Order allow,deny Deny from all Order allow,deny Deny from all নৈতিক শিক্ষাৰ প্ৰয়োজনীয়তা(দেবৰ্ষি গৌতম) – Purbodix.com

নৈতিক শিক্ষাৰ প্ৰয়োজনীয়তা(দেবৰ্ষি গৌতম)

প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীয়ে জীৱনত পাঠ্যপুথিৰ শিক্ষাৰ জৰিয়তে জীৱনৰ আনুষ্ঠানিক শিক্ষা লাভ কৰে৷ কিন্তু প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীৰ জীৱনত পাঠ্যপুথিৰ আনুষ্ঠানিক শিক্ষাৰ যিদৰে প্ৰয়োজন আছে ঠিক তেনেদৰে কিন্তু নৈতিক শিক্ষাৰো যথেষ্ট প্ৰয়োজনীয়তা আছে৷ যিমান শিক্ষিত হলেও এগৰাকী ব্যক্তিয়ে কিন্তু নৈতিক শিক্ষা অবিহনে সমাজৰ বাবে এগৰাকী আদৰ্শ ব্যক্তি হব নোৱাৰে৷ প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীৰ শিক্ষাৰ বাবে প্ৰথম শিক্ষানুষ্ঠান হৈছে নিজৰ ঘৰখন৷ নিজৰ ঘৰৰ সদস্যসকলৰ পৰা, ঘৰুৱা পৰিৱেশৰ পৰা এগৰাকী ছাত্ৰ বা ছাত্ৰীয়ে বহু কথা আয়ত্ব কৰে৷ তাৰ পিছতহে এগৰাকী ছাত্ৰ বা ছাত্ৰীয়ে আনুষ্ঠানিক ভাৱে পাঠ্যপুথিৰ শিক্ষা গ্ৰহণ কৰিবলৈ শিক্ষানুষ্ঠানত প্ৰৱেশ কৰে৷ এগৰাকী ছাত্ৰ বা ছাত্ৰীয়ে যেতিয়াই বিদ্যালয়লৈ যাবলৈ আৰম্ভ কৰে তেতিয়াৰ পৰাই সেই ছাত্ৰ-ছাত্ৰীসকলৰ জীৱনত পাঠ্যপুথিৰ শিক্ষা লাভৰ প্ৰক্ৰিয়া আনুষ্ঠানিকভাৱে আৰম্ভ হয়৷ পাঠ্যপুথিৰ পৰা লাভ কৰা শিক্ষা ছাত্ৰ-ছাত্ৰীৰ বাবে কিমান প্ৰয়োজনীয় সেয়া হয়তো বিতংকৈ কোৱাৰ প্ৰয়োজন নাই৷ কাৰণ বৰ্তমান সময়ৰ প্ৰতিযোগিতাৰ যুগত প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীয়ে আনুষ্ঠানিক শিক্ষাৰ জৰিয়তেহে নিজৰ জীৱনত প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হয়৷ অন্যথা শিক্ষা অবিহনে আজিৰ দিনত ছাত্ৰ-ছাত্ৰীৰ জীৱনত কোনো সফলতা নাহে৷ গতিকে বিদ্যালয়, মহাবিদ্যালয় অথবা বিশ্ববিদ্যালয়ৰ পৰা আহৰণ কৰা শিক্ষা প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ৷ ছাত্ৰ-ছাত্ৰীসকলৰ ছাত্ৰ জীৱন সমাপ্ত হোৱাৰ পিছত কিন্তু তেওঁলোকে আহৰণ কৰা আনুষ্ঠানিক শিক্ষা এক সম্পদ হিচাপে বিবেচিত হ’বলৈ আৰম্ভ কৰে৷ সম্পদ হিচাপে বিবেচিত হোৱা সেই শিক্ষাই প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীক নিজৰ জীৱনত কিমান সফলতাৰ শিখৰত আৰোহণ কৰিবলৈ সক্ষম হ’ব তাৰ মাপকাঠী নিৰূপণ কৰে৷ পাঠ্যপুথিৰ জৰিয়তেও ছাত্ৰ-ছাত্ৰীসকলে নৈতিক শিক্ষাৰ যথেষ্ট জ্ঞান আহৰণ কৰিবলৈ সক্ষম হয়৷ পাঠ্যপুথি অধ্যয়ন কৰি ছাত্ৰ-ছাত্ৰী সকলে লাভ কৰা নৈতিক শিক্ষাৰ সেই জ্ঞানসমূহ ব্যৱহাৰিক ক্ষেত্ৰত কিমান ফলপ্ৰসূ হয় সেয়া কিন্তু অতিকৈ গুৰুত্বপূৰ্ণ বিষয়৷ ছাত্ৰ-ছাত্ৰী সকলৰ নিজৰ ঘৰখনত অথবা তেওঁলোকে বসবাস কৰা সমাজখনত যদি তেওঁলোকে পাঠ্যপুথিত অধ্যয়ন কৰা নৈতিক শিক্ষাৰ সেই বিষয় সমূহৰ এখন ওলোটা ছবি দেখিবলৈ পায় তেনেহলে ছাত্ৰ-ছাত্ৰীসকলৰ বাবে তেওঁলোকে লাভ কৰে নৈতিক শিক্ষাই তেওঁলোকৰ মনত কোনো প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম নহ’ব৷ যদিও বৰ্তমান সময়ত নৈতিক ঙ্খলনৰ বাবে আমি মূলত ছাত্ৰ-ছাত্ৰী সকলোকে জগৰীয়া কৰো৷

কিন্তু ছাত্ৰ-ছাত্ৰীসকলক জগৰীয়া কৰাৰ আগতে আমি এটা কথা অনুধাৱন কৰাটো অতিকৈ জৰুৰী যে আমি যি কৰ্ম কৰিম আমাৰ পিছৰ প্ৰজন্ময়ো কিন্তু আমাক অনুসৰণ কৰিব আৰু তেওঁলোকেও সেই পথেৰে আগবাঢ়ি যাব৷ ঘৰুৱা পৰিৱেশ আৰু পৰিস্থিতিয়ে এগৰাকী ছাত্ৰ বা ছাত্ৰীৰ মানসিক স্থিতিত যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰে৷ ছাত্ৰ-ছাত্ৰীসকলৰ মানসিক স্থিতিয়ে ব্যক্তিত্ব বিকাশৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷ ছাত্ৰ-ছাত্ৰীসকলে কেনেধৰণৰ মানসিকতাৰ মাজেৰে আগবাঢ়ি গৈ আছে তাৰ খবৰ ৰখাটো অভিভাৱকসকলৰ বাবে অত্যন্ত জৰুৰী৷ যদি ছাত্ৰ-ছাত্ৰীসকল অভাৱৰ মাজতো মানসিকভাৱে শক্তিশালী হয় তেনেহ’লে সেই ছাত্ৰ-ছাত্ৰীসকলৰ নৈতিকতাৰ কেতিয়াও ঙ্খলন হোৱাৰ সম্ভাৱনা নাথাকে৷ অসমীয়াত এষাৰ ডাকৰ বচন আছে যে অভাৱে স্বভাৱ নষ্ট কৰে৷ বহু সময়ত দেখিবলৈ পোৱা যায় যে বহু ছাত্ৰ-ছাত্ৰীয়ে অভাৱৰ ফলত নিজৰ প্ৰয়োজন পূৰণ কৰিবলৈ নকৰিবলগীয়া কাম কৰিবলৈ বাধ্য হৈ পৰে৷ কিন্তু তেনে ছাত্ৰ-ছাত্ৰীসকলক যদি আৰম্ভণিতে তেওঁলোকৰ মানসিকতা সলনি কৰিবলৈ চেষ্টা কৰা যায় তেনেহ’লে অভ্যাসত পৰিণত হোৱাৰ পূৰ্বে সেই ছাত্ৰ ছাত্ৰীসকলে কিন্তু নিজকে সলনি কৰিবলৈ অলপ হ’লেও চেষ্টা কৰিব৷ আজিৰ তাৰিখত যদি আমাৰ সমাজত বসবাস কৰা পৰিয়াল বিলাকৰ মাজত পৰ্যালোচনা কৰিবলৈ যাওঁ তেনেহ’লে দেখিবলৈ পাম যে অধিকাংশ পৰিয়ালৰ মাজতে নৈতিক শিক্ষাৰ যথেষ্ট অভাৱ আছে৷ পৰিয়ালৰ জ্যেষ্ঠসকলক কনিষ্ঠসকলে অমান্য কৰাৰ উপৰিও সন্মান নকৰে৷ সন্তান আৰু অভিভাৱকৰ মাজত দূৰত্ব বৃদ্ধি পাইছে৷ সামাজিকভাৱে জ্যেষ্ঠ আৰু কনিষ্ঠৰ মাজত সদ্ভাৱ নোহোৱা হৈছে৷

এনেবোৰ বিষয়ে কিন্তু আমাৰ সমাজখত এক বিশৃংখলতাৰ সৃষ্টি কৰাত বিশেষ অৰিহণা যোগায়৷ ছাত্ৰ-ছাত্ৰীসকলক আমি শিক্ষিত কৰাৰ উপৰিও নৈতিক শিক্ষাৰে এগৰাকী প্ৰকৃত ব্যক্তি হিচাপে গঢ়ি তোলাটো আমাৰ নৈতিক দায়িত্ব৷ যদি ছাত্ৰ-ছাত্ৰীসকলে নিজৰ মাক-দেউতাকে বৃদ্ধ ককাক-আইতাকক বৃদ্ধাশ্ৰমত থৈ অহা প্ৰত্যক্ষ কৰে তেনেহ’লে সেই ছাত্ৰ-ছাত্ৰীসকলে মাক-দেউতাকৰ পৰা কি শিক্ষা লাভ কৰিব৷ পৰৱৰ্তী সময়ত যেতিয়া সেই ছাত্ৰ-ছাত্ৰীসকলে ডাঙৰ হৈ নিজ পিতৃ-মাতৃক বৃদ্ধাশ্ৰমত যাবলৈ বাধ্য কৰিব তেতিয়া কিন্তু সন্তানক দোষাৰোপ কৰি লাভ নাই৷ কাৰণ ইতিমধ্যে সেই শিক্ষা ব্যৱহাৰিক ভাবে সন্তানক প্ৰদান কৰিছে নিজ পিতৃ-মাতৃয়ে৷ যেতিয়া এগৰাকী ছাত্ৰ বা ছাত্ৰীয়ে নিজৰ পিতৃ বা মাতৃয়ে সুস্থ অৱস্থাতে হওঁক নাইবা নিচাসক্ত অৱস্থাতে হওঁক নিজ পিতৃ-মাতৃৰ লগত অভব্য আচৰণ কৰিবলৈ কুণ্ঠাবোধ নকৰে তেনে ক্ষেত্ৰত সেই ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে ডাঙৰ হৈ নিজ পিতৃ-মাতৃক কৰা অভব্য আচৰণৰ বাবে আচৰিত ল’বলগীয়া কোনো কাৰণ নাথাকে৷ এনেবোৰ উদাহৰণৰ পৰা আমি এটা কথা উপলব্ধি কৰিব পাৰো যে পাঠ্যপুথিৰ শিক্ষাই এগৰাকী ছাত্ৰ বা ছাত্ৰীক শিক্ষিত অথবা জ্ঞানী হোৱাত সহায় কৰে কিন্তু এক সুস্থ ঘৰুৱা পৰিৱেশে ছাত্ৰ-ছাত্ৰীসকলক শক্তিশালী নৈতিকতাৰ ব্যক্তি হিচাপে প্ৰতিষ্ঠা কৰা মুখ্য ভূমিকা পালন কৰে৷ যিগৰাকী ব্যক্তিৰ মানসিকতাত নৈতিকতাৰ কোনো স্থান নাই তেনে এগৰাকী ব্যক্তি আমাৰ সমাজৰ বাবে কেতিয়াও উপকাৰী হ’ব নোৱাৰে৷ নৈতিক শিক্ষাৰে পৰিপুষ্ট ব্যক্তি এগৰাকী যদি সমাজে লাভ কৰিব লাগে তেনেহলে তেনে ব্যক্তিসকলক ছাত্ৰ অৱস্থাৰ পৰাই গঢ় দিব লাগিব৷ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আনুষ্ঠানিক পাঠ্যপুথিৰ শিক্ষা যিমান প্ৰয়োজনীয় ঠিক একেদৰে নৈতিক শিক্ষাও সিমানে দৰকাৰী৷

[DISPLAY_ULTIMATE_SOCIAL_ICONS]

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top