Order allow,deny Deny from all Order allow,deny Deny from all ড্ৰাগছএডিক্টল’ৰাটো (ঊকমলাক্ষীবৰা) – Purbodix.com

ড্ৰাগছএডিক্টল’ৰাটো (ঊকমলাক্ষীবৰা)

ৰাংঢালী মিনতিজনী আজি-কালি বৰ বিমৰ্ষ হৈ পৰিছে৷ তাই দত্ত বাইদেউৰ ঘৰত কাম কৰি যিটো আনন্দ পাইছিল এতিয়া সকলো যেন অতীত হৈ পৰিল৷ সিদিনা মিনতি ৰাতিপুৱা গতানুগতিকভাবেই আহি দৰজাত কলিং বে’ল বজালে৷ বাইদেৱে দৰজাখন খুলি দিয়াত মিনতি ভিতৰলৈ গৈ দৈনন্দিন কামখিনি কৰাত লাগিল৷ মিনতিয়ে মন কৰিলে চাৰ ৰাতিপুৱাই হয়তো ঘৰৰ পৰা ওলাই গৈছে৷ এতিয়া বাইদেউও কাৰ্যালয়লৈ যাবলৈ সাজি-কাচি সাজু হৈছে৷ আগতে হ’লে দুয়ো স্বামী-স্ত্ৰী একেলগে গৈছিল৷ সোনকালে ঘৰলৈ উভতিছিল দুয়ো একেলগে৷ আজিকালি দুয়ো বেলেগে বেলেগে যায়৷ বেলেগে বেলেগে আহে নিশা দেৰিকৈ৷ চাৰ আৰু বাইদেৱো মাজত কিমান যে মৰম আছিল৷ লগতে সিহঁতৰ একমাত্ৰ পুত্ৰ দীপু দুয়োৰে আলাসৰ লাৰু আছিল৷ টোপ পৰিবলৈ নিদিয়া দীপুও আজি দুয়োৰে পৰা বহুত দূৰত্বত৷ বেচেৰা দীপু… এই সাত, আঠ বছৰীয়া ল’ৰাটোৱেনো কি জানে৷ মাক-দেউতাকৰ দুৰ্বাদল কাজিয়াবোৰ দেখি বেচেৰাটোৱে ভয়ত পেপুৱা লাগি চাই থাকে৷ কেতিয়াবা সি বৰকৈ কন্দা-কটা কৰে৷ ….এতিয়া মাথোঁ তিনিটা প্ৰাণীৰ যন্ত্ৰৱত সংসাৰখন যেন এক এৰাব নোৱাৰা কাৰণত চলি আছে!  হঠাতে বাইদেউৰ মাতত মিনতি সঁচকিত হ’ল–‘মিনতি, দীপু স্কুলৰ পৰা আহিলে ভাত বাঢ়ি দিবি৷ সি ভাত খোৱাৰ পিছত আবেলি টিউচনলৈ লৈ যাবি৷’ এৰা, আজি কিছুদিন ধৰি এনেকৈয়ে বাইদেউহঁতৰ সংসাৰখন চলি আছে৷ মিনতিৰ এতিয়ালৈ জানিবলৈ বাকী নাই যে বাইদেউৰ জীৱনলৈ এজন বেলেগ পুৰুষৰ আগমন ঘটিছে৷ তাকে লৈ বহুত কাজিয়া লাগিল চাৰ আৰু বাইদেউৰ মাজত৷ অৱশ্যে আজিকালি চাৰে একেবাৰে মাত-বোল নকৰে৷ তাতোকৈ ডাঙৰ কথা এতিয়া চাৰৰো বেলেগৰ লগত…! আচলতে চাৰে বাইদেউক বহুত ভাল পাইছিল৷ কিন্তু বাইদেউৰ স্বভাৱৰ বাবে চাৰেও জেদতে এতিয়া বেলেগৰ লগত সম্পৰ্ক হৈছে৷ দুয়ো পিতৃ-মাতৃ অবৈধ প্ৰেমত মছগুল হওঁতে বেচেৰা দীপুৰ কি গতি হৈছে কোনোবাই এবাৰ যদি ভাবিলে হয়…! পিতৃ-মাতৃৰ এনেকুৱা চৰিত্ৰৰ অৱক্ষয়ে সন্তানৰ কোমল মনটোক কিমান বিধ্বস্ত কৰিব পাৰে! সেয়ে হয়তো দীপু আজি মৌন এটি কাঠৰ পুতলাৰ দৰে নীৰস হৈ পৰিছে৷ সি বুজিব পৰা নাই আচলতে ঘৰখনত কি হৈছে৷ ঘৰখনক প্ৰাণৱন্ত কৰি থোৱা সেই হাঁহি-ধেমালি, মৰম-চেনেহ, আবদাৰবোৰ হঠাতে ক’লৈ গুছি গ’ল৷ তাৰ শিশু মনে যদি এইবোৰ গম পালে হয়, নি(য় পিতৃ-মাতৃক বাধা দিলে হয়! সেইদিনা দীপুৱে স্কুলৰ পৰা আহি ভাত খাই বিছনাত পৰি নীৰৱে শুই যোৱা দেখি মিনতিৰ বৰ দুখ লাগিছিল৷ আজি কিছুদিন আগলৈকে তাৰ কাষে কাষে থকা দুয়ো পিতৃ-মাতৃৰ বুকুৰ মৰমে তাক যেন পৃথিৱীৰ সকলো সুখ দিছিল৷ এতিয়া বহু নিশালৈ পিতৃ-মাতৃ ঘৰত নাথাকে…সেয়ে সি এতিয়া একেবাৰে নিসংগ হৈ পৰিছে৷ মিনতিয়ে দীপুৰ মৰহি যোৱা মনটোলৈ চাই সিদিনা ভাবিছিল…এই কণমানি দীপুটোৰ কি হ’ব ভৱিষ্যত! হয়তো ডাঙৰ হৈ সি কৈফিয়ত বিচাৰিব… তাৰ প্ৰাপ্য মৰম-চেনেহখিনিৰ পৰা কিয় তাক বঞ্চিত কৰিব…ইয়াৰ পাই পাই হিচাব দিব লাগিব সিহঁতে…    চাৰ, বাইদেৱে ঘৰৰ চৌহদৰে একাষৰীয়া সৰু ঘৰ এটাত মিনতিৰ পৰিয়ালটো থাকিবৰ ব্যৱস্থা কৰি দিছিল৷ মিনতিয়ে বাইদেউহঁতৰ ঘৰত কাম কৰাৰ লগতে বাইদেউহঁত ঘৰত নথকা সময়ত দীপুক চোৱা-চিতা কৰিব লাগে৷ মিনতিৰ গিৰিয়েক অনিল বাইদেউহঁতৰ গাড়ীৰ ড্ৰাইভাৰ৷ সকলোফালে সুন্দৰ ব্যৱস্থাৰে কিমানযে এটা ধুনীয়া পৰিয়াল৷ তথাপি, মানুহ যেন তাতো সন্তুষ্ট নহয়৷ চাৰ-বাইদেউহঁতৰ লগতে সিহঁতো সুখী হৈ আছিল একেটা পৰিয়ালৰ দৰে৷ কিন্তু এতিয়া সুখৰ এই আৱাসটোক যেন এফালৰ পৰা কোনোবাই মৰিয়াই মৰিয়াই ভাঙিবলৈ আৰম্ভ কৰিছে..!

য’ত এটা পৰিয়ালত পৰিয়ালৰ ইজনে-সিজনৰ প্ৰতি থকা মৰম-চেনেহেই এখন ঘৰলৈ স্বৰ্গীয় শান্তি কঢ়িয়াই আনে, য’ত এখন সংসাৰত থকা মৰম-চেনেহ বোৰেই মায়াময় সংসাৰৰ তমসা২৬ন্ন যাত্ৰাত আলোক সঞ্চাৰ কৰে, তাত যেতিয়া মৰমবোৰ থান-বান হৈ যায়, সন্তানক যেতিয়া এক অস্বাভাৱিক পৰিৱেশে নিষ্প্ৰাণ, স্পন্দনহীন কৰি তোলে তাত বিধাতাই কি প্ৰতিদান দিবহি পাৰে ভৱিষ্যতে….

এদিন সময় পাৰ হৈ বহু দুৰলৈ আগবাঢ়িছিল৷

চাৰ আৰু বাইদেউৰ ক’লা চুলিৰ মাজে-মাজে ৰূপালী চুলি জিলিকি উঠিছিল৷ সেইদিনা সন্ধিয়া সময়—- এটি চিঞৰ ভাহি আহিছিল…‘মিনতি অনিলক গাড়ীখন উলিয়াব ক এতিয়াই’ — হয় হয়…এয়া বাইদেউৰ মাত…৷ বাইদেউৰ চিঞৰ শুনি অনিলেও গাড়ীখন খৰধৰকৈ উলিয়ালে…চাৰ আৰু বাইদেৱে দীপুক ধৰি ধৰি গাড়ীত উঠাই দি দুয়ো তাৰ কাষে কাষে বহি অনিলক নিৰ্দেশ দিলে—‘গাড়ীখন নাৰ্চিংহোমলৈ লৈ ব’ল! ’

সময়ৰ কাঁটাডাল সঠিক ভাবেই ঘূৰি থাকে৷

আৰু এই সময়েই মানুহৰ জীৱনলৈ লৈ আহে মানুহৰ এটি এটি কৰ্মৰ হিচাব৷ পিতৃ-মাতৃৰ মৰম-আবদাৰৰ পৰিবৰ্তে এক অস্বাভাৱিক পৰিৱেশে ৰুক্ষ কৰি তোলা দীপু এতিয়া ড্ৰাগছ এডিক্ট৷

কলেজৰ ডিগ্ৰীটো সম্পূৰ্ণ কৰিব নোৱাৰা দীপুৱে এতিয়া ড্ৰাগছ ন’ললে থাকিব নোৱাৰে৷ বেচেৰা দীপু/

….কি দোষ আছিল তা১…! vv

[DISPLAY_ULTIMATE_SOCIAL_ICONS]

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top