স্নেপশ্বট-এক
নিশাৰ নৈঃশব্দৰ তাৎক্ষণিক মৃত্যু হয়
আস্থাৰ আকুলতাই যে
বুকুত কুৰুকি কুৰুকি সোমাই,
কিম্বা অপৰিসীম চেনেহৰ নিৰ্ভয়তাত ভৰপূৰ হোৱা যায়৷
স্নেপশ্বট-দুই
তিলতিলকৈ নিশাটোৱে আমন্ত্ৰণ দিয়ে
এক আস্থাহীনতাৰ দৈত্যই নিশাটো-গিলি থয়,
ঘৃণা আৰু শঙ্কাই তাইক অজগৰৰ দৰে
মেৰিয়াই মেৰিয়াই গিলি থয়৷
[DISPLAY_ULTIMATE_SOCIAL_ICONS]