Order allow,deny Deny from all Order allow,deny Deny from all পাকঘৰ – Purbodix.com

পাকঘৰ

তিল দিয়া
চিৰাৰ
লাড়ু


ৰুবি দত্ত

তাৰ বাবে লাগিব ….

ৰ) চিৰা এক কাপ

২) কলা তিল তিনি চামুচ

৩) গুৰ আধা কাপ

৪) ঘিঁউ এক চামুচ

প্ত) ৰিফাইন তেল

প্ৰণালী ঃ চিৰা ভালকৈ চাফা কৰি গোটা গোটা চিৰা ল’ব৷ এতিয়া গেছত কেৰাহী পাতি তিলখিনি ভাজি নমাই ৰাখিব, , , এতিয়া সেইখন কেৰাহিতে সৰহকৈ তেল দিব, তেল গৰম হ’লে তাত এক মুঠি চিৰা দিব, , চিৰাখিনি ফুলি আহিলে নমাই ৰাখিব, , ,  এই দৰে আটাইখিনি চিৰা ভাজি ল’ব৷

আন এখন কেৰাহীত গুৰখিনি গলাই ল’ব, , , গুৰৰ পাগ হৈছেনে নে নাই চাবৰ বাবে সৰু বাতি এটাত পানী ল’ব, , তাতে পগোৱা গুৰ এক দুই টোপাল দি দিব, , , যদি টোপাল কেইটা পানীৰ তললৈ গৈছে, , , হাতেৰে চুই চাব, , যদি গোটা হৈ পৰিছে তেতিয়া বুজিব গুৰখিনিৰ পাগ জোখৰ হৈছে৷ গুৰ পগাই থাকোঁতেই ঘিঁউ আৰু তিল মিলাই দিব৷

এতিয়া গুৰ গেছৰ পৰা নমাই তাত ভাজি ৰখা চিৰা অলপ অলপ কৈ দি মিলাই যাব৷ সকলোখিনি মিলাই হ’লে লৰা লৰিকৈ লাড়ু বান্ধি যাব৷

লাউ আৰু
গাজৰৰ
হালোৱা

তাৰ বাবে লাগিব

ৰ) ৰুকি লোৱা লাউ দুকাপ

২) ৰুকি লোৱা গাজৰ দুকাপ

৩) পনীৰ এক কাপ (ৰুকি লোৱা)

৪) শুকান ফল নিজৰ পছন্দ অনুসৰি

প্ত) কাজু, অলমণ্ড,  কিছমিছ

৬) মিল্ক মেইড আধা টেমা

৭) ঘিঁউ তিনি টেবুল চামুচ

৮) ইলাচী গুৰি আধা চামুচ

৯) পাউদাৰ গাখীৰ আধা কাপ

১০) লিকুইড গাখীৰ এক কাপ

ৰৰ) সজাবৰ বাবে ডালিম

প্ৰণালী ঃ ফ্ৰাই পেনখন গৰম কৰি সামান্য ঘিঁউ দি কাজু, , অলমণ্ড, কিছমিছ মিলাই আধা কাপ ভাজি ল’ব, , ,  এতিয়া সেইখন পেনতে বাকী ঘিঁউখিনি দি লাউ আৰু গাজৰখিনি দিব আৰু কম জুইত তাৰ পৰা ওলোৱা পানী শুকাই যোৱালৈ ভাজিব, , , এতিয়া পনীৰখিনি আৰু পাউদাৰ গাখীৰখিনি যোগ কৰি ভালকৈ মিলাই ল’ব৷ এতিয়া লিকুইড গাখীৰ দি অলপ সময় ভাজিব, , গাখীৰখিনি শুকাই অহালৈ, , এতিয়া মিল্ক মেইড আৰু ইলাচী গুৰি দি ভালকৈ লৰাই থাকিব, সেই সময়তে ভাজি ৰখা শুকান ফলৰ কাজু, , বাদামখিনি অলপ সৰু সৰু কৰি লৈ সকলোখিনি হালোৱাখিনিত দি ভালকৈ মিলাই দিব৷  এইয়া হৈ গ’ল– সুস্বাদু হালোৱা তৈয়াৰ৷ শেষত ডালিম আৰু পদিনাৰ পাতেৰে সজাই পৰিৱেশন কৰক৷

[DISPLAY_ULTIMATE_SOCIAL_ICONS]

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top