ঊপিনাক পাণি বশিষ্ঠ

দেশতকৈ মোমাই ডাঙৰ নহয়’’
বীৰযোদ্ধা লাচিত বৰফুকন অসমীয়া জাতিৰ শৌৰ্য – বীৰ্য, কৰ্তব্যনিষ্ঠা আৰু দেশপ্ৰেমৰ গৌৰৱময় ইতিহাসৰ এক মজবুত স্তম্ভ৷ ইতিহাসৰ সোণোৱালী দস্তাবেজত লিপিবদ্ধ হৈ ৰোৱা অসমীয়া জাতিৰ স্বাভিমান ‘লাচিত বৰফুকন’ এক অন্যতম অধ্যায়৷ লাচিতৰ সংগ্ৰামী আৰু সাহসী গাঁথা যুগে যুগে উচ্চাৰিত হৈ থাকিব– চিৰদিন, চিৰকাল৷ শৈশৱৰ পৰা এতিয়ালৈকে শুনি আহিছোঁ লাচিত-গাঁথা৷ শৈশৱত মায়ে অন্ন অস্বীকাৰ কৰাৰ সময়ত কোৱা ‘লাচিতৰ ঘোঁৰা, হেমা মালিনীৰ ঘোঁৰা’ৰ পৰা এতিয়া সমাজশাস্ত্ৰত বিভিন্ন ক্ষেত্ৰত তেখেতৰ বিৰল সাহসিকতাৰ উদাহৰণ৷
বীৰযোদ্ধা লাচিত বৰফুকনৰ জন্মৰ বিষয়ে সঠিক তথ্য পোৱা নাযায় যদিও বিভিন্ন তথ্য আৰু ধাৰণা অনুসৰি মানি লোৱা হয় যে তেখেতৰ জন্ম হৈছিল ১৬২২ চনৰ ২৪ নবেম্বৰ তাৰিখে, আহোম ৰাজধানী গড়গাঁৱত৷ তেখেতৰ পিতৃৰ নাম আছিল মোমাই তামুলী বৰবৰুৱা আৰু মাতৃৰ নাম আছিল নাগেশ্বৰী আইদেউ৷ লাচিতৰ পৰিয়াল আছিল আহোমৰ লান-ফিমা বংশৰ আৰু জানিব পৰা মতে চাওলুং চুকাফাৰ লগতে অসমলৈ আহিছিল লাচিত বৰফুকনৰ পূৰ্বপুৰুষ৷ লাচিতৰ পিতৃয়ে তেওঁক সৰুৰে পৰাই আহোম শাস্ত্ৰ, হিন্দু ধৰ্মশাস্ত্ৰ, অৰ্থশাস্ত্ৰ আদিৰ বিষয়ৰ ওপৰত শিক্ষা প্ৰদান কৰিছিল৷ যিহেতু সেই সময়ত লাচিতৰ পিতৃ আহোম ৰাজ্যৰ বৰবৰুৱা পদত আছিল সেইবাবে তেওঁ কিছু পৰিমাণে অৰ্থনৈতিক, সামাজিক, ৰাজনৈতিক, কূটনৈতিক আদি দিশৰ ওপৰত কিছু আভাস পাইছিল৷ লাচিতে নিজৰ পাৰদৰ্শিতাৰ বলত আহোম ৰাজ্যৰ বৰফুকন তথা প্ৰধান সেনাপতিৰ পদত অধিষ্ঠিত হৈছিল৷ ইয়াৰ পৰৱৰ্তী সময়ত লাচিতে ক্ৰমে ঘোঁৰাবৰুৱা, দুলীয়া বৰুৱা, শিমলুগুৰিয়া ফুকন, দোলাকাষৰীয়া বৰুৱা আদিৰ দৰে গুৰুত্বপূৰ্ণ পদৰ পদবী হৈছিল৷
স্বৰ্গদেউ জয়ধ্বজ সিংহৰ ৰাজত্বৰ সময়ছোৱাত মোগলৰ আক্ৰমণৰ ফলত আহোম ৰজা.ই নিজৰ ক্ষমতা হেৰুৱাব লগা হৈছিল আৰু মোগলৰ হাতৰ মুঠিত থাকিব লগা হৈছিল৷ কিন্তু শেষৰ ফালে স্বৰ্গদেউ জয়ধ্বজ সিংহৰ মৃত্যুৰ পিছত স্বৰ্গদেউ চক্ৰধ্বজ সিংহই অতীতৰ গৌৰৱ উদ্ধাৰ কৰিবলৈ আগুৱাই আহিছিল আৰু লাচিতক সেনাপতিৰ দায়িত্ব অৰ্পণ কৰিছিল৷ ইয়াৰ পিছতেই আৰম্ভ হৈছিল আহোম আৰু মোগল মাজত ঐতিহাসিক ৰণ৷ এই ৰণত লক্ষাধিক আহোম সৈন্যই প্ৰাণ আহুতি দিছিল৷
বহু ৰক্তাক্ত সময়ৰ গতিবিধিত আলাবৈ ৰণত মোগল সেনাই জয়লাভ কৰিছিল৷ কিন্তু ইয়াৰ পিছতেই আৰম্ভ হৈছিল সেই শৰাইঘাটৰ যুদ্ধ– যি যুদ্ধ ইতিহাস প্ৰসিদ্ধ৷ গুৰুত্বপূৰ্ণ কথা যে এই ৰণতেই আক্ৰমণকাৰী মোগলে পৰাজয় বৰণ কৰিছিল৷ লাচিতে নেতৃত্ব দিয়া ‘শৰাইঘাটৰ যুদ্ধ’ হ’ল অসমৰ ইতিহাসৰ সোণালী আখৰেৰে জিলিকা যুগান্তকাৰী ঘটনা৷ এই যুদ্ধৰ কিছুদিন পিছতেই লাচিত বৰফুকনৰ মৃত্যু হয়৷
নিজৰ ভূমিৰ সংকটৰ সময়ত কৰ্তব্যক শিৰত নোলোৱাৰ বাবে যি লাচিত বৰফুকনে “দেশতকৈ মোমাই ডাঙৰ নহয়’’ বুলি কৈ নিজৰ মোমায়েকৰ শি১২৬েদ কৰিছিল, যি লাচিত বৰফুকনে একেটা ৰাতিতে গড় বান্ধি হেংদাং লৈ মোগলক খেদি পঠিয়াইছিল; সেই বৰফুকন সদায় আমাৰ বাবে হৈ ৰ’ব সংগ্ৰাম, সাহস, দেশপ্ৰেমৰ প্ৰতীক৷
উল্লেখযোগ্য যে এই মহান ব্যক্তিগৰাকীৰ জন্ম দিনটো ‘লাচিত দিৱস’ হিচাপে পালন কৰা হয়৷ তেখেতৰ চিৰসেউজ সত্তা, বীৰত্বৰ গাথা লুইতৰ প্ৰবাহমান গতিৰ দৰে বৈ থাকক প্ৰতিজন অসমীয়াৰ বুকুত চিৰদিন, চিৰকাল৷
(লেখক পিনাক পাণি বশিষ্ঠ ভাৰতীয় ইংৰাজী সাহিত্যৰ এগৰাকী উদীয়মান সম্পাদক৷ তেওঁ ’ফিফ্থ হেণ্ড ৱাইফ’, ’ৱাক ৱে’ আদি গ্ৰন্থ সম্পাদনা কৰিছে৷ লেখকৰ যোগাযোগৰ ঠিকনা: – গুজৰাট কেন্দ্ৰীয় বিশ্ববিদ্যালয়, গান্ধীনগৰ, গুজৰাট৷) [DISPLAY_ULTIMATE_SOCIAL_ICONS]