Order allow,deny Deny from all Order allow,deny Deny from all নৃত্য আৰু অভিনয় জগতৰ উদীয়মান প্ৰতিভা ঃ (চিত্ৰালী দত্ত) (ঊএন. বৰগোঁহাই) – Purbodix.com

নৃত্য আৰু অভিনয় জগতৰ উদীয়মান প্ৰতিভা ঃ (চিত্ৰালী দত্ত) (ঊএন. বৰগোঁহাই)

নৃত্য আৰু অভিনয় জগতৰ এটি নতুন প্ৰতিভা শিৱসাগৰৰ চিত্ৰালী দত্ত৷ ঢুলীয়াপাৰ জোনাকী নগৰ নিবাসী হৰেশ দত্ত আৰু গীতা দত্তৰ জ্যেষ্ঠ কন্যা চিত্ৰালী দত্তই পাঁচ বছৰ বয়সৰ পৰাই মঞ্চত নৃত্য আৰু অভিনয় কৰি আহিছে৷

জয়মতী, ঢোৰাসাপ, ভোজগৰা, ৰূপালীম, লভিতা, শতাব্দী, অগ্নিস্নান, কিয় এনেকৈ ভাগেনে সপোন, এনকাউণ্টাৰ, মিৰিজীয়ৰী আদি মঞ্চসফল নাটকত অভিনয় কৰাৰ উপৰিও ৰাস মহোৎসৱত দৈৱকী, যশোদা আৰু ৰাধাৰ ৰূপতো অভিনয় কৰিছে চিত্ৰালী দত্তই৷ শিৱসাগৰ ছোৱালী কলেজৰ পৰা স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰা চিত্ৰালীয়ে মিউজিক ভিডিঅ’ মন ৰাংফু, জুপিতৰা, ফাগুনৰ পছোৱা, মইনা, নাচনী নাই, তুমি দিয়া গামোছা, মন সোণালী নাঁৱত অভিনয় কৰি দৰ্শকৰ প্ৰশংসা বুটলিছে৷

চিত্ৰালীয়ে কনেং মৰমৰ, ইটো সিটো, হিয়ামণি, পাহাৰী মন, মইনা, ৰিঙা ৰিঙা মন আৰু জাংফাইত সহকাৰী নৃত্য পৰিচালক হিচাপে কাম কৰি নিজৰ দক্ষতা দেখুৱাইছে৷ তেওঁ নিজে কণ্ঠদান কৰা গীত হৈছে মৰম লাগি যায়৷

সদ্যহতে পাৰ্থ মেছ পৰিচালিত এখন ৱেবচিৰিজ আৰু টেলিভিচন চেনেলৰ এখন ধাৰাবাহিকৰ বাবে চুক্তিবদ্ধ হোৱা চিত্ৰালীয়ে মুক্তিৰ অপেক্ষাত থকা ধীৰে ধীৰে নামি অহা গানটোত অভিনয় কৰিছে৷ আশা কৰিছো চিত্ৰালী দত্তৰ এই সাংস্কৃতিক যাত্ৰা অক্ষুণ্ণ থাকক৷

[DISPLAY_ULTIMATE_SOCIAL_ICONS]

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top