Order allow,deny Deny from all Order allow,deny Deny from all গুণ্ডাৰ ভালপোৱা….(নাচিমা য়াচমিন) – Purbodix.com

গুণ্ডাৰ ভালপোৱা….(নাচিমা য়াচমিন)

সি এটা গুণ্ডা ৰাগিণী, ৰাস্তাত ৰখি তাৰ লগত কিয় কথা পাতিছ তই?

মানুহে চালে তোক বেয়া বুলি ক’ব৷

ঃ মোৰ মন যায় তেওঁৰ বিষয়ে জানিবলৈ, মানুহজনৰ এই গুণ্ডা খঙাল মুখখনৰ আঁৰত বহুত দুখ লুকাই আছে এনে লাগে মোৰ৷

ঃ তোৰ এইবোৰ কথা মনৰ পৰা উলিয়াই দে, ব’ল এতিয়া ঘৰলৈ৷

তাই বায়েকৰ কথাত গুচি যায় যদিও মনটোত অশান্তি লাগি থাকিল৷

তাই ঘৰত আহিও ভাবি থাকিল, ইমান ধুনীয়া… বগা, সুঠাম দেহৰ যুৱকজন কিয় বাৰু এনেকুৱা গুণ্ডা হ’ল৷  শুনিছোঁ ফিজিক্সত মেজৰ লৈ ফা©ৰ্† ক্লাছত উত্তীৰ্ণ হৈছিল৷

এতিয়া, কিয় এনে হ’ল…

কিয় মানুহবোৰে তেওঁক দেখি ভয় কৰে?

পিছদিনা তাই গুণ্ডাটোৰ লগত সাহস কৰি মাত দিলে, প্ৰথমে তাইক দম দিছিল যদিও তাইৰ মৰমলগা মায়াৱী কথাবোৰ ভাল লাগিব ধৰিছিল, সেই খঙাল গুণ্ডাজনৰ৷

ঃ  মানস, তুমি কিয় গুণ্ডামিবোৰ কৰা, মানুহে বেয়া বুলি কয়, চাকৰি এৰি এইবো১…

ৰগিণীয়ে মানসৰ কান্ধত মুৰটো পেলাই কৈছিল;

ঃ তুমিও মানে মোক বাকী মানুহৰ নিচিনাকৈ গুণ্ডা বুলি ভাবা৷ তোমাক মই অলপ বেলেগ বুলি ভাবিছিলোঁ ৰাগিণী৷

ঃ Sorry মানস, মই যদি তোমাক তেনেকৈ ভাবিলো হয়, ইমান দিন ভাল নাপালোঁহেঁতেন, কোনেও নাজানিলেও মই জানো তুমি সদায় বেলেগক সহায় কৰাৰ বাবেহে মাৰ পিট কৰা৷ তুমি কৰা কামবোৰ সঠিক কিন্তু ইয়াৰ বাটহে সঠিক নহয়৷

মোৰ গুণ্ডাটো বুলি কৈ গালত লাহেকৈ চুমা এটা দি দিলে৷

এই গুণ্ডাটোৱে আমাৰ চিধা চাধা ছোৱালীজনীক ফুচুলাই নিজৰ প্ৰেমৰ জালত ফচাইছে৷ ইয়াৰ এনেকুৱা অৱস্থা কৰা তুমি যাতে জেলৰ ভিতৰত পচি মৰে৷ সঁচাই কেছবোৰ তাৰ নামত নামত লগাই দিয়া, মুঠতেই ওলাব নোৱাৰে যেন৷

চিনাকি ইন্সপেক্টৰজনক ৰগিণীৰ দেউতাকে ক’লে৷

ভাল অকল গুণ্ডাজনে পোৱা নাই, ময়ো পাইছিলোঁ৷ আৰু মই পানী কেঁচুৱা নহয় যে ললিপপ দি ফুচুলাই প্ৰেমৰ জালত পেলাব৷ মই  adult হয়৷ মোৰ ভাল-বেয়াৰ কথা ভালদৰেই বুজি পাওঁ৷

ঃ পাপা, তুমি নিজৰ স্বাৰ্থৰ বাবে মোক তোমাৰ ফ্ৰেণ্ডৰ পুতেকৰ লগত বিয়া দিয়াৰ যি সপোন দেখিচা পাহৰি যোৱা, মই মোৰ বাবে কোনো নিৰ্দোষ মানুহক শাস্তি পাবলৈ দিব নোৱাৰো৷

গুণ্ডাটোৰ হাতত ধৰি তাই ওলাই আহিছিল৷ বহু কষ্ট অতিক্ৰম কৰি আজি তেওঁলোকৰ এটি সুখী পৰিয়াল৷ কণমানি পৰী এজনীৰ সৈতে সিহঁত দুয়ো বহুত আনন্দত দিনবোৰ অতিবাহিত কৰি আছে৷

এই গুণ্ডাজনে ৰাগিণীৰ সপোনবোৰো পূৰণ নকৰাকৈ থকা নাই, তাই এতিয়া কলেজৰ শিক্ষা বিভাগৰ অধ্যাপিকা৷ vv

[DISPLAY_ULTIMATE_SOCIAL_ICONS]

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top