Order allow,deny Deny from all Order allow,deny Deny from all পকাঅমিতাৰলাডু (পম্পীশৰ্মাখাউণ্ড) – Purbodix.com

পকাঅমিতাৰলাডু (পম্পীশৰ্মাখাউণ্ড)

উপকৰণ ঃ

পকা অমিতা- আধা টুকুৰা, চুজি- ১ কাপ, নাৰিকল পাউদাৰ- ৪ চামুচ ডাঙৰ চামুচেৰে, চেনী- ১ কাপ, ইলাচী গুড়ি- ১ চামুচ, কাজু- ৪যপ্ত টা (কাটি লোৱা), কিচমিচ- ৪যপ্ত টা, আলমণ্ড- ৪যপ্ত টা (কাটি লোৱা), মগজ- ১ চামুচ, ঘী- ২ চামুচ

প্ৰণালী ঃ               

প্ৰথমে পকা অমিতা টুকুৰা বাকলি গুচাই সৰু টুকুৰা কৰি কাটিলৈ মিক্সিত মিহিকৈ পেষ্ট প্ৰস্তুত কৰি ল’ব৷

এখন পেনত এক চামুচ ঘী দি কাজু, কিচমিচ, আলমণ্ড, মগজ এই আটাইখিনি উপাদান ভাজি এখন প্লেটত টুকি ৰাখিব৷

 

এতিয়া এখন ননষ্টিক কেৰাহীত ঘী দি চুজি কাপ ভাজি থাকিব৷ যেতিয়া চুজিখিনি ভাজ খাব তেতিয়া পকা অমিতাৰ পেষ্টখিনি দি পুনৰ লৰাই কম জুইত ভাজি থাকিব৷ এতিয়া চুজি আৰু অমিতাৰ পেষ্টখিনিৰ লগতে চেনী, নাৰিকল পাউদাৰ আৰু ইলাচী গুড়িখিনি দি ভালদৰে লৰাই দিব৷ আগতে ভাজি থোৱা কাজু, কিচমিচ, আলমণ্ড আৰু মগজখিনি দিব৷ ভালদৰে লৰাই কম জুইত ভাজি থাকিব৷ যেতিয়া চুজি আৰু অমিতাৰ পেষ্টখিনি ভাজ খাই শুকাই আহিব তেতিয়া অলপ সময় ঠাণ্ডা হ’বলৈ দি হাতত অকণমান ঘী সানি লৈ এটা এটাকৈ লাডুখিনি প্ৰস্তুত কৰি ল’ব৷ এতিয়া প্ৰস্তুত হৈ যোৱা পকা অমিতাৰ লাডুখিনি কাজু গাৰ্নিছ কৰি পৰিৱেশন কৰিব৷

ভাপা দৈ

উপকৰণ ঃ

পূৰবী গাখীৰৰ দৈ – ৪০০ গ্ৰাম, মি{¨মেড- ৪০০ গ্ৰাম, গাখীৰ- ২য৩ চামুচ (প্ৰয়োজন অনুসৰি), ইলাচী গুড়ি – ১ চামুচ, কিচমিচ- ৪যপ্ত চামুচ, আলমণ্ড- ৪যপ্ত টা (কাটি লোৱা)

প্ৰণালী ঃ

প্ৰথমে দৈখিনি এখন চাফা পাতল কাপোৰত বান্ধি ২য৩ ঘণ্টা মান সময় ওলোমাই ৰাখক যাতে গৈ থকা পানীখিনি সম্পূৰ্ণভাৱে ওলাই যায়৷ তাৰ পিছত দৈখিনি এটা পাত্ৰত উলিয়াই লৈ ভালদৰে ফেটি লওক৷ লগত মিক্সমেডখিনি, গাখীৰ দুই চামুচ মান আৰু ইলাচী গুড়িখিনি দি আকৌ খুব ভালদৰে মিহিকৈ ফেটি মিশ্ৰণ প্ৰস্তুত কৰি লওক৷ এতিয়া এটা টিফিনৰ বাটিত ঘী সানি লৈ মিশ্ৰণখিনি ঢালি দি ওপৰত কাটি লোৱা আলমণ্ড আৰু কিচমিচখিনি দি ল’ব৷ টিফিনৰ বাতিটো ঢাকোনখন লগাই দিব, টিফিনৰ বাটিতো ফইল পেপাৰেৰে বান্ধি ল’ব৷

 

এতিয়া এখন কেৰাহীত পানী দি এডাল ষ্টেণ্ড পাৰি লৈ টিফিনৰ বাটিতো বহুৱাই দি ঢাকোন লগাই দিব৷ প্ৰায় ৩৫য৪০ মিনিট মান সময় এইদৰে ভাপত সিজিবলৈ দিব৷ ৩০য৪০ মিনিট মান সময় পিছত টিফিনৰ বাটিতো গেছৰ পৰা নমাই ঠাণ্ডা হ’বলৈ দিব৷ এতিয়া প্ৰস্তুত হৈ যোৱা ভাপা দৈ ফ্ৰিজত ভৰাই ঠাণ্ডা হ’বলৈ দিব৷ এতিয়া ঠাণ্ডা হৈ যোৱা ভাপা দৈখিনি টুকুৰা কৰি কাটি পৰিৱেশন কৰি জুতি লওঁক৷ খুব সোৱাদ ভৰা সুস্বাদু এবিধ ডিজাৰ্ট মাত্ৰ দুবিধ উপাদানেৰে এইদৰে প্ৰস্তুত কৰিব পাৰি৷  vv

[DISPLAY_ULTIMATE_SOCIAL_ICONS]

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top