যান-বাহন(ঊবাহাৰুল ইছলাম)
সাৱধান, সাৱধান
বৰ সাৱধান,
যান-বাহন চলাৰ ক্ষণত
হ’বা সাৱধান৷
সোঁফাল বাওঁফাল
সন্মুখৰ ফাল,
খোজকাঢ়ি যাওঁতে
ল’বা বাওঁফাল৷
দেখিছানে ট্ৰেফিক লাইট
বৰ মজা লাগে,
ৰাস্তাবোৰ পাৰ হওতে
যাবা লগে-ভাগে৷
ৰঙা লাইট জ্বলিলে
অলপ সময় ৰ’বা,
হালধীয়া লাইট জ্বলিলে
গমি-পিটি চাবা৷
যানজঁটৰ সময়ত
সতৰ্ক হ’বা,
সেউজীয়া লাইট জ্বলিলে
আগবাঢ়ি যাবা৷
সাৱধান, সাৱধান
বৰ সাৱধান,
যান-বাহন চলাৰ ক্ষণত
হ’বা সাৱধান৷
[DISPLAY_ULTIMATE_SOCIAL_ICONS]