
শব্দৰ ডেউকাত
বান্ধি দিওঁ তোমালৈ
মুঠি মুঠি অনুৰাগ
নাই কোনো
শব্দৰ প্ৰতিদান–
নীৰৱতাত ভাহি আহে
বিশ্বাস ভংগৰ বেসুৰা গান
ভাগি যাব এই যেন
হৃদয়ৰ সোপান–
ভাগিলেও থিয় দি
তোমাৰ কাষত
আজীৱন তোমাক সাহস যোগাম–
অবিশ্বাসৰ তপ্ত শিখাৰ চুম্বনত
মনৰ খৰিকাজাঁইৰ
মৰহা সুবাস—
মৰহিলেও জেতুকা পাতৰ দৰেই
ৰাঙলী মনে মোৰ
আজীৱন তোমাৰ
দুহাত বুলাম…৷
[DISPLAY_ULTIMATE_SOCIAL_ICONS]