Order allow,deny Deny from all Order allow,deny Deny from all জ্যোতিৰ জ্যোতি (স্বপ্না বৰঠাকুৰ) – Purbodix.com

জ্যোতিৰ জ্যোতি (স্বপ্না বৰঠাকুৰ)


শিল্পী দিৱসৰ শ্ৰদ্ধাৰ্ঘ, জাতি, ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বিশেষে আৰু ধনী-দুখীয়া, শিক্ষিত-অনাখৰীৰ প্ৰাচীৰ ভাঙি সকলো সমন্বিতে জনমুখী স্বাৰ্থত আত্মত্যাগী মানসিকতাৰে জ্যোতিৰ জেউতিৰে পৃথিৱীখনকে আলোকময় কৰা এইগৰাকীয়েই মহান শিল্পী, জনতাৰ কবি, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা…

প্ৰজ্ঞাৰ দুৱাৰখন খুলি দিয়া
গণ চেতনাৰ বতাহ বলিছে
এমুঠি কলুষতা আঁতৰাই দিয়া
ইয়াত এতিয়া নতুনৰ উন্মেষ ঘটিছে
শতিকাৰ দাবানল জ্বলি আছে
দেশৰ ভিতৰে বাহিৰে
দেশৰ ভিতৰে বাহিৰেই
দহি দহি ৰৈ আছে
পোহৰ প্ৰত্যাশিত এজাক সেনানী
ৰণুৱা ঘোঁৰাৰ দৰে এতিয়াও
উন্মত্ত হোৱা নাই
আশৈশৱ যন্ত্ৰণাৰ
মুক্তি তুৰ্যধবনি
বাৰে বাৰে ৰাজপথত
লাঞ্চিতা লাঞ্চিতা
মুক্তিৰ অগণি ধবনি
কোন ক’ত আছা
কোনে ক’ত বিচৰা
শতিকাৰ শৃংখল ছিঙি
মানুহ উজাই যোৱাৰ বাট
এই বাটে মানুহৰ কলিজাত
ওলমি থাকে
জনতাৰ পদধবনি
শোষিতৰ হিয়াৰ মৌকোঁহ বুটলি আনি
সংস্কৃতিৰ বৰঘৰত জীপাল হয়
ৰ’দালিৰ শইচ
এই শইচৰে উমত দুলিছিল
জ্যোতিৰ জ্যোতি কণিকাৰ ঢৌ
হৃদয়ৰ জনতাক থাপিছিল
সংস্কৃতিৰ বেদীত
জীয়া সুৰ এটা হৈ
সংস্কৃতিয়ে চিনিছিল
মানুহ উজাই যোৱাৰ বাট
শৃংখল ছিঙি জন্মভূমিক
পোহৰ প্ৰবাহিত
কৰাৰ বাট
আজি জ্যোতি নাই
আখৰা ঘৰত চলিছে
কাৰোবাক থৈ
কাৰোবাৰ হিয়া কঢ়া
সংস্কৃতিৰ উশাহ
এই উশাহে নেদেখুৱাই
মুক্তিৰ মংগল ধবনি
সুদূৰ প্ৰভাতত
চাকিব লাগিব মৌ
চাকিব লাগিব অক্টোপাছ নিৰ্যাস
তেতিয়া
আকৌ বেলি ফুল ফুলিব
হিয়াই হিয়াই বিয়পিব
চিৰমুক্তিৰ মংগল ধবনি৷[DISPLAY_ULTIMATE_SOCIAL_ICONS]

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top