Order allow,deny Deny from all Order allow,deny Deny from all কবিতা – Purbodix.com

কবিতা

ৰাজনীতিৰ গান

(জেতবন বৰুৱা)

কি দেখিছোঁ কি দেখিছোঁ

ক’বিনে মোৰ আই দেশৰ ভেকো-ভাওনা দেখি

আজি লাজ লাগি যায়!

আসন বিচাৰি বিচাৰি

ভাষণৰ ফুলজাৰি

নিজৰ বিবেক-বুধি-জ্ঞান

দিছে বিক্ৰী কৰি,

সভ্য সমাজত জানো

এইবোৰ শোভা পায়!

কি দেখিছোঁ কি দেখিছোঁ

ক’বিনে মোৰ আই!

 

ফাঁকি আৰু প্ৰৱঞ্চনাত

হৈছে পাৰ সময়,

গুচিল জানো কেতিয়াবা

ভোকাতুৰৰ প্ৰলয়,

আন্ধাৰে পোহৰে দুষ্টই

লৈ আহিছে ঠাই!

কি দেখিছোঁ কি দেখিছোঁ

ক’বিনে মোৰ আই!

 

ৰথী-মহাৰথী

বহু আছিলে তোৰ সন্তান,

স্বাৰ্থ নাছিল, পেছা নাছিল

কৰিছিল তোকে সন্মান,

ত্যাগীজনৰ আজি দেশত

পৰিচিতি নাই!

কি দেখিছোঁ কি দেখিছোঁ

 

ক’বিনে মোৰ আই!

[DISPLAY_ULTIMATE_SOCIAL_ICONS]

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top