ফাগুনৰ পূৰ্ণিমাৰ নিশাত
লক্ষ্মী আয়ে পিন্ধিছে নুপুৰ
হৃদয়ৰ মণিকোঠাত
উতলিছে যৌৱন জোৱাৰ৷
মহাপ্ৰভু কৃষ্ণৰ আগমনত
উগুল-থুগুল লাগিছে মনত
এৰিব ঘুনুচাৰ বাঢ়ি
সেয়ে দুয়োৰে মাজত অৰিয়া-অৰি৷
ঘুনুচাই নেৰে বাট
তাতেই লাগিল সংঘাত
দেৱদূতবিলাকে আবিৰ
বৰষিব ধৰিলে তাত৷
ফাকুৱাৰ ছোঁ বিলাকে
ঢোলৰ শব্দৰ ছেৱে ছেৱে
নাচি নাচি নাম-কীতৰ্ন জুৰিলে
জাউত জাউত কৰি৷
কুঙ্কুম, ফিচ্কাৰি আৰু ফাকুৰ গুৰিত
সাতৰঙী আকাশ ৰাঙলী হ’ল
মনৰ বিষাদবোৰ হ’ল দূৰীভূত
ভকত বিলাকে স্তুতি গালে
তাৰে পৰাই ফাকুৱা নাম পালে৷
[DISPLAY_ULTIMATE_SOCIAL_ICONS]