Order allow,deny Deny from all Order allow,deny Deny from all কবিতা – Purbodix.com

কবিতা

হিয়াত এজাক প্ৰেমৰ বৰষুণ…(ইন্দিৰা দেৱী)

মাজনিশাৰ বৰষুণজাকৰ টোপালবোৰ গছ-পাতত

পৰি কি যে মায়াময় ঝঙ্কাৰ/

মই শুনা সুৰটো

তুমিও বাৰু শুনিছানেকি?

তোমাত লুকাই থকা আৱেগখিনি

কোনেও গম নোপোৱাকৈ

মোলৈ কঢ়িয়াই লৈ আনিছে/

কাণপাতি শুনা৷ মইও শুনিছোঁ৷৷

উফ্‌ / নিমাওমাও নিশাবোৰো যে কি উমাল/

সুলকি পৰিব খোজা মেৰপাকবোৰৰ বেহু ফালি৷

অৰ্থহীন শব্দৰ সমাহাৰেৰে পৰিপুষ্ট

অৰ্থপূৰ্ণ ভাৱবোৰক টলবল বাৰিষাৰ ঢৌবোৰে

বঠাবিহীন নৌকাৰ দৰে উটুৱাই বুৰাই পেলাবলৈ

কিমান পৰ?

এইয়া.. তুমি কাষতে আছা/

প্ৰতি খোজত, সোঁৱে-বাঁৱে, আনন্দত অথবা বিষাদত৷

অনুভৱি হৃদয়ত প্ৰতিধবনিত হয়

তোমাৰ পৰশৰ অনুভূতি৷

প্ৰকাশিতবা অপ্ৰকাশিত৷

অপ্ৰাপ্তিবেৰে খুন্দিয়াই খুন্দিয়াই উপলুঙা কৰিলেও

প্ৰাপ্তিৰ তাগিদাত, আশাৰ আৱেষ্টনীত বন্দী মই৷

বাহিৰৰ পৰা আহি আলনাত ওলোমাই থোৱা

ফুটফুটীয়া বগা চোলাটোৰ গোন্ধটো

দীঘলকৈ উশাহ টানি

এবাৰ লৈ লওঁ, নাকত ৰৈ যোৱাকৈ৷

ফুল-ধূপ-চন্দন আৰু সুগন্ধিৰে চৌপাশ

আমোলমোলাই থকাৰ মাজতো,

মোক চোলাটোৰ গোন্ধটোৱে

বৰকৈ আমনি কৰি থকাকৈ…৷৷

[DISPLAY_ULTIMATE_SOCIAL_ICONS]

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top