Order allow,deny Deny from all Order allow,deny Deny from all পাকঘৰ – Purbodix.com

পাকঘৰ

স্বাধীনতা দিৱসৰ
লগত
সংহতি
ৰাখি
ৰেচিপি
আগবঢ়ালো

ছেৱৈৰ মৌদক
(
তিনি
ৰঙৰ)

নিলাক্ষী বৰা


কি কি লাগিব–তিনি ৰঙৰ ছেৱৈ আধাবাটিকৈ, পাউদাৰ গাখীৰ তিনিচামুচ, ইলাচী গুৰি আধাচামুচ, মিল্ক মেইদ দুচামুচকৈ আৰু ঘিঁউ তিনি চামুচ৷ ইলাচী পাউদাৰ আধা চামুচ৷

প্ৰণালী– প্ৰথমতে ছেৱৈৰ বগা অংশখিনি হাতেৰে মোহাৰি ল’ব৷ এখন ননষ্টীক কেৰাহী গেছত পাতি গৰমাই লৈ তাত ঘিঁউ এচামুচ দি তাতে ভাঙিলোৱা বগা ছেৱৈখিনি দি কম জুইত লৰাই অকণমান সময় ভাজি লৈ তাত পাউদাৰ গাখীৰ এচামুচ ইলাচী গুৰি অকণমান আৰু মিল্কমেইদ মিলাই ভালকৈ লৰাই সকলোখিনি মিলাই এচামুচ পানী চটিয়াই দি পুনৰ লৰাই নমাই অকণমান হাতেৰে চুব পৰা হ’লে লাৰু বনাই মোদকৰ সাজত দি হেঁচি হেঁচি ভৰাই দি মৌদকৰ চেপত বনাই লৈ ফ্ৰীজত আধাঘণ্টা ৰাখিব৷ এনেকৈয়ে বাকী সেউজীয়া আৰু কমলা ৰঙৰ দুটা বনাই লৈ পৰিবেশন কৰিব৷

কক’নাট আইচক্ৰীম

উপকৰণ– নাৰিকল এফাল, হুইপক্ৰীম আধাকাপ চেনি দুচামুচ আৰু কমলা সেউজীয়া ৰঙৰ ফুডকালাৰ তিনিটোপালকৈ৷

প্ৰণালী– নাৰিকলৰ বাকলি গুচাই লৈ নাৰিকলৰ ক’লা অংশখিনি এৰুৱাই টুকুৰা কৰি মিহিকৈ পেষ্ট বনাই ল’ব৷ হুইপক্ৰীম ভালকৈ ফেঁটি লৈ তাত গুৰি কৰি লোৱা চেনি আৰু নাৰিকলৰ পেষ্ট মিলাই পুনৰ ভালকৈ ফেঁটি লৈ তিনি ভাগ কৰি দুভাগত ফুড কালাৰ মিলাই popsicle বনোৱা মণ্ডত প্ৰথমতে কমলা ৰং দি তাৰ পিচত বগা আৰু শেষত সেউজীয়া ৰঙৰ পেষ্টখিনি দি ডীপ ফ্ৰীজত ১০ ঘণ্টামান ভৰাই উলিয়াই পৰিৱেশন কৰিব৷

[DISPLAY_ULTIMATE_SOCIAL_ICONS]

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top