জী থকাৰ
নে জীয়াই ৰখাৰ বাবে এই জীৱন
বাটেৰে গৈ থকাৰ
নে লৈ যোৱাৰ বাবে মই পথিক
কৰাখিনি কৰি যাওঁ
পৰাখিনি দি যাওঁ
নোৱাৰাৰ বাবে মোক
কিয় দিয়া দুখ
দিয়াৰ বাবে একোৱেই বিচৰা নাই
নিদিয়াৰ বাবেও আক্ষেপ নাই
মাত্ৰ জী আছো
জীয়াই আছো
অকলে অকলে
বেলিটোক আগত লৈ৷
[DISPLAY_ULTIMATE_SOCIAL_ICONS]