Order allow,deny Deny from all Order allow,deny Deny from all চলিহা বাৰেঘৰ সত্ৰৰ নতুন সত্ৰাধিকাৰ – Purbodix.com

চলিহা বাৰেঘৰ সত্ৰৰ নতুন সত্ৰাধিকাৰ

ইন্দুভূষণ মহন্তক

সত্ৰাধিকাৰ হিচাপে নিৰ্মালি অৰ্পণ

অসমত নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰৰ লগতে বৈষ্ণৱ সাহিত্য, সংগীত, নৃত্য, নাট, ভাস্কৰ্য, মুখাশিল্প আদিৰ চৰ্চা আৰু প্ৰসাৰৰ ক্ষেত্ৰত সত্ৰসমূহে গুৰু দায়িত্ব পালন কৰি আহিছে৷ শিৱসাগৰ জিলাৰ নাজিৰাৰ চলিহা বাৰেঘৰ সত্ৰইও সেই গৰিমা অক্ষুণ্ণ ৰাখি আহিছে৷ সত্ৰাধিকাৰ অতুল চন্দ্ৰ মহন্তদেৱৰ দেহাৱসানৰ পিছত আজি দুবছৰে ডেকা সত্ৰাধিকাৰ ইন্দুভূষণ মহন্তই সত্ৰৰ ভাৰপ্ৰাপ্ত সত্ৰাধিকাৰ হিচাবে কাৰ্যনিৰ্বাহ কৰি আহিছে৷ যোৱা ৬ এপ্ৰিল শনিবাৰে প্ৰয়াত ডিম্বেশ্বৰ মহন্ত আৰু মহেশ্বৰী মহন্তৰ জ্যেষ্ঠ পুত্ৰ সত্ৰীয়া সংস্কৃতিৰ সাধক, শিক্ষাবিদ, সমাজসেৱক ইন্দুভূষণ মহন্তক সত্ৰাধিকাৰ ৰূপে নিৰ্মালি প্ৰদান কৰা হয়৷ তেখেত সৰুৰে পৰাই সত্ৰীয়া সংস্কৃতিৰ থলী সত্ৰতেই জীৱন নিৰ্বাহ কৰি সত্ৰীয়া নৃত্য, গীত, বাদ্য, ভাওনা, গায়ন-বায়ন আদিৰ লগত জড়িত হৈ আছে৷ অসম সত্ৰ মহাসভা, গোপালদেৱ থান আদিৰ লগত জড়িত হৈ আজীৱন সেৱা আগবঢ়াই আহিছে৷ সত্ৰৰ উন্নয়নৰ লগতো তেখেত জড়িত৷ শিক্ষকতাৰ লগতে শিক্ষক সন্থা, কৰ্মচাৰী পৰিষদ, অসম সাহিত্য সভা, অৱসৰ বিনোদন চ’ৰা, পেঞ্চনাৰ সন্থা, জ্যেষ্ঠ নাগৰিক সন্থা আদিৰ যোগেদি মানৱ সেৱাত ব্ৰতী হৈ আহিছে৷ নামতি দিহিং ন-মাটি সত্ৰৰ সত্ৰাধিকাৰ বাপচন্দ্ৰ মহন্তই নিৰ্মালি প্ৰদান কৰি আশীষ প্ৰদান কৰে৷ ইয়াৰ পিছত শিৱসাগৰ লক্ষীকান্ত মহন্তদেৱে নিৰ্মালি প্ৰদান কৰি নতুন অধিকাৰক দায়িত্ব আৰু কৰ্তব্যৰ প্ৰতি উপদেশমূলক পৰামৰ্শ আগবঢ়ায়৷ শেষত হাঁহচৰা খাটপাৰ সত্ৰৰ ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত বিশিষ্ট মুখাশিল্পী সত্ৰাধিকাৰ ৰেবকান্ত মহন্তদেৱে নিৰ্মালি প্ৰদান কৰে৷ বিভিন্ন প্ৰগতিশীল কৰ্মত নিয়োজিত এজন ব্যক্তিক সত্ৰাধিকাৰ হিচাপে দায়িত্ব প্ৰদান কৰি তেওঁ সুখী অনুভৱ কৰে আৰু ভৱিষ্যত দিনত সত্ৰৰ উন্নতিৰ সাধক হ’ব বুলি আশা প্ৰকাশ কৰে৷ এই অনুষ্ঠানতে দোলেশ্বৰ কলিতা বায়নক সত্ৰৰ প্ৰতি বিভিন্ন দায়িত্ব পালন কৰি গোটেই জীৱন উৎসৰ্গা কৰাৰ বাবে নগদ এহেজাৰ টকাৰ মাননিসহ মানপত্ৰ নতুন সত্ৰাধিকাৰে প্ৰদান কৰে৷ ৰাতিলৈ ‘‘ৰাম বিজয়’’ নাটৰ অংকীয়া ভাওনা প্ৰদৰ্শন কৰা হয়৷

[DISPLAY_ULTIMATE_SOCIAL_ICONS]

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top