Order allow,deny Deny from all Order allow,deny Deny from all ধাৰাবাহিক – Purbodix.com

ধাৰাবাহিক

“এখন নেদেখা নদীৰ সিপাৰে’’(মঞ্জু মেচ)

কথাখিনি কৈ খং আৰু ক্ষোভত নীৰাৰ দুচকু ৰঙচুৱা হৈ পৰিল৷ মই নিৰ্বাক নিস্পন্দ হৈ শুনি আছিলোঁ মাথোঁ৷ শিল পৰা কপৌৰ দৰে মোৰ অৱস্থা হ’ল৷ মই কওঁ বুলিও একো ক’বলৈ পৰা নাই৷ নীৰা ঘপহকৰে বহাৰ পৰা উঠিল৷ মই যেন তেতিয়াহে সম্বিত ঘূৰাই পাইছোঁ৷ মই খুউব সহজ হ’বলৈ চেষ্টা কৰি নীৰাৰ মুখলৈ চালোঁ৷ লাহেকৈ তাইৰ সোঁহাতখনত ধৰি বহুৱাই দিলোঁ৷ তাইৰ মনত জ্বলি থকা লেলিহান জুইকুৰা নুমুৱাই দিব পৰাকৈ মোৰ শব্দ বা ভাষা নাছিল৷ তথাপি মই এক শীতল কণ্ঠৰে তাইক কৈ গ’লো–

দুখ নকৰিবা নীৰা! কিবা এটা অঘটন হ’বলগীয়া আছিল হৈ গ’ল৷ তুমি ধৈৰ্য ধৰা, এদিন তোমাৰ সকলো ভাল হৈ যাব৷

নীৰাৰ পুত্ৰৰ লগত যি ঘটনা হৈছিল এখন সমাজৰ বাবে ই বৰ দুৰ্ভাগ্যজনক৷ সমাজৰ আগত ল’ৰাটোৱে লাজ, অপমান পাব আৰু মানসিক দ্বন্দ্বত ভুগিব বুলি কথাবোৰ নীৰাই লুকুৱাই ৰাখিছিল৷ অশিক্ষিত নীৰাই আজিও হয়তো নাজানে যে ল’ৰাটোক চিকিৎসাৰ প্ৰয়োজন আছিল৷ ভৱিষ্যতে ল’ৰাটোৰ মনত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হ’ব পাৰে৷

   এইদৰে কেইবাগৰাকীও কিশোৰ প্ৰতীক বৰাৰ যৌন নিৰ্যাতনৰ বলি হৈছিল৷ সিহঁতক টকা-পইছা দি ফুচুলিয়াই নিজৰ কামনা চৰিতাৰ্থ পূৰণ কৰিছিল৷ কিশোৰহঁতে ভয়, লাজত নিজৰ নিজৰ মুখ বন্ধ কৰি যেন এক অভিশাপপূৰ্ণ জীৱন পাৰ কৰিছে৷ হয়তো প্ৰতীক বৰাই কৰা কুৎচিত ব্যৱহাৰে সিহঁতৰ মন-মগজু খুলি খুলি খাইছে৷

 প্ৰতীক বৰাই লগত লৈ ফুৰা কিশোৰ কেইজনৰ মুখকেইখন মানকীয়ে এখন এখনকৈ মনত পেলাবলৈ চেষ্টা কৰিলে৷ এজনো কিশোৰে ভালকৈ পঢ়া-শুনাত মনোযোগ দিব নোৱাৰিলে৷ সিহঁতৰ জীৱন প্ৰতিষ্ঠিত নহ’ল৷ দৰিদ্ৰ পিতৃ-মাতৃয়ে সন্তানক লৈ দেখা সপোন আজি মৃত সপোনৰ ৰূপ পালে৷

   নীৰলাও এগৰাকী দুৰ্ভগীয়া মাতৃ আছিল৷ যাৰ একমাত্ৰ পুত্ৰ সন্তানটিৰ ভৱিষ্যত প্ৰতীক বৰাই শেষ কৰি দিছিল৷

  ল’ৰাটো বৰ শান্ত-শিষ্ট আছিল৷ নীৰলাই অশেষ কষ্ট কৰি পুত্ৰক পোহ-পাল দিয়াৰ লগতে বিদ্যালয়লৈ পঠিয়াইছিল৷ গিৰিয়েক আছিল এজন অতি এলেহুৱা মানুহ৷ গতিকে নীৰলাই দিন-হাজিৰা কৰাৰ লগতে হাঁহ-কুকুৰা পালন কৰি পৰিয়ালটোৰ সমস্ত দায়িত্ব পালন কৰিছিল৷ অশিক্ষিত মাতৃগৰাকীৰ পুত্ৰক লৈ বৰ ডাঙৰ আশা আছিল যে এদিন ল’ৰাটো পঢ়ি-শুনি ডাঙৰ মানুহ হ’ব, নীৰলাৰ দুখ-কষ্ট নাইকীয়া হৈ পৰিব৷

   এদিনাখন দুপৰীয়া নীৰলাৰ প্ৰায় আঠবছৰীয়া ল’ৰাটোক প্ৰতীক বৰাই মাতি নিছিল৷ দেওবাৰ হোৱাৰ বাবে বিদ্যালয় বন্ধ আছিল৷ প্ৰায় দুঘণ্টা মানৰ পাছত ল’ৰাটো আতংকিত হৈ ফোঁপাই-জোপাই ঘৰলৈ দৌৰি আহিছিল৷ মাকক দেখি মুখখন সেমেনা-সেমেনি কৰি কাষ চাপি আহিছিল৷

  নীৰলাই পুত্ৰৰ কাষ চাপি গৈ যি দেখিলে সেয়া আছিল বৰ্ণনাতীত নিষ্ঠুৰতা৷ ল’ৰাটোৰ গাল, মুখ আৰু পিন্ধি থকা চাৰ্টটোত প্ৰতীক বৰাৰ ডাঠ বগা থোপা থোপে বীৰ্য লাগি আছিল৷ নীৰলাই ল’ৰাটোৰ গাত ধৰি জোঁকাৰি দিলে৷ সোণটো কি হ’ল কচোন ক’? অশ্ৰুপূৰ্ণ দুচকুৰে ল’ৰাটোৱে মাকৰ মুখলৈ চাই কৈ গ’ল –

  মা! মোক বৰদেউতাই বৰদেউতাহঁতৰ বাৰীঘৰৰ ফালে মাতি নিছিল আৰু তাত থকা বাঁহৰ চাংখনত বৰদেউতাই শুই দিছিল৷ তাৰপাছত বৰদেউতাই নিজৰ চুচুটো উলিয়াই দিছিল মোক মালিচ কৰিবলৈ৷ মই ভয় খাই দৌৰি আহিবলৈ লওতেই বৰদেউতাক চাংখনৰ পৰা উঠি মোৰ বাওঁ হাতখনত থাপ মাৰি ধৰিছিল আৰু ধমক দি বৰদেউতাৰ চুচুটোত মোৰ হাত দুখন গোজ মাৰি দিছিল,  মোক জোৰ জোৰকৈ মালিচ কৰিবলৈ কৈছিল৷ মই ভয়তে বৰদেউতাই যি কৈছিল তাকেই কৰিছিলোঁ৷ অলপ পাছতে বৰদেউতাই চাংখনৰ পৰা থিয় হৈ মোৰ গাল-মুখ আৰু গাত বগা বগা এইবোৰ ছটিয়াই পঞ্চাশ টকা দিছিল আৰু কাকো এই কথা নক’বলৈ কৈছিল৷ এই বুলি কৈ গাত লাগি অহা বীৰ্যবোৰ নীৰলাক দেখুৱাই দিছিল৷

  নিজৰ আশা-ভৰসা কৰা একমাত্ৰ পুত্ৰ এনে ঘটনাৰ বলি হোৱাত নীৰলাৰ মূৰত আকাশখন ভাগি পৰাৰ দৰে লাগিল৷ অন্তৰাত্মা হাহাকাৰ কৰি উঠিল৷ নীৰলা একে ঠাইতে থৰ লাগি ৰ’ল৷ পুতেকে হাতত ধৰি জোঁকাৰি দিওঁতেহে জ্ঞান ঘূৰি আহিল৷ মা! মোৰ বৰ ঘিণ লাগিছে, গা ধুৱাই দে মা!

   নীৰলাই পুতেকৰ আগত কোনো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰি আজিৰ পৰা বৰদেউতাৰ লগত নাযাবি বুলি কৈ কথাটো তাতে পাতলাবলৈ চেষ্টা কৰিলে৷ লৰালৰিকৈ নীৰলাই ল’ৰাটোক গা ধুৱাই দিলে৷

   সমাজত বদনামৰ ভয় আৰু নিৰক্ষৰ দৰিদ্ৰ পিতৃ-মাতৃৰ অভাৱ, অজ্ঞানতাৰ বাবে প্ৰতীক বৰাৰ যৌন আতিশয্যৰ বলি হোৱা কিশোৰহঁতৰ কোনো চিকিৎসা ব্যৱস্থা নহ’ল৷ ভয়াবহ ঘটনাৰ বলি হোৱা কিশোৰ কেইজন এতিয়া ডেকা হ’ল৷ জীৱনটো বিশেষ আগবঢ়াই নিবলৈ নোৱাৰিলে৷  এই কথাই মানকীৰ মনত গভীৰ আঘাত কৰে৷ এনেবোৰ অবাঞ্চিত ঘটনাত জ্বলি উঠা জুইয়ে ভৱিষ্যতে সমাজখনক কিদৰে জ্বলায় তাৰ ঠিক নাই৷

   শাৰীৰিকভাৱে দুৰ্বল বাবেই সমাজত শিশুসকল যৌন নিৰ্যাতনৰ বলি হোৱা দেখা যায়৷ যাৰ বাবে এই শিশুসকলৰ মানসিক অৱস্থা অ-পৰিপক্ব বা বিকৃত হৈ পৰে৷ মুখলজ্জাৰ ভয়তে শিশুৰ ওপৰত হোৱা যৌন নিৰ্যাতনৰ বহু ঘটনা ঢাকি ৰখা হয়৷ এদিন এই ঘটনাবোৰে সমাজত খাণ্ডৱদাহৰ ৰূপ লয়৷

  সন্তান দাম্পত্য জীৱনৰ কেৱল যৌন সুখৰ ফলশ্ৰুতি নহয়৷ মানুহৰ আবেগ-অনুভূতি, মমতা, ত্যাগ আৰু এটা তেজাল সপোনৰ সমাহাৰ৷

 এখন নেদেখা নদীৰ সিপাৰে ক’ত কিযে ৰূপ৷ কিমান যে ঘটনা -পৰিঘটনাৰ স্বাক্ষৰ পৰি আছে৷ ফাগুনৰ লঠঙা দেহা, হয়তো চঞ্চলা ব’হাগৰ হুমুনিয়াহ, বাৰিষাৰ নিষ্ঠুৰ ঢল, কাতিৰ কুঁৱলিয়ে আগভেটা বাট!

  পেহীৰ মাত শুনি মানকী ভিতৰলৈ সোমাই গ’ল৷ ইতিমধ্যে প্ৰতীক বৰাও বহু দূৰ পাইছিলগৈ—

(অহা সংখ্যাত…)

[DISPLAY_ULTIMATE_SOCIAL_ICONS]

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top