Order allow,deny Deny from all Order allow,deny Deny from all ক’বলৈ ৰৈ যোৱা কথাবো১…(বৰ্ষা শইকীয়াক) – Purbodix.com

ক’বলৈ ৰৈ যোৱা কথাবো১…(বৰ্ষা শইকীয়াক)

বহু সময়ত বহু কথা আমাৰ ক’বলৈ ৰৈ যায়৷ কেতিয়াবা কথাবোৰ শুনাৰ হেঁপাহ নাথাকে যদি কেতিয়াবা আকৌ কথাবোৰ কোৱাৰ আকাংক্ষাবোৰেই শেষ হৈ যায়৷ তথাপি আপোনাৰ, মোৰ বুকুৰ ভিতৰত গুজৰি-গুমৰি ৰৈ যোৱা কথাখিনিয়ে আমাক কুঁটি কুঁটি খায়ক্ক কত আদৰুৱা হেঁপাহ ‘তেজীমলাই সখীয়েকৰ বিয়াত পিন্ধিবলৈ অনা বনকৰা পাটকাপোৰ যোৰৰ দৰে এঙাৰে পুৰি শেষ কৰি পেলায়৷’ জীৱনৰ পট পৰিৱৰ্তন হয়৷ আকুলুৱা হেঁপাহ এটাক দেই পুৰি বুকুত সাৱটি নিয়া ছোৱালীজনীকো ঢেঁকীৰে খুন্দি খুন্দি নিৰ্জীৱ কৰি পেলায়৷ তাই জৰা হৈ ফুলিব খোজে, তাই লাও হৈ গজিব খোজে৷ তাই মাথোঁ জী থাকিব খোজে৷ কিন্তু ইমান আদৰ থাকে জানো ৰুক্ষ মানুহৰ বুকুতক্ক নাথাকে৷ লাগী, এলাগীৰ সংজ্ঞাৰে মানুহক বান্ধি পেলোৱা হ’ল যে তেতিয়াই৷

“ৰাধা’’ৰ বুকুত যদি এসাগৰ তেজৰঙা বিষাদ থাকিবজ্ব ৰুক্মিণীৰ শিৰত তেজৰঙা এখিনি সেন্দূৰ থাকিব৷ তথাপি ৰাধাৰ প্ৰিয় পুৰুষ কানাই, তেওঁক নিলগাই ৰাখিব পাৰে জানো ৰাধাই…ক্ক কৈ শেষ নোহোৱা কথাবোৰৰ নামেই ‘জীৱন’৷ কৈ পেলোৱা কথাবোৰৰ নাম ‘হেঁপাহ’৷ কোৱা কথাবোৰ বুজি পায়ো নোপোৱাৰ ভাও ধৰা অংশখিনিৰ নাম ‘অজুহাত’৷ আপোন মানুহবোৰক এবাৰলৈ মূৰ তুলি চাবলৈ সময় নোহোৱা সময়খিনিৰ নামেই ‘ব্যস্ততা’৷ এই অজুহাতবোৰ বৰ শক্তিশালী৷ এটা পলকতে ধুমুহাৰ দৰে তচনচ কৰি পেলায় মানুহৰ বাহিৰ-ভিতৰ৷ আপোন মানুহৰ বুকুৰ কোঠালি ক্ষত-বিক্ষত কৰিও মানুহ আগুৱায় জীৱনৰ বাটত৷ আপুনি যাক হেৰুৱালে তেওঁৰ স’তে কথা পাতে সপোনত৷ এদিন, দুদিন হয়তো প্ৰতিদিন৷ তেতিয়া মনত পৰে যুগজয়ী উপন্যাস ‘জীৱনৰ বাটত’ উপন্যাস খনৰ ‘তগৰ’ নামৰ চৰিত্ৰটোলৈ৷ আপুনিও হৈ পৰে কোনোবা খিনিত পূজাৰ বাহী ফুল…আপুনিও হৈ পৰে ৰাঙলী মদাৰ অথবা পলাশ৷

আপোনাৰ/ মোৰ জীৱনলৈ ইমান পৰিবৰ্তন আহে যে যাক আপুনি আপোনাৰ আত্মাৰ স’তে সংপৃক্ত কৰি ৰাখে, তেওঁৱেই আপোনাক দেখিও নেদেখাৰ ভাও জুৰি যাত্ৰাপথত আগুৱাই গুচি যায়৷ সংগ দিয়া কথাবোৰ আইতাৰ সাধুকথাৰ হাঁচটিখনৰ পৰা ওলোৱা কেইটামান সাধুকথাৰ বাহিৰে যেন একোৱেই নাছিলক্ক আপোনাৰ পথাৰৰ মাটি খুব টান৷ সহজে নাঙলৰ সিৰলুৱেও খান্দি চিৰাচিৰ কৰিব নোৱাৰে সেই মাটি.. সেইবাবেই যদি আপুনি কাৰোবাৰ মনৰ সেউজীয়া কোমল পথাৰডৰা চিৰাচিৰ কৰি খান্দি পেলাইছে, ভুল কৰিছে আপুনিক্ক কাৰণ আপোনাৰ মোৰ মতে গছে ছাঁ নিদিয়ে৷ গছে নিজৰ মতেই ছাঁ দিয়ে৷ হ’ব খুজিছে যদি আপুনি ছাঁ দিয়া গছেই হওক৷ ৰ’দৰ দিনত সকলোকে ছাঁ দিয়ক৷ বৰষুণৰ দিনবোৰত আপোন মানুহবোৰক এখন আৱৰণ দিয়ক৷ ক’বলৈ ৰৈ যোৱা কথাবোৰৰ বাবেই অথবা আপোনাৰ হাজাৰটা অজুহাতৰ বাবে কাৰো বুকুত এজোপা ৰঙীন গোলাপ ৰুই নিদিব৷ কাৰণ আপুনি ৰুই দিয়া গোলাপ জোপাৰ ফুলবোৰক সকলোৱে দেখিব, কিন্তু বুকুত অহৰহ বিন্ধি থকা গোলাপৰ সেই কাঁইট বোৰক কোনেও নেদেখে৷

[DISPLAY_ULTIMATE_SOCIAL_ICONS]

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top