সদায় অফিচলৈ যাওঁতে বাটৰ কাষতে থকা অভয়াপুৰী চহৰৰ মধ্যস্থলত অৱস্থিত ডাকঘৰটোলৈ এবাৰ সতৃষ্ণ নয়নেৰে ঘূৰি চাওঁ৷ এটা সময়ত এই ডাকঘৰটোলৈ আমাৰ সঘন আহ-যাহ আছিল যদিও, সম্প্ৰতি কাৎচিতহে যাব লগা হয় ডাকঘৰটোলে৷ কৈশোৰ আৰু যৌৱনৰ বহু মিঠা স্মৃতি বিজড়িত এই ডাকঘৰটোলৈ চালে এতিয়া এনে লাগে যেন অৱজ্ঞা আৰু উপেক্ষাই অভিমানী কৰি তোলা ডাকঘৰটো আমন-জিমনকৈ মন মাৰি বহি থকা মোৰ একালৰ পৰম সুহৃদ, যাক এষাৰ মাত লগাবলৈকো আজি আহৰি নাই মোৰ!
২
বহু বছৰ পূৰ্বে এই ডাকঘৰতেই এগৰাকী সুদৰ্শন চেহেৰাৰ কৰ্মচাৰীয়ে কাম কৰিছিল৷ মানুহগৰাকীক মই চিনি নাপাইছিলোঁ৷ তেখেতৰ ঠিকনা দূৰৰ কথা, নাম পৰ্যন্ত মই নাজানিছিলোঁ! আজিও নাজানো৷ অথচ, আজিও মই তেখেতক পাহৰিব পৰা নাই! সেই মানুহ গৰাকীৰ সৈতে এনে কি কাহিনী কিম্বা স্মৃতি জড়িত হৈ আছে যে মই তেখেতক আজিও মনত ৰাখিছোঁ?
৩
তেতিয়া সম্ভৱতঃ মই দশম নে একাদশ শ্ৰেণীত পঢ়িছিলোঁ৷ সেই সময়ত মই বাতৰি কাকত অথবা আলোচনীলৈ লেখা পঠিয়াবলৈ কিম্বা পত্ৰবন্ধুলৈ লিখা চিঠি পোষ্ট কৰিবলৈ প্ৰায়েই গৈছিলোঁ ডাকঘৰলৈ, আৰু ডাকঘৰলৈ গ’লেই সেই বিনম্ৰ হাঁহিমুখীয়া কৰ্মচাৰী গৰাকীৰ সৈতে মোৰ মুখামুখি হৈছিল৷ তেখেতৰ টেবুলত হয়তো মোৰ কোনো কামেই নাথাকিছিল, অথচ যেতিয়াই মই ডাকঘৰলৈ গৈছিলোঁ, কি বিনম্ৰতাৰে, কি অকৃত্ৰিম আত্মীয়তাৰে, স্বভাৱ -সুলভ এটি মিঠা হাঁহিৰে তেখেতে মোক সম্ভাষণ জনাইছিল! অকল মোকেই নহয়, ডাকঘৰলৈ যোৱা প্ৰতি গৰাকী ব্যক্তিকেই তেখেতে একেধৰণে মধুৰ সম্ভাষণেৰে আপ্যায়িত কৰিছিল৷ তেখেতক যিকোনো কথা সুধিলে, অথবা query কৰিলেই, সমিধানত তেখেতে অতি আত্মীয়তাৰে আমাক সংশ্লিষ্ট তথ্য প্ৰদান কৰিছিল৷ তেখেতৰ সেই শিশুৰ দৰে সৰল, হাস্যোজ্জ্বল মুখখনে উজ্জ্বলাই ৰাখিছিল অভয়াপুৰী চহৰৰ সেই গৰিমাময় ডাকঘৰটোক৷
৪
আজি নৱবৰ্ষৰ প্ৰথমটো দিৱসত মই শ্ৰদ্ধা আৰু আন্তৰিকতাৰে সুঁৱৰিছো সেইগৰাকী ডাকঘৰৰ দেৱদূতক, যাৰ ঠিকনা মই আজিও নাজানো৷ কিন্তু মই নিশ্চিত যে তেখেত য’তেই আছে, ত’তেই তেখেতৰ মধুৰ ব্যক্তিত্বৰ সুৰভিয়ে সুগন্ধিত কৰি ৰাখিছে চৌদিশ৷
প্ত
Leigh Hunt-ৰ সেই বিখ্যাত কবিতাটোত স্বৰ্গৰ দেৱদূত জনে ঈশ্বৰক ভালপোৱা মানুহৰ নামৰ তালিকাৰ শীৰ্ষত মানৱ প্ৰেমী আবু বেন এধেম (Abou Ben Adhem) -ৰ নাম লিখিছিল৷ ময়ো যদি কেতিয়াবা মোৰ প্ৰিয় মানুহৰ নামৰ তালিকা প্ৰস্তুত কৰোঁ, তেন্তে শীৰ্ষস্থানীয় নামবোৰৰ শীৰ্ষত থাকিব সেই গৰাকী ব্যক্তিৰ নাম, যাৰ নাম মোৰ আজিও অজানা! তেখেতৰ নাম থলোঁ ডাকঘৰৰ দেৱদূত! vv
[DISPLAY_ULTIMATE_SOCIAL_ICONS]