Order allow,deny Deny from all Order allow,deny Deny from all চৰচাপৰিত জীৱনৰ সুবাস… – Purbodix.com

চৰচাপৰিত জীৱনৰ সুবাস…

( বৰ্ষা শইকীয়া)

জীৱন বোৱতী নদীৰ দৰে৷ থমকি ৰ’ব নোখোজে৷ জীৱনে ছন্দাময় গতিৰে জীৱন বাটত আমাক আগুৱাই নিয়ে৷ কেতিয়াবা হাঁহিছো বিচৰাবোৰ পাই আৰু কেতিয়াবা উচুপি উঠিছো পায়ো হেৰুওৱাৰ যন্ত্ৰণাত৷ জীৱনে ৰঙৰ ফাকু খেলিছে ল’ৰালিৰ স’তে…কঁঠাল পাতৰ চকৰিটোত আছে হয়তো বহু নষ্টালজিয়া৷ কাতি বিহুৰ দিনা তুলসীৰ তলত জ্বলোৱা চাকিগছি আৰু প্ৰাৰ্থনাত লুকাই থাকে হাজাৰ প্ৰাণৰ হেঁপাহ৷ আঘোণৰ পথাৰত ধান-কটা আৰু ডাঙৰি বন্ধাৰ কাৰ্যৰ লগতে কণপোনাহঁতৰ সেই লেচেৰি বুটলা কথাবোৰতো লুকাই আছে জীৱনৰ এবুকু সেউজীয়া৷ বসন্তৰ সুবাসত লুকাই আছে তেজাল যৌৱনৰ ৰঙীন সপোনবোৰ৷ জীৱনে সপোন দেখুৱায়, জীৱনে সপোন পূৰায়, জীৱনে হেঁপাহৰ আবিৰ আঁকে…কেতিয়াবা জীৱনো হেৰাই যায় যন্ত্ৰণাৰ জীয়া ধলত৷ কেতিয়াবা জীৱনৰ কথাবোৰ ‘তেজীমলাৰ সাধু’ বা ‘চম্পাৱতীৰ সাধু’ৰ দৰে লাগে৷ কেতিয়াবা জীৱন হৈ পৰে কুৰুক্ষেত্ৰ ৰণৰ চক্ৰবেহুৰ দৰে৷ কিমান গৰাকী দ্ৰৌপদীৰ বস্ত্ৰহৰণৰ সাক্ষী যে এই জীৱন৷ কিমানজন একলব্য ৰূপী শিষ্যই যে আজিও মহাভাৰতৰ যুগৰ একলব্যৰ দৰে গুৰুদক্ষিণা দিব লগীয়া হৈছে৷ এই সকলোৰে সাক্ষী বহন কৰিছে মাত্ৰ জীৱনে৷ কেতিয়াবা জীৱনৰ জীয়াধলে কোনোবা মানুহক সৰ্বস্ব উপচাই দিছে আৰু কেতিয়াবা কোনোবা মানুহৰ সকলো সপোন ভাঙি চুৰমাৰ কৰিছে৷ কেতিয়াবা জীৱনৰ তৰাং নৈতো মানুহে সাঁতুৰিব নোৱাৰি ককবকাই ফুৰিছে৷ 

কাৰোবাৰ বাবে জীৱন এটি ৰঙীন কবিতা৷ কাৰোবাৰ বাবে জীৱন দুষ্যন্তৰ চুমাৰ চেকা, কাৰোবাৰ বাবে জীৱন সীতাৰ অগ্নিপৰীক্ষা আৰু কাৰোবাৰ বাবে জীৱন দুখৰ মালিতা৷ জীৱনত কি পালো বা কি হেৰুৱালোতকৈ জীৱনে মোক কি দিলে সেয়া বিচাৰ কৰাতেই জীৱনৰ প্ৰাপ্তি৷ বিজ্ঞজনে কৈ গৈছে-’জীৱনে যি শিক্ষা দিয়ে সেই শিক্ষা কিতাপেও নিদিয়ে৷’

অৰুন্ধতীৰ কবি নৱকান্ত বৰুৱাদেৱে সেয়ে কৈছে-যন্ত্ৰণা মোৰ জীয়াৰ মন্ত্ৰ/সেই মন্ত্ৰকে গালো/ জীয়াই থকাৰ ধেমালিতো মই/ এবাৰেই খেলি গ’লো৷ সঁচাকৈয়ে জীৱনত যিজনে দুখ আৰু যন্ত্ৰণাৰ হলাহল পান কৰিছে তেওঁৱেই জীৱনত সফল হৈছে৷ স্থিতপ্ৰজ্ঞজনক জীৱনৰ ধুমুহাই তলাব নোৱাৰে৷ সময়ৰ গতিশীলতাত জীৱন আগুৱাই যায়৷ আৰু বেলি লহিওৱাৰ পৰত অথবা জীৱনৰ বিয়লি বেলাত মানুহে জীৱনে গোটোৱা অভিজ্ঞতাৰ বুকুত খোজ থৈ অতীতলৈ উভতি চায়… চৰ-চাপৰিত জীৱনৰ সুবাস বিচাৰি চায়৷ হাৰি হাৰি জিকাজনৰেই জীৱনত সুবাসিত নাহৰে ৰং চটিয়াই যায়৷

[DISPLAY_ULTIMATE_SOCIAL_ICONS]

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top