Order allow,deny Deny from all Order allow,deny Deny from all পনীৰৰ পুৰেৰে ভাপত দিয়া কেবিজ ৰোল (ৰিণী গগৈ বৰুৱা) – Purbodix.com

পনীৰৰ পুৰেৰে ভাপত দিয়া কেবিজ ৰোল (ৰিণী গগৈ বৰুৱা)


উপকৰণ
(ৰ) বন্ধা কবিৰ পাত (তিনি খিলা) পুৰৰ বাবে…,        (২) কেপচিকাম (এটা), (৩) পনীৰ (সৰু সৰুকৈ কাটি লোৱা এবাতি), (৪) গাজৰ এটা, (৫) জিৰা গুৰি (সৰু চামুচেৰে আধা চামুচ), (৬) ধনীয়া গুৰি (সৰু চামুচেৰে আধা চামুচ), (৭) মেগী মচলা (এটা পেকেট), (৮) কাশ্মীৰী জলকীয়া গুৰি (সৰু চামুচেৰে আধা চামুচ), (৯) নিমখ (সৰু চামুচেৰে আধা চামুচ), (১০) হালধি (সৰু চামুচেৰে আধা চামুচ), (ৰৰ) টমেট চ’চ (এক চামুচ), (১২) আদাৰ পেষ্ট (এক চামুচ), (১৩) নহৰুৰ পেষ্ট (এক চামুচ), (১৪) তেল (এক চামুচ), (১৫) পানী (আধা কাপ)

প্ৰণালীঃ
প্ৰথমে বন্ধা কবি পাত কেইখিলা ভালদৰে ধুই এখন কেৰাহীত পাত কেইখিলা ডুব যোৱাকৈ পানী দি দহ মিনিটমান বইল কৰি লৈপানীৰ পৰা টুকি ৰাখিব৷ আনফালে এটা বহল পাত্ৰ লৈ তাত ওপৰৰ উপকৰণখিনি (আদা, নহৰুৰ পেষ্ট, পানী আৰু তেলৰ বাহিৰে) গোটেইখিনি ভালদৰে মিক্স কৰি ল’ব৷ তাৰ পাছত এখন non stick কেৰাহীত তেল গৰম হ’বলৈ দি, তেল গৰম হোৱাত তাত আদা, নহৰুৰ পেষ্ট দি অলপ সময় ভাজি তাত মিক্স কৰি ৰখা উপকৰণ খিনি দি ভালদৰে গোটেইখিনি মিলাই অলপ সময় ভাজি তাত আধা কাপ পানী দি দহ মিনিটমান কম জুইত ৰাখি ঢাকন লগাই দিব৷ সিজি উঠাত গেছ বন্ধ কৰি পুৰখিনি এটা পাত্ৰত কাঢ়ি থৈ তাৰ পাছত বন্ধা কবিৰ পাত এখিলাকৈ লৈ তাত পুৰ ভৰাই এটা এটাকৈ ৰোল বনাই লৈ কম জুইত দহ মিনিটমান ভাপত ৰাখি নমাই ৰাখিব৷ এতিয়া হৈ যোৱা ৰোলকেইটা এখন প্লেটত সুন্দৰকৈ সজাই টমেট চ’চৰ লগত পৰিবেশন কৰক৷


[DISPLAY_ULTIMATE_SOCIAL_ICONS]

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top