চৌপাশে কোলাহল মায়াৰ কত হাট
প্ৰতিদিনে অন্বেষণ কৰোঁ ভিন্ন বাট৷
ৰোমাঞ্চকৰ ক্ষণবোৰ নয়নত ভাহে
জীৱনৰ বিলাসীতা গুড়িৰ আহে৷
কতজনে ঘনে ঘনে আলপৈচান ধৰে
বাৰেবৰণীয়া ৰস দেখোন নিগৰি পৰে৷
চৌদিশে মানুহৰ ৰং-বিৰঙৰ মেলা
পিতপিতাই খোজে সৱে স্বাৰ্থৰ খেলা৷
দিন যায় ৰাতি যায় আৰু যায় কাল
কদাচিৎ বৈৰীয়ে কাটি দিয়ে খাল৷
ঘুণে ধৰা বয়সৰ আছে নিৰ্ধাৰিত অন্ত
চঞ্চল দেহ-মন হয়তো হৈ পৰিব শান্ত৷
হেনজানি সাহ কৰি যোৱা আগুৱাই
গৰ্ব-দৰ্প জীৱনৰ কোনো কাম নাই৷
মৰণক পাহৰি ভ্ৰমি ফুৰিবা কত কাল?
প্ৰতিক্ষণে পাতি থৈছে অনেক জাল৷
এৰিবই লাগিব যেতিয়া মায়াৰ হাটখনি
তাকৰ সময়ত মিলিজুলি হও ভাই-ভনী৷
জনম লভিলোঁ সিদিনা ধৰাধামৰ বুকুত
সৱেমিলি পিন্ধোঁ আমি মানৱতাৰ মুকুট৷
[DISPLAY_ULTIMATE_SOCIAL_ICONS]