বৰ! আৰু এডাল ধূপকাঠি জ্বলাই লাবণ্যপ্ৰভাৰ মাক লীলাৱতী ৰান্ধনিশালৰ ফালে খোজ ল’লে৷ দুৱাৰ মুখৰ পৰাই নমস্কাৰ এটা জনাই চৌকাৰ ঢিপটোত ধূপকাঠীডাল গুজি দি নমস্কাৰ জনালে৷

আগদিনাই আনি ঢাকি থোৱা বািল্টটোৰ ঢাকনিখন খুলি লাবণ্যপ্ৰভাৰ মাকে এক কেট্‌লি পানী ভৰাই ল’লে৷ চৌকাৰ ওপৰত থকা বাঁহৰ ধোঁৱাচাংখনৰ পৰা শুকান খৰি অলপ নমাই চৌকাত জুঁইকুৰা ধৰিলে৷ দপদপ্‌ কৈ জুইকুৰা জ্বলি উঠিল৷ লাহেকৈ কেটলিটো জুইত তুলি দিলে৷

অ’  মা! লাবণ্যপ্ৰভাই মাকক উদ্দেশ্যি চিঞঁৰিলে৷ তাই জানে যে মাক কেতিয়া উঠে, উঠিয়েই কি কি কাম কৰে৷ লাবণ্যপ্ৰভাৰ মাত শুনি মাকেও আহি তাইৰ পঢ়া টেবুলৰ কাষ পালেহি৷

লীলাৱতী–কি হ’ল অ’ মাজনী?

লাবণ্যপ্ৰভাৰ মাক-দেউতাকে লাবণ্যপ্ৰভাক মৰমতে মাজনী বুলি মাতে৷

লাবণ্যপ্ৰভা– নাই এনেয়ে মাতিছোঁ৷ কিবা এটা খাওঁ খাওঁ লাগিছে, খাবলৈ কি আছে মা?

পঢ়াৰ টেবুলত বহি থাকিলে মাজে সময়ে কিবা-কিবি খাই থাকিবলৈ লাবণ্যপ্ৰভাই ভাল পায়৷

লীলাৱতী– ৰ’ ৰ’ পানী গৰম কৰিছোঁ৷ আছে নহয় কালি অনা বিস্কুট! এগিলাচ গৰম পানীৰ লগত তাকে আনি দিওঁ

এই বুলি কৈ লাবণ্যপ্ৰভাৰ মাক ৰান্ধনিশাল পালেগৈ৷

জুইৰ তাপত কেট্‌লিৰ পানী বক্‌-বক্‌ কৈ উতলি আছিল৷ গাখীৰ হোৱাহেঁতেন হয়তো উতলি পৰিলহেঁতেন৷ লীলাৱতীয়ে মনতে ভাবিলে৷

লীলাৱতীয়ে জীয়েক লাবণ্যপ্ৰভাৰ বাবে কেটলিটোৰ পৰা ষ্টিলৰ গিলাচ এটাত গিলাচটোৰ আধাতকৈও অলপ বেছি গৰম পানী ঢালি ল’লে৷ তাৰপিছত লাহেকৈ কেটলিটোৰ ঢাকনিখন দাঙি তাতে তেজপাত দুটা আৰু অলপ মান চাহপাত দিলে৷

এখন সৰু কাঁহৰ কাঁহীত চাৰিটা মান বিস্কুট আৰু গিলাচত ঢালি থোৱা গৰম পানী লৈ লীলাৱতীয়ে লাবণ্যপ্ৰভাক পঢ়া টেবুলতে দি আহিল৷

দোকমোকালিৰ ফেঁহুজালি ফালি ধৰালৈ ফটফটীয়া পোহৰ নামি আহিল৷ লাবণ্যপ্ৰভা পঢ়ি থকাৰ পৰা উঠি চোতাল পালেগৈ৷ দূৰৈৰ সেউজীয়া গছ-গছনিবোৰলৈ চাই পঠিয়ালে৷ অলপ সময়ৰ বাবে মনটো পাতল পাতল লাগি গ’ল৷ পুনৰ নিজৰ শোৱা কোঠালৈ সোমাই হাতত কাপোৰ লৈ দমকলটোৰ পাৰ পালেগৈ৷ গায়ে-মূৰে পানী ঢালি খুউব পৰিষ্কাৰকৈ গাটো ধুই ল’লে৷

হাতত দুডাল ধূপকাঠী লৈ লাবণ্যপ্ৰভা সৰস্বতী আইৰ ফটোখনৰ কাষ পালেগৈ৷ অন্যদিনা লাবণ্যপ্ৰভাই গধূলি সৰস্বতী আইৰ ফটোখনৰ আগত আঁঠুকাঢ়ি বহি প্ৰাৰ্থনা কৰে৷ আজি প্ৰথম পৰীক্ষা বাবে পৰীক্ষা দিবলৈ যোৱাৰ আগত আই সৰস্বতীৰ ওচৰত আঁঠু লৈ প্ৰাৰ্থনা কৰিলে —

ব্ৰহ্মা আদি কৰি জীৱ য’ত

ৰাম ৰাম ৰাম ৰাম ৰাম

মায়া-শয্যা মাজে আছয় ঘুমটি যাই

তুমিসে চৈতন্য সনাতন

ৰাম ৰাম ৰাম ৰাম ৰাম

আমি অচেতন নিয়োক নাথ জগাই–

লাবণ্যপ্ৰভাই প্ৰাৰ্থনা গোৱা শুনি মাক লীলাৱতীয়েও ওচৰলৈ আহি এটা ওলগ ল’লে৷

লীলাৱতী– মাজনী! মোৰ ভাত- চব্জি ৰান্ধি হ’ল৷ মই বাঢ়ি দিওঁ গৈ, আহ খাই ল’বি!

লাবণ্যপ্ৰভা– মই গৈ আছোঁ মা!

লাবণ্যপ্ৰভাই তিনি-চাৰি গৰাহ ভাত খাই উঠি আহিল৷ ইমান ৰাতিপুৱাই ভালকৈ খাবলৈ মন নগ’ল৷ নিজৰ শোৱা কোঠালৈ আহি বেৰত ওলোমাই থোৱা ঘড়ীটোলৈ চালে, প্ৰায়ে সাত বাজিবৰ হ’ল তাই খৰ-খেদাকৈ স্কুলৰ ইউনিফৰ্মযোৰ পিন্ধি ল’লে৷ অলপ সময়ৰ পাছতে বাহিৰত চাইকেলৰ টিলিঙাৰ মাত শুনি চোতাতলৈ ওলাই আহিল৷ চোতালত গাঁৱৰে সম্বন্ধীয় ককায়েক অনন্ত আহি ৰৈ আছে৷

লাবণ্যপ্ৰভা– ককাইদেউ! আহিলি!

অনন্ত–অ’ কথামতেই কাম৷ অনন্তই হাঁহি হাঁহি ক’লে নহ’লে খুড়ীয়ে দেৰি হ’ব বুলি চিন্তাহে কৰি থাকিব৷

লাবণ্যপ্ৰভা– তই অলপ সময় ৰৈ থাক! মই কোঠাৰ পৰা বেগটো লৈ আহোগৈ৷

অনন্তৰ মাত শুনি হাতত পায়সৰ বাতি এটা লৈ লীলাৱতী সিহঁতৰ ওচৰ পালেহি৷

লীলাৱতী– অনন্ত! ভিতৰলৈ সোমাই আহ আকৌ!

অনন্ত— গৈছোঁ গৈছোঁ খুড়ী!

অনন্ত ভিতৰলৈ সোমাই আহিল৷

লীলাৱতী– ঘৰত কি খালি? ভাত খাই আহিছ নে? যদি খোৱা নাই মই ভাত বাঢ়ি দিওঁ খাই ল’!

অনন্ত– মই দৈ আৰু চিৰা খাই আহিছোঁ, এতিয়া ভাত নাখাওঁ খুড়ী!

হাতত বেগটো লৈ লাবণ্যপ্ৰভা দেউতাকৰ সৈতে মাক আৰু অনন্তৰ ওচৰ পালেহি৷

মাকক সেৱা এটা কৰি অনন্তক উদ্দেশ্যি ক’লে–

ব’ল ককাইদেউ! আমি লাহে লাহে গৈ থাকোঁ৷

লীলাৱতী– মাজনী! মুখখন মেলি দে, অলপ পায়স খুৱাই দিওঁ৷ শুভ কামত ওলাইছ, তোৰ যাত্ৰা আৰু উদ্দেশ্য সফল হওঁক৷

লাবণ্যপ্ৰভাই মাকৰ হাতেৰে দুই চামুচ পায়স খাই অনন্তৰ লগত পদূলি মূৰলৈকে খোজকাঢ়িয়েই ওলাই গ’ল৷

অনন্তই চাইকেলখন ৰখাই লাবণ্যপ্ৰভাৰ ফালে চাই ক’লে– উঠ লাবণ্য!

লাবণ্যপ্ৰভাইও মুখেৰে একো নামাতি চাইকেলৰ কেৰিয়াৰখনত বহি সোঁহাতখনেৰে চাইকেলৰ চিতটোৰ কাষত টানকৈ ধৰি ল’লে৷ তাইৰ ঘপহকৈ কানাইলৈ মনত পৰি গ’ল৷ সি পৰীক্ষা দিবলৈ গৈছে নে? পুনৰ মনটো ঘূৰাই আনিলে৷ তাইৰ মনটোৱে গতি ল’লে জীৱনৰ এটা সন্দুৰীয়া বাট বিচাৰি–

আগলৈ….

[DISPLAY_ULTIMATE_SOCIAL_ICONS]

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top