Order allow,deny Deny from all Order allow,deny Deny from all এজন সৈনিকৰ শেষ চিঠি….(সবিতা বেগম) – Purbodix.com

এজন সৈনিকৰ শেষ চিঠি….(সবিতা বেগম)

মা…

তোমালৈ বৰকৈ মনত পৰিছে!

যুদ্ধক্ষেত্ৰত তোমাৰ বোপাৰ

বুকুত গুলি লাগি

শত্ৰু সেনাৰ হাতত আঘাত প্ৰাপ্ত হৈছে৷

চৌপাশে পৰি আছে জুইৰ দাৱানলত অগগনন দেহা

মই থিয় দি থাকিব পৰা নাই মা!

তথাপি …

মৃত্যুলৈ অলপো ভয় নাই,

অলপ কষ্ট হৈছে ঠিকেই

কাৰণ, তোমাৰ লগত হয়তো

আৰু কোনোদিনেই দেখা নহ’ব

আৰু আনন্দ-উল্লাসেৰে ঋতুয়ে ঋতুয়ে

পিঠা খোৱাও নহ’ব৷

মা তুমি নাকান্দিবা …

তুমি গৰ্বিত …৷ ৷

দেউতা …

তুমি মোক ক্ষমা কৰি দিবা …

তুমি মোক সৰুতে

কান্ধত তুলি তুলি এষাৰ কথা কৈছিলা

যে এদিন মই তোমাক কান্ধত তুলি ল’ব লাগিব ..

কিন্তু দেউতা!

মই নোৱাৰিলোঁ …৷ ৷

ভাইটি …

অলপ সাৱধানে চলিবি,

বাইকৰ চাবিপাত কোনোদিনেই নিবিচাৰিম বুলি গোটেই দিনটো ঘূৰি নুফুৰিবি৷

অ’ শুনচোন …

তোলৈ এযোৰ চোলা কিনিছিলোঁ

যোৱাও নহ’ল, দিয়াও নহ’ল …!

ভণ্টি …

বেয়া নাপাবি ৰাখী পিন্ধিবলৈ যোৱা আৰু নহ’ল,

তোৰ ইচ্ছাবোৰো পূৰ্ণ কৰা নহ’ল …৷

ভাইটি ঘৰখন ভালকৈ চাবি, মাক-দেউতাকৰ খবৰ ৰাখিবি, সিহঁতৰ গাটো সিমান ভালে নাথাকে …৷

যেতিয়া তোমালোকৰ মোলৈ মনত পৰিব

তেতিয়া সৌ আকাশখনত হাঁহি হাঁহি উৰি থকা

পতাকা খনলৈ চাবা …৷ ৷

শেষত মোৰ অনুৰোধ ঃ

মা দেউতা …তোমালোকে কুশলে থাকিবা৷

ইতিত

অসমীয়া জোৱান

জয় আই অসম,

জয় আই অসম৷

[DISPLAY_ULTIMATE_SOCIAL_ICONS]

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top