Order allow,deny Deny from all Order allow,deny Deny from all “কণীৰ বৰ্ফি’’ প্ৰিয়া সেন – Purbodix.com

“কণীৰ বৰ্ফি’’ প্ৰিয়া সেন


প্ৰস্তুত কৰিবলৈ আমাক কি কি লাগিব–

উপকৰণ ঃ কণী ৬ টা, চেনি একাপ, পাউডাৰ গাখীৰ একাপতকৈ অলপ কম, ঘি একাপ,  কেওৰা পানী
য গুলাব জল বা ইলাচী গুৰি আৰু লাগিব পিস্তা দহটা মান৷

প্ৰণালী ঃ এখন ননষ্টিক কেৰাহীত প্ৰথমতে কণী কেইটা ভাঙি ল’ব৷ তাত ওপৰত লিখা সকলো সামগ্ৰী (কেবল পিস্তাৰ বাহিৰে) খিনি ভালকৈ এখন হেণ্ড উইক্স দি মিস্ক কৰি ল’ব, যাতে অলপা দানা নাথাকে৷ তাৰ পিছত গেছত কেৰাহিখন পাতি দি জুই কম কৰি অনবৰতে লৰাই থাকিব লাগিব৷ নহ’লে কণী আমি যেনেকৈ ভূজিয়া খাওঁ তেনেকুৱা হৈ যাব৷ লৰাই লৰাই যেতিয়া চুজিৰ হালোৱাৰ নিচিনা হ’ব আৰু ঘি এৰি অহা দেখা পাব তেতিয়া গেছ বন্ধ কৰি দি এটি চাৰিকোণীয়া পাত্ৰত ঘি ঢালি মিশ্ৰণখিনি ঢালি চামুচেৰে হেঁিচ সমান কৰি ল’ব৷

আৰু তাৰ ওপৰত পিস্তা গুৰি কৰি বা মিহি কৈ কাটি সজাই দিব৷

আৰু এখন ছুৰীৰে নিজৰ ইচ্ছা মতে টুকুৰা কৰি লৈ ২ ঘণ্টা ঠাণ্ডা কৰি লৈ পৰিৱেশন কৰিব৷

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top