মাতৃ, যিয়ে আমাক এখন নতুন
পৃথিৱীৰ সৈতে পৰিচয় কৰোৱাই দিয়ে ৷ যিয়ে নিস্বাৰ্থ ভাৱেৰে সকলো কষ্ট সহ্য কৰি কেৱল আমাৰ লালন পালনতে নিজকে উছৰ্গিত কৰে ৷ হয়তো সেয়ে আমাক সামৰিলৈ থকা এই ভূমিকো এগৰাকী মাতৃ বুলিয়েই কোৱা হয়, যিয়ে নিস্বাৰ্থ ভাৱেৰে আমাৰ সকলো ইচ্ছা পূৰণ কৰি আহিছে ৷ বহু নিযুত কোটি বৰ্ষৰ আগতেই এই বিশ্বত হয় তেওঁৰ আগমন৷ তেওঁৰ বুকুতেই আমাৰ জন্ম, কৰিছে আমাৰ লালন পালন৷ তেওঁৰ উত্থানেই আমাৰ উত্থান, তেওঁৰ পতনেই আমাৰ পতন৷ সকলো বিৱৰ্তনৰ বাবেই তেওঁ সাজু৷ সাগৰৰ বিশাল ঢৌৰে, বৈ অহা কোবাল নৈৰ সোঁতেৰে, মাটিৰে, বায়ুৰে পলকতে সকলোকে সামৰি লৈ যাব পাৰে নিজত বুকুৰ মাজলৈ৷ কোনোবাই কয় ধৰিত্ৰী, কোনোবাই মৰ্ত্যধাম, কোনোবাই বসুন্ধৰা, কোনোৱে কয় মৃত্তিকা৷ অলেখ নামেৰে নতশিৰ হওঁ আামি তেওঁৰ ওচৰত৷ তেওঁৰ গৰ্ভৰ পৰাই ওলাই অহা আহাৰ মুঠিয়েই হৈছে আমাৰ জীয়াই থকাৰ ঊৰ্জা৷ সেয়ে বিভিন্ন অনুষ্ঠানেৰে তেওঁক আমি কৃতজ্ঞতা জনাও৷ সুন্দৰ ফচলৰ সপোন দেখি হাত পাতি ৰও এই মাটিৰ ওচৰত৷ ভূমি পূজণেৰে আদৰো মৌচুমীক৷


কৃষি প্ৰধান দেশ বাবেই, ভাৰতত বৰ্ষা ঋতুৰ আগে আগে এনে পৰম্পৰা ঠায়ে ঠায়ে পালন কৰি অহিছে ৷ উৎসৱ পৰ্বই এখন ঠাইৰ সংস্কৃতি, পৰম্পৰা আৰু ইতিহাসক দৰ্শায়৷ আমাৰ দেশৰ ভিন্ন ঠাইৰ ভিন্ন পৰ্বসমূহৰ প্ৰায়ে ধৰ্ম ভিত্তিক কিম্বা কৃষি ভিত্তিক হয় ৷ ধৰ্ম আৰু কৃষিৰ লগত জড়িত এই উৎসৱ পৰোক্ষ বা প্ৰত্যক্ষ ভাৱে ইটোৰ সিটোৰ লগত সাঙোৰ খাই থাকে ৷ আমাৰ ভাৰতবৰ্ষৰ দুখন প্ৰদেশ অসম আৰু ওড়িশাৰ মাজত এই খিনিতে ভালেখিনি সামঞ্জ্যস্য আছে ৷ দুয়োখন ৰাজ্যতে আহাৰ মাহত দুটি বিশেষ পৰ্ব পালন কৰা হয়৷ অসমত ‘অম্বুৱাচী’ আৰু উৰিষ্যা ‘ৰজ’৷ লোক বিশ্বাস মতে ঐশ্বৰিক শক্তিয়ে আমাৰ জীৱন প্ৰণালীৰ ওপৰত সদায়ে প্ৰভাৱ পেলাই আহিছে৷ শক্তিশালী বসুধাৰ বুকুত সন্নিৱিষ্ট হৈ থকা পৰ্য্যাপ্ত পৰিমাণৰ ঊৰ্জা [শক্তি]ই হৈছে আমাৰ জন্ম আৰু জীয়াই থকাৰ আঁৰৰ ৰহস্য৷ সেয়ে এগৰাকী মাতৃ বা নাৰীৰ ৰূপেৰে এই ভূমিক অতীজৰে পৰা পূজা অৰ্চনা কৰি অহা হৈছে ৷ যদিও ধৰ্মীয় বা পৌৰাণিক তথ্য অনুসৰি দুয়ো ঠাইৰে লোক বিশ্বাসত কিছু ভিন্নতা আছে, কিন্তু মূল উদেশ্য এটাই৷ অসমত অম্বুৱাচী আৰু ওড়িশাত ৰজৰ পিছৰ পৰাই কৃষক সকলে সমূখত এটি সুন্দৰ, সুস্থ ভৱিষ্যতৰ সপোনলৈ নতুন উদ্যমেৰে কৃষিকাৰ্য্যত ব্ৰতী হৈ পৰে৷ বৰষুণৰ সেই প্ৰথম টোপালেই তেওঁলোকৰ মনত এক আশাৰ সঞ্চাৰ কৰে, য’ত সুন্দৰ ফচলৰ লগতে সপোন দেখে এক সুস্থ ভৱিষ্যতৰ৷অসমৰ মা কামাখ্যাৰ দৰে ওড়িশাতো সেই সময়চোৱাত বসুন্ধৰাই যাক বিষ্ণুৰ পত্নী বুলি মনা হয়, তিনি দিনৰ কাৰণে নিজৰ মাহেকীয়া ধৰ্ম পালন কৰে৷ ওড়িশাৰ প্ৰায়ভাগ উপকূলীয় অঞ্চলত এই পৰ্বক ৰজ নামেৰে জনা যায়৷ যিদৰে এগৰাকী নাৰীয়ে নিজৰ মাহেকীয়া ধৰ্ম পালন কৰি, নিজৰ জন্ম দিব পৰাৰ ক্ষমতাক দৰ্শাই, ঠিক একেদৰে বসুধাও এই ধৰ্ম পালন কৰে৷ ওড়িশাৰ গাঁও অঞ্চলত ৰজক কৃষি ভিত্তিক পৰ্ব ৰূপে পালন কৰি আহিছে৷ জেঠ মাহৰ শেষৰ দিনাক পহিলা ৰজ আৰু আহাৰ মাহৰ প্ৰথম দিনাক ৰজ সংক্ৰান্তি বুলি কোৱা হয়৷ ৰজ সংক্ৰান্তিৰ পৰাই নতুন বছৰত আগমন হয় মৌচুমীৰ আৰু পাতনি মেলে কৃষি বৰ্ষই৷ বাৰিষাৰ প্ৰথম টোপাললৈ অধীৰে অপেক্ষা কৰি থকা ভূদেৱীয়ে সেই পানীৰ সংস্পৰ্শত নিজকে কোমলাই নতুন ফচল উৎপাদনৰ বাবে প্ৰস্তুত কৰি তোলে৷ এই সময়চোৱাত সকলো কৃষি কাৰ্য্য স্থগিত ৰখা হয়৷ নাঙল, কোৰ আদি ব্যৱহাৰ কৰি হনন কাৰ্য্যৰে ভূমিক কষ্ট দিয়া নহয়৷ সেইয়া হৈছে তেওঁৰ বিশ্ৰামৰ দিন৷ নিজকে উৰ্বৰ কৰি সুন্দৰ ফচল তৈয়াৰ কৰি উলিৱাৰ প্ৰস্তুতি৷ সেয়ে ৰজ পৰ্বক বসুধামাৰ পৰ্ব বুলিও কোৱা হয়৷ যিহেতু এগৰাকী নাৰীৰ দেহত পৃথিৱীৰ দৰেই জন্ম দিয়া আৰু কষ্ট সহন কৰিব পৰা শক্তি সঞ্চিত হৈ থাকে, সেয়ে ৰজ পৰ্বক নাৰী সকলৰ পৰ্বও কোৱা হয় ৷ এই তিনি দিন ওড়িশাত মহিলা বা অবিবাহিতা সকলক ঘৰৰ সকলো কাম কাজৰ পৰা বঞ্চিত ৰখা হয়৷ প্ৰথম দিনাক কয় ‘পহিলা ৰজ’, দ্বিতীয় দিনাক ‘ৰজ সংক্ৰান্তি’ আৰু তৃতীয় দিনাক কোৱা হয় ‘ভূ দাহ বা বাহি ৰজ’৷ অন্তিম বা চতুৰ্থ দিনৰ দিনটোক ‘বসুমতি স্নান’ বুলি কোৱা হয়৷ প্ৰথম দিনা ৰাতিপুৱা শুই উঠিয়েই চুলি ফণিয়াই, গাত হালধি সানি মহিলাসকলে নদীত গা ধুবলৈ যায়৷ ইয়াৰ পিছৰ দুদিন স্নানৰ পৰা সম্পূৰ্ণ বিৰত থাকে৷ সেই কেইদিন মহিলা বা ছোৱালীসকলে খালি ভৰিৰে মাটিৰ ওপৰত খোজ নাকাঢ়ে বা মাটিৰ ওপৰত কোনো খন্দা মেলাও কৰি বসুধাক কষ্ট নিদিয়ে৷ বসুমতি স্নানৰ দিনা ঘৰৰ মহিলা সকলে শিলপতাক বসুধা ৰূপে মানি, তেওঁক হালধি সানি স্নান কৰোৱায়৷ তাৰ পিছত সেই শিলপতাক সেন্দুৰ, ফুলেৰে সজাই বিবিধ ফলেৰে তেওঁক পূজা অৰ্চনা কৰি প্ৰসাদ অৰ্পন কৰে৷
এই তিনিদিনত হাতত থকা অফুৰন্ত সময়ত মহিলাসকলে ঘৰত বিবিধ খেলৰ আনন্দ লয়৷ অবিবাহিতা সকলে আম গছৰ ডালত ৰছী বান্ধি জুলনাত জুলি ৰজ গীত গাই এই উৎসৱক অধিক ৰঙীন কৰি তোলে৷
“ বনস্তে ডাকিলা গজ
বৰ্ষকে থৰে আচিছি ৰজ
আচিছি ৰজলো ঘেনি নুআ চজ বাজ
বউললো ঘেনি নুআ চজ বাজ ”
প্ৰেম, মৈত্ৰেয়ীৰ ওপৰত আধাৰিত ৰজ গীত ওড়িশাৰ জনপ্ৰিয় লোকগীত সমূহৰ ভিতৰত এক৷
যিদৰে পৃথিৱীয়ে নিজৰ ক্ষুধা পূৰণৰ স্বাৰ্থত বাৰিষাৰ প্ৰথম টোপাল পানীৰ অপেক্ষাত ৰয়, ঠিক একেদৰে ঘৰৰ অবিবাহিতা সকলেও নিজকে সজাই পৰাই অগামি বিবাহ প্ৰস্তাৱৰ কাৰণে নিজকে প্ৰস্তুত কৰি তোলে ৷ সাজ-সজ্জা, খেল-ধেমালি এই পৰ্বৰ এক অপৰিহাৰ্য্য অংশ৷ সাধাৰণতে ওড়িশাত পৰিয়ালত বিবাহৰ প্ৰস্তাব এই সময় চোৱাতেই দিয়া হয়৷ চাউলৰ গুৰি, গুঞ্জ, নাৰিকল, কৰ্পূৰ, ঘীৰে তৈয়াৰী বিবিধ পিঠা পনাৰ আয়োজনেৰে অতিথিক আপ্যায়ন কৰা যায়৷ ইয়াৰে ভিতৰত পোড় পিঠা এবিধ পিঠা যি ৰজ পৰ্ব উপলক্ষে মহিলাসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা হয়৷ ইয়াৰ উপৰিও ৰজ বিশেষ মিঠা পাণ প্ৰস্তুত কৰা হয় খাবলৈ ৷
জন্ম দিয়া গৰাকীয়েই কেৱল মাতৃ নহয় ৷ সেই প্ৰতি গৰাকী নাৰীয়েই এগৰাকী মাতৃ যিয়ে নিজৰ মাজত পঞ্জীভুত হৈ থকা শক্তিৰে আমাক সকলো কঠিন পৰিস্থিতিৰ সন্মুখীন হবলৈ সাহস যোগাই, সেই শক্তি যিয়ে আমাক যুঁজিবলৈ শিকাই, সেই উদাৰতা যিয়ে আমাক ক্ষমা কৰিবলৈ শিকায়৷ মাতৃ সেই প্ৰতি গৰাকী নাৰীয়েই, যাক ১০ -১২ বছৰ বয়সতেই শোষণ কৰি মোচৰি পেলোৱা হয় ৷ ভূ দেৱীৰ ওচৰত যিদৰে আমি নতশিৰ হওঁ, তেওঁলোকৰো সমান অধিকাৰ আছে সেই শ্ৰদ্ধা, সন্মান আৰু মৰম পোৱাৰ লগতে জীয়াই থকাৰো৷
[DISPLAY_ULTIMATE_SOCIAL_ICONS]