কলা জামুৰ কুলফি
গায়ত্ৰী পাঠক দাস

উপকৰণ ঃ
ৰ৷ কলা জামু-ৰবাটি
২৷ গাখীৰ- ২ কাপ
৩৷ চেনি- ৪ চামুচ
৪৷ আমুল মিঠাই মেট- ২ চামুচ
প্ত৷ কৰ্ণ ফ্লোৰ- ১ চামুচ
৬৷ ভেনিলা এচেঞ্চ- ১ চামুচ
জ্জ৷ সজাবলৈ চকো চিপচ কেইটামান
প্ৰণালী ঃ
প্ৰথমে জামুকেইটা ধুই গুটিবোৰ গুচাই কাটি লৈ মিক্সিত গুৰি কৰি ল’লো৷ এতিয়া গাখীৰখিনি এটা চচপেনত গৰম হ’বলৈ দিলোঁ৷ গৰম হোৱাত চেনিখিনি দি দিলোঁ৷ চেনি গলি যোৱাত কৰ্ণফ্লোৰ চামুচ কুহুমীয়া গাখীৰৰ লগত গুলি মিলাই দি অলপ সময় লৰাই থাকি ভেনিলা এচেঞ্চ দি লৰাই থাকি অলপ ঘন হ’লে নমাই ঠাণ্ডা হ’বলৈ দিলো৷ গাখীৰ ঠাণ্ডা হোৱাত জামুৰ পেষ্টখিনি আৰু মিঠাই মেট দি গাখীৰৰ লগত ভালকৈ ফেটি ল’লো৷ এতিয়া জামুৰ কুলফিৰ মিশ্ৰণখিনি কফি কাপত ঢালি ফইল পেপাৰেৰে ঢাকি আইসক্ৰিম ষ্টিক দাল ফইল পেপাৰৰ মাজখিনি সৰুকৈ কাটি সুমোৱাই দি ফ্ৰিজত জ্ঝ-১০ ঘণ্টাৰ বাবে থৈ দিলোঁ৷ জ্ঝ-১০ ঘণ্টাৰ পিছত কলা জামুৰ কুলফিবোৰ উলিয়াই আনি প্লেটত চকো চিপচ্ৰে ধুনীয়াকৈ সজাই দিলোঁ৷
লেচুৰ পুডিং
লেচু- ১২ টা
গাখীৰ- ৩য৪ কাপ
কৰ্ণ ফ্লৰ- ৩ চামুচ
ইলাচি গুৰি ১ চামুচ
চেনি- ৪ চামুচ (সোৱাদ অনুসৰি)
প্ৰথমে লেচু কেইটা বাকলি গুচাই গুটি উলিয়াই মিক্সিত মাৰি চেকনিৰে চেকি ৰস উলিয়াই ল’লো৷ এতিয়া গেছত এখন পেনত লেচুৰ ৰসখিনি দি অলপ গৰম হ’লে চেনিখিনি দি লৰাই থাকিলোঁ৷ চেনি গলি যোৱাত গাখীৰ দি অলপ সময় লৰাই থাকি কৰ্ণফ্লৰ ৩ চামুচ পানীত গুলি লৈ দি দিলো৷ গোটেই মিশ্ৰণখিনি ঘন হৈ অহাত ইলাচি গুৰি দি নমাই থলোঁ৷ অলপ ঠাণ্ডা হোৱাত কাছৰ বাটিত ঢালি ফইল পেপাৰেৰে ঢাকি ফ্ৰিজত ২ ঘণ্টাৰ বাবে থৈ দিলোঁ৷ ২ ঘণ্টা পিছত সজাই পৰিৱেশন কৰিলোঁ৷
[DISPLAY_ULTIMATE_SOCIAL_ICONS]