Order allow,deny Deny from all Order allow,deny Deny from all তোমালোকৰ বাবেই – Purbodix.com

তোমালোকৰ বাবেই

আমি(সত্যজিৎ গগৈ)

 

সৃষ্টিৰ বাবেই সৃষ্টি তোমালোকৰ

আমি তোমালোকৰ আশা

আমি তোমালোকৰ সাহস

হাতত ধৰি আগুৱাই যোৱা

আঙুলিৰ ফাঁকেৰে ৰঙা বেলি চোৱা

ৰামধেনুৰ ৰং আঁকিব খোজা

আমিবোৰ তোমালোকৰ জীৱন্ত পুতলা৷

 

কৃষ্ণও জন্মিছিল তোমালোকৰ বাবে

কৰ্ণ জন্মৰ বাবেও সৃষ্টি তোমালোকৰ

ভীম, অৰ্জুন, নকুলৰ কথা

নকলোৱেই বা

 

প্ৰথম চকু মেলি দেখা

গৰম কোলাৰ শীতল পৰশত

চিঞৰি থকা সময়বোৰ

তোমালোকৰ বাবেই

মোৰ মোৰ বুলি চিঞৰি থকা সময়বোৰ

আচলতে আমাৰ নহয়

তোমালোকৰ বাবেহে আমি! 

[DISPLAY_ULTIMATE_SOCIAL_ICONS]

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top